Home Comics কৌতুক-ণ

কৌতুক-ণ

0

কৌতুক-ণ

কৌতুক-ণ

 

কৌতুক-ণ

কৌতুক-ণ 

কৌতুক – ১

নিশা এজন মদাহীয়ে থানালৈ ফোন কৰি ক’লে, “হেল্ল’ পুলিচ ষ্টেচন, মই খানাপাৰাৰ পৰা কৈছোঁ। মোৰ গাড়ীৰ ষ্টেয়াৰিং, গীয়েৰ, ব্রেক আদি সকলো চুৰি হৈ গৈছে।”

ৰিপোর্ট  লোৱাৰ বাবে থানাৰ পৰা সোনকালে কেইজনমান পুলিচ  গৈ তাত উপস্থিত হ’ল। লগে লগে মানুহজন গাড়ীৰ ভিতৰৰ পৰা ওলাই আহি পুলিচক ক’লেঃ দুঃখিত ছাৰ, মোৰ ভুল হৈছিল। মই গাড়ীখনৰ পিছৰ ছিটতহে বহি আছিলোঁ।  0 0 0

কৌতুক – ২

এজন ডেকা মন্ত্ৰী জে কে নাৰ্চিং হোমৰ বাৰাণ্ডাত বহি উচ্‌পিচাই আছে। অফিচত বহু কাম পৰি আছে। পত্নী ডেলিভাৰী কেচত আছে। উদ্বিগ্ন মন লৈ বহুত সময় বহি থাকি অৱশেষত লগত থকা ব্রীফকেচৰ পৰা মানুহে তেওঁলৈ পঠোৱা দৰ্খাস্তবোৰ উলিয়াই পঢ়িবলৈ ল’লে। কেইখনমানত চহী কৰিলে। এনেতে নাৰ্চজনী আহি ক’লে, “এজন ল’ৰা, ছাৰ।”

“ল’ৰা? ভাল কথা। সুধাচোন, দৰ্খাস্ত কেতিয়া দিছিল?” মন্ত্ৰীজনে ক’লে।   0 0 0

কৌতুক – ৩

এজন ভদ্ৰলোক যেতিয়া ঘৰলৈ আহিল, তেওঁক জনোৱা হ’ল যে তেওঁৰ পত্নীৰ দুজনী যঁজা ছোৱালীৰ জন্ম হৈছে।

পতিয়ে  উশাহ এৰি হাত দুখন ওপৰলৈ তুলি ক’লেঃ ধন্যবাদ ঈশ্বৰ। ঠিক দুটা বজাত ঘৰলৈ আহি দুজনী ছোৱালী জন্ম হোৱাৰ বাতৰি পালোঁ। ভালেই হ’ল যে মই বাৰ বজাত ঘৰলৈ অহা নাছিলোঁ। 0 0 0

কৌতুক – ৪

এজন সৰু ল’ৰাই টেবিলৰ ওপৰত বিস্কুটৰ পেকেট এটা পালে। পেকেটটোৰ ওপৰত লিখা আছে, “পেকেটটোৰ মুখখন খুলিলে জন্তুয়ে খোৱাৰ অনুপযোগী হ’ব।”

ল’ৰাজনে লগে লগে পেকেটটোৰ মুখখন খুলি পেলালে। এনেতে মাক আহি উপস্থিত হৈ  (খং কৰি) ক’লে, “বিস্কুটৰ পেকেটটোৰ মুখখন কিয় খুলিলা?”

ল’ৰাজনে ক’লে, “পেকেটটোৰ মুখখন এই কাৰণেই খুলিলোঁ যে ইয়াৰ মুখখন খোলাৰ লগে লগে জন্তুয়ে খোৱা অনুপযোগী হ’ব। গতিকে মুখখন খুলি থলো যাতে মানুহে খাব পাৰে।  0 0 0

কৌতুক – ৫

কনকঃ কোৱাচোন ৰমেন, আমি কেনেকৈ দেশৰ পৰা দূৰ্ণীতি দূৰ কৰিব পাৰি?

ৰমনেঃ দূৰ্ণীতি দূৰ কৰা একেবাৰে সহজ। দূৰ্ণীতিক আইনমতে বৈধ ঘোষণা কৰিলেই হ’ল আৰু । 0 0 0

কৌতুক – ৬

ৰৌশনাৰাঃ (নয়নীক উদ্দেশ্যি) কোৱাচোন তোমাৰ জন্ম স্থান আৰু জন্মৰ সময় কি আছিল? 

নয়নীঃ আইয়ে কোৱা মতেমোৰ জন্মৰ তাৰিখত, হস্পিটালত মোৰ জন্ম হৈছিল। 0 0 0

কৌতুক – ৭

চাউণ্ড প্র’ফ  ৰূম এটিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত মালিকজনে পৰীক্ষা কৰিবলৈ ৰূমটোলৈ সোমাই হৈ মিস্ত্ৰিজনক উদ্দেশ্যি ক’লে, “মিস্ত্ৰী,  মই কি কৈ আছোঁ তুমি শুনিছানে ?”

“নাই শুনা, ছাৰ।” মিস্ত্ৰীজনে উত্তৰ দিলে।

“তেন্তে ঠিকেই আছে।” মালিকে সস্তুষ্টচিত্তে ক’লে। 0 0 0

কৌতুক – ৮

যদু আৰু মধু সহপাঠী। সিহঁতে এদিন চিৰিয়াখানা চাবলৈ গ’ল। সিহঁতে সিংহ, বাঘ, হাতী আদি দেখিলে। হঠাতে যদুয়ে ক’লে, “মোৰ দেউতা সিংহৰ দৰে সাহসী, বাঘৰ দৰে শক্তিশালী আৰু গড়ৰ দৰে শান্ত।”

“তেন্তে তোমাৰ দেউতাক চাবলৈ কিমান টকাৰ টিকট লাগিব?” মধুয়ে সুধিলে। 0 0 0

কৌতুক – ৯

মাকঃ (ল’ৰাক উদ্দেশ্যি) তুমি আকৌ মাৰ-পিট কৰিবলৈ লৈছা নেকি? ইতিমধ্যে দাঁত দুটা হেৰুৱালা ।

ল’ৰাঃ (পকেটত হাত দি) নহয় মা, দাঁত দুটা মোৰ পকেটতেই আছে। 0 0 0

কৌতুক – ১০

এজন ছাত্ৰৰ বাৰ্ষিক ৰিপোর্ট ত শিক্ষকে লিখিলে, “ ল’ৰাজন পঢ়াত ভাল, খেলা-ধূলাতো ভাল। তেওঁৰ একমাত্ৰ দোষটো হ’ল সি ছোৱালীৰ লগত হলি-গলি কৰি ভাল পায়। আমি সংশোধনৰ চেষ্টা কৰি আছোঁ।”

ল’ৰাৰ মাকে উত্তৰত লিখি পঠালে, “ আপোনাক ধন্যবাদ। ল’ৰাজনৰ সংশোধনৰ কিবা এটা উপায় বিচাৰি পালে মোকো জনাব। পদ্ধতিটো তাৰ দেউতাকৰ ওপৰতো প্ৰয়োগ কৰিব লাগিব।  0 0 0

কৌতুক-ণ

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here