Home Comics কৌতুক – চ 

কৌতুক – চ 

0

কৌতুক – চ

কৌতুক - চ 

 

কৌতুক – চ

কৌতুক – ১

কৰিমঃ মোৰ আজিলৈকে পত্নীৰ সৈতে কোনো কাজিয়া লগা নাই?

ৰহিমঃ হয় নেকি? ই কেনেকৈ সম্ভৱ?

কৰিমঃ তাই নিজৰ মতে চলে আৰু মই তাইৰ মতে চলোঁ। 0 0 0

কৌতুক – ২

শিশুঃ মা, মোক তুমিয়েই কথা ক’বলৈ শিকাইছিলা, নহয় জানোঁ ?

মাকঃ হয়, মোৰ বাহিৰেনো তোমাক আৰু কোনে শিকাব?

শিশুঃ তেন্তে তুমি মোক মনে মনে বহি থাকিবলৈ কোৱা কিয়, মা? 0 0 0

কৌতুক – ৩

বাপেক: (পুত্ৰক উদ্দেশ্যি) ডাঙৰ হৈ তুমি কি কৰিবা?

পুত্ৰঃ মই ডক্টৰ হ’ম।

বাপেক: ডক্টৰ  হৈ তুমি কি কৰিবা?

পুত্ৰঃ ৰোগীক এটা ভিজিটতে ভাল কৰি দিম।

বাপেক: তেনেহ’লে তুমি ডক্টৰ হ’ব নালাগে। আমিবোৰ নাখাই মৰিব লাগিব! 0 0 0

কৌতুক – ৪

ডক্টৰ: (মৃত্যুমূখী ৰোগীৰ প্ৰতি) ঠিক আছে। মই কাইলৈ আকৌ তোমাক ভালকৈ  চাম।

ৰোগীঃ আপুনিতো চাবই। পিছে, মই জানো আপোনাক চাবলৈ অহাকালিলৈ জীয়াই থাকিম?  0 0 0

কৌতুক – ৫

ৰাজেশঃ ছাৰ, সিদিনা আমাৰ বিউটিচিয়ান বাইদেৱে আপোনাৰ স্কুললৈ কিয়নো গৈছিল?

শিক্ষকঃ আমাৰ শিক্ষয়িত্ৰীসকলে এটা বেশ-ভূষাৰ পৰীক্ষা দি আছিল। 0 0 0

কৌতুক – ৬

“তুমি বৰ যধে-মধে টকা খৰচ কৰা। কাইলৈ মোৰ কিবা এটা হ’লে তুমি ভিক্ষা কৰি ফুৰিব লাগিব।” স্বামীয়ে পত্নীক উদ্দেশ্যি ক’লে।

“সেই লৈ কোনো টেনচন নাই। এতিমধ্যে মোৰ অভ্যাস হৈ গৈছে।” পত্নীয়ে লগে লগে উত্তৰ দিলে। 0 0 0

কৌতুক – ৭

এখন অফিচৰ কৰ্মচাৰীঃ (দুখ কৰি এজন বন্ধুৰ ওচৰত কৈ আছে)  শুনিছা বন্ধু, মোৰ একেবাৰে শান্তি নাই। অফিচত গোটেই দিন কেৱল কাম, কাম আৰু কাম। ইফালে ঘৰত পত্নীক লাগে কেৱল টকা, টকা আৰু টকা।

বন্ধুঃ  ইমান টকাৰে তোমাৰ পত্নীয়েনো কি কৰে?

কৰ্মচাৰীঃ নাজানোঁ। আজিলৈকে মই কিন্তু এটকাও দিয়া নাই। 0 0 0

কৌতুক – ৮

বিবাহ বিচ্ছেদৰ মোকৰ্দমাত গিৰীয়েকে অভিযোগ কৰিলেঃ জজ চাহাব, মই ল’ৰাৰ বাপেক হ’বলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু ঘৈনীয়েকে মোক ছোৱালীৰ বাপেকহে বনালে।

লগে লগে ঘৈনীয়েকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ক’লেঃ আপুনি মোৰ ওচৰত কৃতজ্ঞ থকা উচিত। আপোনাৰ ভৰসাত থাকিলে ছোৱালীজনীও নহ’লেহেঁতেন। 0 0 0

কৌতুক – ৯

ৰমেশে বন্ধু ৰাকেশক ক’লে, “শুনিছা ৰমেশ, কলিতাই দুৱাৰ বিয়া কৰাইছে আৰু দুয়োবাৰেই হেনো হতাশ হৈছে।

কাৰণটোনো কি?” ৰাকেশে সুধিলে।

“কাৰণ, প্ৰথমা পত্নী গুচি গ’ল। কিন্তু দ্বিতীয়জনী গুচি নগ’ল।” ৰমেশে ক’লে। 0 0 0

কৌতুক – ১০

ভূগোলৰ শিক্ষকঃ পৃথিৱীৰ অক্ষৰেখা এডাল কাল্পনিক ৰেখা। ইয়াত তোমালোকে কাপোৰ মেলি দিব নোৱাৰা।

ছাত্ৰঃ পাৰিম, ছাৰ। কাল্পনিক কাপোৰ মেলি দিব পাৰিম নিশ্চয়। 0 0 0

কৌতুক – চ

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here