Home Essay কলগছ | Banana Tree Essay

কলগছ | Banana Tree Essay

0

কলগছ | Banana Tree Essay

কলগছ  Banana Tree Essay

কলগছ | Banana Tree

কলগছ | Banana Tree Essay

পৰিচয়: কল এবিধ ওখধি তৃণ জাতীয় গছ। পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে কলগছ উৎপন্ন হয়। কল এবিধ পুষ্টিকৰ ফল।

উৎপাদন: সাধাৰণতে গ্ৰীষ্মকালত কল গছ ৰোৱা হয়। কলগছৰ মূঢ়া  বা আলুৰ পৰা কলগছ হয়। কলগছ যিকোনো প্ৰকাৰৰ মাটিত হয় যদিও বালিচহীয়া মাটিত কলগছ ভাল হয়। কলগছ সাত ফুটৰ পৰা সোতৰ-ওঠৰ ফুট দীঘল হয়। কলগছ ৰোওঁতে ইয়াৰ গুৰিত ছাই  আৰু খলিহৈ প্ৰয়োগ কৰিব লাগে। ইয়াৰ গুৰিত গোবৰ দিব নালাগে। গোবৰে কলগছৰ গুৰিত নানান ৰোগ সংক্ৰমণ হোৱাত সহায় কৰে।

প্ৰকাৰ: কল নানা প্ৰজাতিৰ আছে, যেনে- মালভোগ, চেনিচম্পা, মনোহৰ, ভীম কল, আঠিয়া কল, জাহাজী কল ইত্যাদি।

উপকাৰিতা:কল এবিধ অতি পুষ্টিকৰ খাদ্য। কল পূজাৰ  উপচাৰ হিচাপেও ব্যৱহাৰ হয়। ইয়াৰ শিপাৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। কলগছৰ পাত গৰু-ম’হ, ভেড়া-ছাগলী আৰু হাতীৰ ভাল খাদ্য। শুকান কলগছ জুইত পুৰি খলখাৰ তৈয়াৰ কৰা হয়। ইয়াৰ পাত ভোজন  পাত্ৰ হিচাপেও  ব্যৱহাৰ কৰা হয়। বানপানী আসক্ত দেশত কলগছেৰে ভুৰ বনোৱা হয়।

সামৰণি: কল এবিধ সোৱাদযুক্ত ফল। অসমীয়া মানুহে গাখীৰ ভাতৰ লগত কল খাই ভাল পায়। এনে এবিধ ভাল ফল গছ আমাৰ সকলোৰে ঘৰত থকা উচিত। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ‘কলগছ | Banana Tree Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here