Home Comics কৌতুক-ট

কৌতুক-ট

0

কৌতুক-ট

কৌতুক-ট

 

কৌতুক-ট

কৌতুক-ট 

কৌতুক – ১

ৰোগীঃ ডক্টৰ চাহাব, মোৰ পেটটোৱে সাংঘাতিক গণ্ডগোল কৰি আছে। ভাপ ইঞ্জিনৰ দৰে।

ডক্টৰঃ (পৰীক্ষা কৰি) মই দেখোন একো শুনা নাই।

ৰোগীঃ সম্ভৱতঃ ৰেলখন আজি পলমকৈ আহিব। 0 0 0

কৌতুক – ২

বিদূষকলৈ ৰিজুমণিৰ প্ৰশ্নঃ বিদূষক ডাঙৰীয়া, সকলো প্ৰকাৰৰ ৰোগৰ হস্পিটাল আছে। কিন্তু প্ৰেম ৰোগৰ হস্পিটাল নাই কিয়?

বিদূষকঃ এইটো প্ৰকৃততে ৰোগ নহয়। ই ৰোগৰ প্ৰাথমিক লক্ষণহে। 0 0 0

কৌতুক – ৩

ৰণী দেউতাকৰ লগত দৌৰ প্ৰতিযোগিতা চাই আছিল। প্ৰতিযোগীসকলে দৌৰি থকা দেখা পাই ৰণীয়ে দেউতাক সুধিলে, “দেউতা, সিহঁত আটায়ে কিয় দৌৰি আছে?”

কাৰণ সিহঁতৰ ভিতৰত যিজনে প্ৰতিযোগিতাত বিজয়ী হ’ব সেইজনে ট্ৰফীটো লাভ কৰিব।” দেউতাকে ক’লে।

“বিজয়ী নোহোৱা সকলে কি পাব?” ৰণীয়ে সুধিলে।

“একো নাপায়।” 

“তেন্তে বাকীসকলে কিয় দৌৰিছে, দেউতা?” 0 0 0

কৌতুক – ৪

মাজৰাতি হঠাৎ দেৱকান্ত টোপনিৰ পৰা সাৰ পাই চিঞৰি চিঞৰি ঘৈনীয়েকক ক’লে,  ‘বৰ বেয়া সপোন এটি দেখিলো।’

ঘৈনীয়েকঃ কি বেয়া সপোন ?

দেৱকান্তঃ সপোনত দেখিলোঁ যে তুমি ঢুকাইছা আৰু মই নতুন এজনী বিয়া কৰাই আনিছোঁ।

ঘৈনীয়েকঃ ছিঃ ছিঃ মই মৰাৰ লগেই লগেই তুমি বিয়া কৰালা? 0 0 0

কৌতুক – ৫

অনুপে বৰ বেছি বেগত গাড়ী চলায়। এবাৰ সি শ্বিলংলৈ যোৱাৰ সময়ত দেউতাকক সেৱা কৰি আৰ্শীবাদ বিচৰাত দেউতাকে ক’লে,  “মনত ৰাখিবি বোপা, মোৰ আশীৰ্বাদৰ গতিবেগ ঘন্টাত সর্বোচ্চ চল্লিশ কিলোমিটাৰহে। 0 0 0

কৌতুক – ৬

ৰমজানঃ (বন্ধু হামিদক উদ্দেশ্যি) তুমি কিয় বয়সীয়াল লোকসকলক তোমাৰ জন্মদিনলৈ নিমন্ত্ৰণ কৰিছা? তোমাৰ সমবয়সীয়া বন্ধু-বান্ধৱীকহে নিমন্ত্ৰণ কৰিব লাগে।

হামিদঃ মোৰ সমবয়সীয়া সকলো বন্ধু-বান্ধীয়েই বেকাৰ। সেয়ে টকা-পইচা থকা বয়সীয়ালসকলকহে নিমন্ত্ৰণ কৰিলোঁ যাতে সিহঁতে কিছু উপহাৰ আনিব পাৰে। 0 0 0

কৌতুক – ৭

বিবাহৰ উপযুক্ত ডেকা ল’ৰা এজনে সিহঁতৰ গাওঁৰে এজনী ছোৱালী পছন্দ কৰি দেউতাকক কথাটো জনোৱাত দেউতাকে খং কৰি ক’লে, “নহয়, তুমি সেইজনী বিয়া কৰাব নোৱাৰা। সি তোমাৰ ভনীহে হ’ব।”

এনেদৰে কেইবাবাৰো ছোৱালীৰ প্ৰস্তাৱ অনাত বাপেকে আটাইবোৰ ছোৱালী তেওঁৰ ভনীয়েক হ’ব বুলি কোৱাত পুতেকে কথাটো মাকক জনালে। মাকে ল’ৰাৰ কথা ভালদৰে শুনি ক’লে, “তই সেইকেইজনী ছোৱালীৰ ভিতৰত যিকোনো এজনীকে বিয়া কৰাব পাৰ। কাৰণ তই দেউতাৰৰ ল’ৰাই নহয়।” 0 0 0

কৌতুক – ৮

মকিবঃ (প্ৰেয়সী মাধবীক উদ্দেশ্যি ) কিমান দিন যে তোমাক বিয়াৰ প্ৰস্তাৱ দিলোঁ। প্লিজ, মান্তি হৈ যোৱানা।

মাধবীঃ মোৰ মাত্ৰ এটা চৰ্ত আছে– দুটাৰ ওপৰত তুমি কিন্তু ল’ৰা-ছোৱালী বিচাৰিব নোৱাৰিবা।

মকিবঃ তাকে কোৱা নাই কিয় ইমান দিনে ? মোৰতো ল’ৰা-ছোৱালী দুটাই। 0 0 0

কৌতুক – ৯

ডক্টৰঃ (বহু সময় ৰোগীক পৰীক্ষা কৰি) আপুনি ড্ৰিংক কৰেনে?

ৰোগীঃ এয়া প্ৰশ্ন নে আমন্ত্ৰণ? 0 0 0

কৌতুক – ১০

হাজৰিকাই তেওঁৰ জন্মদিনৰ পাৰ্টিৰ বাবে বহুত বন্ধুক নিমন্ত্ৰণ জনাইছিল। নিমন্ত্ৰণলৈ নহা কেইজনমানৰ ভিতৰত ভি পি বৰুৱাও আছিল। পাৰ্টিৰ দুদিনৰ পিছত বৰুৱাক বাটত লগ পাই সুধিলে, “কিহে বৰুৱা, আপুনি পাৰ্টিলৈ নাহিল দেখোন। আমি খুব স্ফূর্তি কৰিলোঁ।”

বৰুৱাই উত্তৰ দিলে, “মই আকৌ যোৱাকালিহে স্ফূর্তি কৰিলোঁ। আপোনাৰ তাত পাৰ্টি খাই অসুস্থ হোৱাত কালি কেইজনমান  বন্ধু মোৰ ঘৰলৈ আহিছিল।” 0 0 0

কৌতুক-ট

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here