Home Comics কৌতুক-গ

কৌতুক-গ

0

কৌতুক-গ

কৌতুক-গ

কৌতুক-গ

কৌতুক-গ 

কৌতুক – ১

পতিঃ মোৰ বিয়াৰ আগত কেইবাজনী ছোৱালীৰ লগত সম্পৰ্ক আছিল। পাছত গম পালে তুমি বেয়া পাবা বুলি মই আগতেই কৈ থলোঁ।

ন-কইনাঃ মোৰো কেইবাজনো ল’ৰাৰ লগত হলি-গলি আছিল। গতিকে কোনো আপত্তি নাই। 0 0 0

কৌতুক – ২

এজন তিৰোতাই গাভৰু ছোৱালী এজনীক লগত লৈ ডেকা ডাক্তৰ এজনৰ চেম্বাৰত প্ৰৱেশ কৰিলে। ডাক্তৰজনে মিচিকিয়া হাঁহি মাৰি গাভৰুজনীক ক’লে ঃ এইফালে আহা, ইয়াতে শুই দিয়া আৰু কাপোৰ খুলি দিয়া।

তিৰোতাঃ মইহে বেমাৰ দেখুৱাবলৈ আহিছোঁ। 

ডাক্তৰঃ হয়, নেকি? তেন্তে ইয়াতে বহক আৰু জিভাখন উলিয়াই দিয়ক। 0 0 0

কৌতুক – ৩

দুজন পাগলৰ কথোপকথন–

প্ৰথম পাগলঃ ভাই, পৃথিৱীৰ মানুহবোৰ পাগল হ’ল, নহয়নে?

দ্বিতীয় পাগলঃ নিশ্চয়। সকলোৱেই পাগল হ’ল। আমিবোৰ পাগল নহ’লেই হ’ল আৰু! 0 0 0

কৌতুক – ৪

শিক্ষয়িত্ৰীঃ এজন ডাকোৱালে দিনত যদি ৫০ খনকৈ চিঠি বিলায়, তেন্তে এক সপ্তাহত কিমান চিঠি বিলাব?

ৰশ্মিঃ ৩০০ খন।

 শিক্ষকঃ ৰশ্মি, তুমি পূৰণ অংক নাজানে?

ৰশ্মি ঃ জানোঁ। কিন্তু  ৰবিবাৰ যে বন্ধৰ দিন সেয়া আপুনি পাহৰিলে নিশ্চয়। 0 0 0

কৌতুক – ৫

মদ খাই ৰাস্তাত পৰি থকা এজন মদাহীৰ মুখত কুকুৰে প্ৰসাব কৰি দিয়াত মদাহীয়ে নিজকে নিজে ক’বলৈ ধৰিলে, “কি দিনকাল পৰিল। মানুহবোৰো বেয়া হ’ল আৰু বৰষুণৰ পানীও গৰম হোৱা আৰম্ভ কৰিলে। 0 0 0

কৌতুক – ৬

তিনিজন ল’ৰাই নিজৰ নিজৰ দেউতাকৰ বিষয়ে প্ৰশংসা কৰি আছিল এনেদৰে–

প্ৰথম ল’ৰাঃ মোৰ দেউতা এজন ৰিক্সা ড্ৰাইভাৰ।

দ্বিতীয় ল’ৰাঃ মোৰ দেউতাক এজন মাৰুতি ড্ৰাইভাৰ।

তৃতীয় ল’ৰাঃ (ফিতাহি মাৰি) কি কোৱাহে তোমালোকে, মোৰ দেউতা এজন স্ক্রু-ড্ৰাইভাৰ। 0 0 0

কৌতুক – ৭

ভিক্ষাৰীঃ মহাজন মোক কেইটামান পইচা দিয়ক।

মহাজনঃ মোৰ লগত পইচা নাই।

ভিক্ষাৰীঃ তেনেহ’লে খাবলৈ কিবা দিয়ক।

মহাজনঃ খোৱা বস্তুও নাই।

ভিক্ষাৰীঃ তেন্তে মোৰ লগত আহক।

মহাজনঃ ক’লৈ?

ভিক্ষাৰীঃ ভিক্ষা মাগিবলৈ। 0 0 0

কৌতুক – ৮

এজনী নৱবিবাহিতা মহিলাই নিজৰ কাম-কাজৰ প্ৰশংসা কৰি বান্ধৱী এজনীক ক’লে ঃ আমি ঘৰত দুয়ো মিলিজুলি কাম কৰোঁ। আজি ৰাতিপুৱাৰ কথাই ধৰক। মই ক’লো চাহ খাম। তেওঁ বনাই আনিলে। মই খালো। আকৌ মই ক’লো ঃ কাপটো ধোৱা।  সি  ধুই থলে।  0 0 0

কৌতুক – ৯

পাৰ্কৰ পুখুৰী এটাত এজন মানুহ পৰি পানী খাই মৃত্যৰ সতে সংগ্ৰাম কৰি থকা সময়ত চকীদাৰে দেখা পাই খঙত চিঞৰি চিঞৰি ক’লেঃ এই, কোন? চাইনবোর্ড দেখা নাই জানো?  ইয়াত সাঁতুৰিবলৈ মানা আছে ।

মানুহজনঃ মই সাঁতোৰা নাই, ডুবি আছোহে।

চকীদাৰঃ অ’ হয় নেকি, অৱশ্যে ডুবি মৰাত কোনো বাধা নাই। 0 0 0

কৌতুক – ১০

এজন নৱবিবাহিত ব্যক্তি এজনে বৈবাহিক জীৱন সুখময় কৰিবলৈ ডক্টৰৰ শৰণাপন্ন হ’ল। ডাক্তৰে ক’লেঃ তুমি নিতৌ আধাঘন্টাকৈ খোজ কাঢ়িবা। এমাহ মান পিছত ফলাফল জনাবা।

এমাহ পিছত মানুহজনে ডক্টৰক ফোন কৰাত ডাক্তৰে সুধিলেঃ কিবা সুফল পালানে?

মইনো কেনেকৈ কম, ডাক্তৰ চাহাব ? আজি এমাহে  ঘৰৰ পৰা  খোজ কাঢ়ি প্ৰায় পাঁচশ কিলোমিটাৰ আঁতৰি আহিছোঁ। 0 0 0

কৌতুক-গ,কৌতুক-গ, কৌতুক-গ

বিঃদ্রুঃ  উক্ত কৌতকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here