Home Comics কৌতুক- ছ 

কৌতুক- ছ 

0

কৌতুক- ছ

কৌতুক- ছ 

কৌতুক- ছ 

কৌতুক- ছ 

কৌতুক – ১

প্ৰশ্নঃ অসম-বাংলাদেশ সীমান্ত আৰু তিৰোতাৰ মুখ- এই দুটাৰ মাজত কি আচৰিত মিল আছে।

উত্তৰঃ এটাকো বন্ধ কৰি ৰাখিব নোৱাৰি। 0 0 0

কৌতুক – ২

শল্য চিকিৎসক প্ৰেমিকৰ প্ৰতি প্ৰেমিকাঃ মোৰ কথা যদি বিশ্বাস নকৰা মোৰ হৃদয়খন ফালি চাব পাৰা। তাতো তোমাৰ ছবিয়েই দেখা পাবা।

ডক্টৰ প্ৰেমিকঃ দুখিতঃ মই আজিকালি ‘অপেন হাৰ্ট চাৰ্জাৰি’ কৰিবলৈ এৰিছোঁ। 0 0 0

কৌতুক – ৩

চিনেমাৰ ডিৰেক্টৰঃ (অভিনেতাৰ প্ৰতি) তুমি দহ মহলাৰ পৰা জপিয়াব লাগিব।

অভিনেতাঃ ভয় লাগে ছাৰ, যদি মৰি যাওঁ!

চিনেমাৰ ডিৰেক্টৰঃ কেনো চিন্তা নাই। আমাৰ ভাৰতবৰ্ষত অভিনেতাৰ অভাৱ নাই। 0 0 0

কৌতুক – ৪

কলিতাৰ ঘৈনীয়েকে শাৰী কিনাৰ বাবে ঠেহ পাতি থকাত কলিতাই ক’লে, “আমাৰ আলনাটো দেখোন তোমাৰ শাৰীৰেই ভৰ্তি হৈ আছে। আকৌ কিয় শাৰী লাগে?”

কলিতানীয়ে প্রত্যুত্তৰ কৰি ক’লে, “সেই আটাইবোৰই আমাৰ কলনিটোৰ সকলোৱে দেখিছে।”

“তেনেহ’লে আমি ঘৰটোকে সলাও।” কলিতাই উত্তৰ দিলে।” 0 0 0

কৌতুক – ৫

অকনে সুধিলেঃ মা, তুমি কি বিচাৰি আছা?”

মাকে ক’লেঃ নাই, একো নহয়।

নিশ্চয় তুমি কিবা বিচাৰি আছা। সেইটো পাই যাবা। যদিয়ে চকলেটৰ পেকেটটো ক’ত থৈছা সেয়া মোক জনোৱা। 0 0 0

কৌতুক – ৬

কলিতানীঃ (বৰুৱানীক উদ্দেশ্যি) শুনিছো আপোনাৰ ল’ৰাজনৰ নাম সন্তোষ ৰাখিলে।

বৰুৱানীঃ হয়। কিয় বা সুধিলে?

কলিতানীঃ মোৰো এটা ল’ৰাৰ নাম সন্তোষ।  আপোনাৰটো কেই নম্বৰ ?

বৰুৱানীঃ তেৰ নম্বৰ।

কলিতাঃ মোৰটো আঠ নম্বৰ। 0 0 0

কৌতুক – ৭

শইকীয়ানীয়ে সিদিনা দুয়োজন ল’ৰাক লগত লৈ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। বান্ধৱীয়ে সৰু ল’ৰাটো দেখা পাই ক’লে, “ ই একেবাৰে বাপেকৰ চকু কেইটা পালে।”

শইকীয়ানীয়ে ক’লে, “নাকটো কিন্তু খুৰায়েকৰটোহে পালে।”

ওচৰতে থকা ডাঙৰ ল’ৰাজনে ক’লে, “সি পিন্ধি থকা জোতাযোৰ কিন্তু মোৰ পৰাহে ধাৰ কৰিলে।” 0 0 0

কৌতুক – ৮

অফিচৰ মুৰববীঃ (এজন কৰ্মচাৰীৰ প্ৰতি) মই ভাবো, তোমাৰ বিয়া কৰোৱাৰ বয়স হৈছে। তুমি সোনকালে বিয়া পাতি লোৱা।

কৰ্মচাৰীঃ কিয়? মই নমিতা বাইদেউৰ লগত হাঁহি-মাতি থকাটো পছন্দ নকৰে নেকি, ছাৰ? 0 0 0

কৌতুক – ৯

শিক্ষকঃ (শ্ৰেণীত নতুনকৈ অহা এজন ছাত্ৰৰ প্ৰতি) কোৱাচোন ল’ৰা — তোমাৰ নাম কি?

ছাত্ৰঃ মোৰ নাম মাখন লাল চৰকাৰ।

শিক্ষকঃ ‘মোৰ নাম মাখন লাল চৰকাৰ’ বাক্যটো ইংৰাজীলৈ অনুবাদ কৰাচোন।

ছাত্ৰঃ মাই নেম ইজ বাটাৰ ৰেড গৱৰ্ণন্টমেন্ট, ছাৰ।  0 0 0

কৌতুক – ১০

এহাল প্ৰেমিক-প্ৰেমিকা নলবাৰীৰ  ‘মিষ্টান্ন হোটেল’ত বহি আছে। প্ৰেমিকে বহু সময় বাহিৰলৈ চাই থকা দেখি প্ৰেমিকাই ক’লে, ‘কিবা এটাৰ অৰ্ডাৰ দিয়া। এনেকৈ বহি থাকিম নে?’

প্ৰেমিক: তোমাৰ যি খোৱাৰ ইচ্ছা হয় সেয়া অৰ্ডাৰ দিয়া। মই এম্বোলেন্সৰহে অৰ্ডাৰ দিব লাগিব যেনহে পাইছোঁ।

প্ৰেমিকা: কিয়?

প্ৰেমিকঃ তোমাৰ গুণ্ডা দাদাই আমাৰ পিনেই চাই আছে, চোৱা! 0 0 0

কৌতুক- ছ

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here