কৌতুক-ঙ
কৌতুক-ঙ
কৌতুক-ঙ
কৌতুক – ১
এদিনাখন এখন কলেজৰ বুৰঞ্জীৰ অধ্যাপক আৰু গণিতৰ অধ্যাপকৰ মাজত কিবা বিষয় লৈ তৰ্ক লাগিল। তৰ্কত নিজৰ যুক্তি প্ৰদৰ্শন কৰি ওৰ নোপোৱাত বুৰঞ্জীৰ শিক্ষকজনে ক’লেঃ মই তোমাৰ লগত যুদ্ধ কৰিবলৈ মৰাঠা বীৰ শিৱাজীৰ সৈন্যদল লগাই দিম। কৌতুক-ঙ
তাকে শুনি গণিতৰ অধ্যাপকজনে ক’লেঃ মই তোমাৰ সৈন্যদলক কুটিল বন্ধনীৰ ভিতৰত বন্ধী কৰিম আৰু শূন্যৰ লগত হৰণ কৰি পূৰণ কৰিম। 0 0 0
কৌতুক – ২
পত্নীঃ (পতিৰ বন্ধুৰ ওচৰত পতিৰ আৰ্থিক অৱস্থাৰ অভিযোগ কৰি) চোৱা, তোমাৰ এই বন্ধুৰ ঘৰত একো নাই। টি. ভি. নাই, ফ্রিজ নাই, বাইক নাই ……….
বন্ধুঃ এইবোৰ নাথাকিলে কি হ’ল, তোমাৰ দৰে ধুনীয়া পত্নীতো আছে। 0 0 0
কৌতুক – ৩
পতিঃ (পত্নীক উদ্দেশি), শুনাচোন আজি মই চকু বিশেষজ্ঞ এজনৰ ওচৰলৈ যাবই লাগিব। চকুৰে দূৰৰ বস্তু মণিব নোৱাৰো।
পত্নীঃ কি কয়হে! মিছাতে কিয় টকা খৰচ কৰিব লাগে? মইতো সদায় তোমাৰ ওচৰতেই থাকো। দূৰৰ বস্তুবোৰলৈনো কিয় চাব লাগে? 0 0 0
কৌতুক – ৪
শিক্ষকঃ ৰাজু, তুমি তোমাৰ প্ৰিয় বন্ধুলৈ এখন চিঠি লিখি তলত এখন লেফাফাৰ ছবি অংকন কৰা।
ৰাজুয়ে কিছুসময় পিছত বহিটো জমা দিয়াত শিক্ষকে চাই ক’লেঃ তুমি দেখোন কেৱল লেফাফাৰ ছবিখনহে আঁকিলা। চিঠিখনতো নিলিখিলা যে?
ৰাজুঃ চিঠিখন লেফাফাখনৰ ভিতৰতে আছে, ছাৰ। 0 0 0
কৌতুক – ৫
টুৰিষ্টঃ ইমান বিপদজনক ঠাই। যিকোনো মূহুৰ্তত ইয়াৰ পৰা তললৈ পৰি মানুহৰ মৃত্যু হ’ব পাৰে।
গাইডঃ বহুদিনৰ পৰাই ইয়াত চাইনব’ৰ্ড আছিল। আজিলৈকে কোনো মানুহৰ মৃত্যু নোহোৱা বাবে আজি ৰাতিপুৱা সেইখন আঁতৰাই পেলাইছোঁ। 0 0 0
কৌতুক – ৬
মিন্টোঃ (বন্ধু তপনৰ হাতত নতুন ছাতি এখন দেখা পাই প্ৰশংসা কৰি) বা! তোমাৰ ছাতিটো বৰ ধুনীয়াহে! ক’ৰ পৰানো আনিলা?
তপনঃ ত্ৰিপাঠীৰ পৰা। কৌতুক-ঙ
মিন্টোঃ মই জনাত আমাৰ নগৰখনত ‘ত্ৰিপাঠী’ নামৰ কোনো ছাতিৰ দোকান নাই।
তপনঃ ত্ৰিপাঠী নামৰ হোটেলখনৰ পৰা। বাহিৰত পাই লৈ আহিলোঁ। 0 0 0
কৌতুক – ৭
ৰোগীৰ প্ৰতি ডক্টৰ: আপোনাৰ পেটত বহুত পানী জমা হৈছে।
ৰোগীঃ পানীতো মই নাখাওঁ বুলিবই পাৰি। হয়তো হুইস্কিত দিয়া বৰফৰ টুকুৰা কেইটাই এনে কৰিলে। 0 0 0
কৌতুক – ৮
পতিঃ এই ড্ৰাইভাৰজনক খেদিবই লাগিব। এতিয়ালৈকে সি তিনিবাৰ এক্সিডেন্ট কৰিছে। মই মৰাৰ পৰা কোনোমতেহে বাচিছোঁ।
পত্নীঃ প্লিজ তাক নেখেদিব। অন্ততঃ তাক আৰু এটা চান্স দিয়ক। 0 0 0
কৌতুক – ৯
ৰেষ্টুৰা এখনৰ মালিকে ৰান্ধনিশালৰ ভিতৰত সোমাই ৰান্ধনীজীনক ক’লেঃ দিয়াচোন একাপ চাহ। মই টেষ্ট কৰি চাওঁ।
ৰান্ধনীজনী ঃ কিন্তু ছাৰ….।
মালিকঃ কোনো কিন্তু নাই। (এই বুলি কৈ ওচৰতে থকা কাপটো হাতত লৈ শোহা মাৰিলে। প্ৰথম শোহাতেই মুখখন কোঁচাই আনি গৰ্জি উঠিল, “এইয়া চাহ নে হাত ধোৱা পানী?”
ৰান্ধনিজনীঃ ছাৰ, মই তাকেইতো ক’ব বিচাৰিছিলোঁ। 0 0 0
কৌতুক – ১০
শিক্ষকঃ ৰফি ক’ত ? সি আজি স্কুললৈ অহা নাই কিয়?
ৰাতুলঃ সি চিকিৎসালয়ত আছে ।
শিক্ষকঃ কিয়? কৌতুক-ঙ
ৰাতুলঃ যোৱাকালি আমি দুয়োজনে এক বাজি মাৰিছিলোঁ এইবুলি যে কোনে আগতে খিৰিকীৰে বেছি দূৰলৈ জপিয়াব পাৰে। মই সাৰিলো, কিন্তু সি বিজয়ী হ’ল। অৱশ্যে হাত-ভৰি ভাগিল। 0 0 0
কৌতুক-ঙ
বিঃদ্রুঃ উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: