Home Comics কৌতুক-ঢ

কৌতুক-ঢ

0

কৌতুক-ঢ

কৌতুক-ঢ

 

কৌতুক-ঢ

কৌতুক-ঢ

কৌতুক – ১

বৰাঃ আপোনাৰ পদূলিমুখত এজন মানুহ মৰি আছে।

দাসঃ মানুহজন বৰ ওখ নেকি?

বৰাঃ হয়, ওখ।

দাসঃ কলা কোট পিন্ধি আছে নেকি?

বৰাঃ হয়। 

দাসঃ বগা পেন্ট পিন্ধি আছে নেকি? 

ৰাঃ নহয়।

দাসঃ ৰক্ষা! তেনেহ’লে মই নহয়। নিশ্চয় আন কোনোবা  এজন হ’ব। 0 0 0

কৌতুক – ২

ককায়েকঃ (ছয় বছৰীয়া সৰু ভাইটিক উদ্দেশ্যি) তুমি ঢোলটো লৈ বাহিৰলৈ যোৱা। দেউতাই বাতৰি কাকতখন পঢ়িব পৰা নাই।

ভাইটিঃ কি যে লাজৰ কথা! এই ইমান সৰু হৈয়ো পঢ়িব পাৰোঁ আৰু দেউতাই ইমান ডাঙৰ হৈয়ো পঢ়িব নোৱাৰে! 0 0 0

কৌতুক – ৩

কাৰাগাৰৰ অধীক্ষকঃ এই কাৰাগাৰৰ পঁচিশ বছৰ পূৰ্ণ হোৱাৰ বাবে জেলৰ কয়েদীসকলৰ মাজত অহাকালিৰ পৰা খেল-ধেমালিৰ প্ৰতিযোগিতা পতা হ’ব। (বন্ধীসকলক উদ্দেশ্যি) তোমালোকে কি খেল খেলিব খোজা?

কয়েদীসকলঃ (সমস্বৰে) মাৰাথন দৌৰ, ছাৰ। 0 0 0

কৌতুক – ৪

নতুনকৈ বিয়া কৰোৱা বন্ধুৰ প্ৰতি প্ৰাঞ্জলে ক’লে “তোমাৰ পত্নীয়ে ইমান ধুনীয়া ধুনীয়া কথা ক’ব জানে যে গোটেই ৰাতি শুনি থাকিবৰ মন যায়।”

“সেই দায়িত্ব এতিয়া মোৰ ওপৰতে এৰি দিয়া। তোমাৰ কষ্ট কৰিব নালাগে।” প্ৰাঞ্জলে ক’লে। 0 0 0

কৌতুক – ৫

শিক্ষকঃ (ৰাজুক উদ্দেশ্যি) কোৱাচোন তোমাৰ অহাত কিয় পলম হ’ল ?

ৰাজুঃ ছাৰ, মোৰ মা-দেউতাই কাজিয়া কৰি আছিল।

শিক্ষকঃ তুমি তাকে চাই আছিলা হ’বলা?

ৰাজুঃ নহয় ছাৰ, মই স্কুললৈ পিন্ধি অহা জোতাজোৰৰ এপাত দেউতাৰ হাতত আৰু আনপাত মাৰ হাতত আছিল। সেয়ে পলম হ’ল, ছাৰ। 0 0 0

কৌতুক – ৬

এজন সাহিত্যিকৰ গুণমুগ্ধ পাঠকে সাহিত্যিকজনৰ পত্নীলৈ চাই ক’লেঃ সঁচাই আপোনাৰ পত্নীক এই যোৰ পোছাকত ধুনীয়া দেখাইছে। এনে লাগিছে যেন এটি সুন্দৰ কবিতাহে।

সাহিত্যিকজনে উত্তৰ দিলেঃ তুমি ভুল বুজিছা। কবিতা নহয়। এইযোৰ সাজ কিনিবলৈ মোৰ এখন উপন্যাস, এখন গল্পৰ পুথি আৰু এখন শোকজনক নৃত্য নাটিকা লিখিব লগা হৈছিল। 0 0 0

কৌতুক – ৭

দুজন বন্ধুৰ মাজত নাৰী সম্বন্ধে আলোচনাৰ মাজত প্ৰথম বন্ধুয়ে সুধিলে, “কোৱাচোন বন্ধু, নাৰী আৰু পুৰুষৰ প্ৰকৃতিৰ মাজত পাৰ্থক্য কি?”

দ্বিতীয় বন্ধুৱে উউত্তৰত ক’লেঃ পুৰুষে এটা কথা দুয়োখন কাণেদি শুনি এখন কাণেদি বাহিৰ কৰি দিয়ে। কিন্তু নাৰীয়ে দুয়োখন কাণেদি শুনি মুখেদি বাহিৰ কৰি দিয়ে। 0 0 0

কৌতুক – ৮

দশম শ্ৰেণীত পঢ়ি থকা ছোৱালীয়ে  স্কুলৰ পৰা আহি মাকক ক’লেঃ সেই ল’ৰাটোৰ  ইমান সাহস যে সি মোক চুমা খায়!

মাকঃ গালি নাপাৰিলি কিয়?

ছোৱালীঃ কিয় গালি পাৰিম মা? সি দেখোন মোকো খাবলৈ দিয়ে। 0 0 0

কৌতুক – ৯

গিৰীয়েক আৰু ঘৈণীয়েকৰ মাজত কাথোপকথন–

ঘৈণীয়েকঃ মই যদি হঠাৎ মৰি যাওঁ?

গিৰীয়েকঃ তেনেহ’লে মই পাগল হৈ যাম।

ঘৈণীয়েকঃ তুমি দ্বিতীয়বাৰ বিবাহ নকৰাতো?

গিৰিয়েকঃ কৰিবওতো পাৰোঁ। ছাগলীয়ে নাখায় কি, পাগলে নকৰে কি? 0 0 0

কৌতুক – ১০

দুজন মদপীৰ মাজত কথোপকথন।

প্ৰথম মদপীঃ (দ্বিতীয়জনক উদ্দেশ্যি) বন্ধু, তোমাৰ দৰে ভাল বন্ধু মোৰ আৰু দ্বিতীয় এজন নাই। তোমাৰ বাবে মই জান দিব পাৰোঁ।

দ্বিতীয় মদপীঃ বাৰু ভাল কথা, জান পিছত দিবি। এতিয়া মোক তোৰ বটলৰ পৰা এপেগ মদ দে চোন।

প্ৰথম মদপীঃ নাই, নহ’ব। মই তোৰ কাৰণে জানহে দিম, মদ দিব নোৱাৰোঁ।  0 0 0

কৌতুক-ঢ

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here