Home Comics কৌতুক-ত

কৌতুক-ত

0

কৌতুক-ত

কৌতুক-ত

 

কৌতুক-ত

কৌতুক-ত

কৌতুক – ১

চাহাৰা মৰুভূমিৰ এটি তেল শোধানাগৰৰ মালিকে পানীৰ ৰেচন বৰ কমকৈ দিয়া বাবে কৰ্মচাৰীসকলে অভিযোগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰা সময়ত মালিকজনে জাঙুৰ খাই উঠি ক’লে, “সিহঁতক পানীয়েও নাটে ।”

মালিকজনৰ সহকাৰীজনে ক’লে, “চাৰ, এইবাৰ ঘটনাটো সঁচাই যেনহে লাগিছে। চাওঁক খামৰ ওপৰত সিহঁতে  টিকটটোও আলপিন মাৰিহে লগাই দিছে।” 0 0 0

কৌতুক – ২

ডক্টৰ (বৃদ্ধ ৰোগীলৈ চাই): মই আপোনাক এনে ঔষধ দিম যে আপুনি সোনকালেই ডেকা হৈ যাব।

ৰোগীঃ নাই, নাই, তেনে ঔষধ নিদিব, মোৰ পেঞ্চন বন্ধ হৈ যাব। 0 0 0

কৌতুক – ৩

ৰাতুল আৰু ৰিতুল দুয়ো বন্ধু। সিহঁতে বাটেৰে গৈ আছে আৰু ইজনে সিজনক প্ৰশ্ন কৰি আছেঃ

ৰাতুলঃ কোৱাচোন বন্ধু, আমাৰ তৰুন গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত — এই দুয়োজনৰ মাজত পাৰ্থক্য কি?

ৰিতুলঃ বিশেষ কোনো পাৰ্থক্য নাই। এজনৰ দাঢ়ি  আছে, আন জনৰ নাই। 0 0 0

কৌতুক – ৪

শিক্ষয়িত্ৰীঃ (এজন ছাত্ৰৰ প্ৰতি) বিশ্বৰ এটি আচৰিত বস্তুৰ নাম কোৱাচোন।

ছাত্ৰঃ বগা গাখীৰ দিয়া ক’লা বৰণৰ গাই, বাইদেউ।  0 0 0

কৌতুক – ৫

ছামিমাঃ মা, মই গা ধোম। 

মাকঃ নহয়, তুমি গা ধুব নোৱাৰা, ঠাণ্ডা লাগিব।

ছামিমাঃ কিয় ? মই চুয়েটাৰ পিন্ধিহে গা ধুম, মা। 0 0 0

কৌতুক – ৬

পত্নীঃ (নতুনকৈ জন্ম হোৱা কেঁচুৱাটোলৈ চাই) পতিক ক’লে, “আমাৰ শিশুটোৰ কিবা এটা নাম থওঁক।

পতিঃ ৰিংকু, পিংকু, ডিংকু আদি কিবা এটা থলেই হ’ল।

পত্নীঃ তেনেকুৱা নাম নহ’ব। এনেকুৱা নাম ৰাখিব লাগিব যি সমগ্ৰ বিশ্বৰ মানুহে জানে।

পতিঃ তেন্তে ‘মোডী লাডেন’ নামেৰে  মাতিলে কেনে হ’ব? 0 0 0

কৌতুক – ৭

তৰুণ কুমাৰঃ প্ৰিয় ধন্বন্তৰি। আশা কৰিছোঁ আপুনি মোৰ নিম্ন লিখিত প্ৰশ্নটোৰ উত্তৰ দিব–

“মহাত্মা গান্ধীয়ে কৈছিলঃ মোক যদি ষাঠি মিনিটৰ কাৰণে হ’লেও দেশৰ একনায়কত্বৰ শাসনভাৰ দিয়া হয়, তেন্তে মোৰ প্ৰথম আৰু প্ৰধান কাম হ’ব দেশৰ পৰা মদৰ দোকানবোৰ বন্ধ কৰা।”

এতিয়া মোৰ প্ৰশ্নঃ আপোনাক যদি তেনেদৰে একনায়কত্ব দিয়া হয়, তেন্তে আপুনি কি কৰিব?

ধন্বন্তৰিঃ ষাঠি মিনিটৰ পৰা কেনেদৰে ষাঠি বছৰ ৰাজত্বত থাকিব পাৰো তাৰ ব্যৱস্থা কৰিম। 0 0 0

কৌতুক – ৮

এজন গ্ৰাহকঃ (গোৱালক উদ্দেশ্যি) ঐ, তোৰ গাইজনীয়ে তিনিলিটাৰ গাখীৰ দিয়ে। তই ছয় লিটাৰ কেনেকৈ বিক্ৰী কৰ?

গোৱালঃ বাকীখিনি মিউনিচিপলিটিৰ দমকলে দিয়ে, দেউতা। 0 0 0

কৌতুক – ৯

মাকঃ (সৰু ছোৱালীজনীক উদ্দেশ্যি) তুমি পৰুৱাৰ পিছে পিছে কিয় লৰি আছা?

ছোৱালীঃ তুমি মোৰ চকলেটেবাৰ ক’ত লুকাই ৰাখিছা তাক জানিবৰ বাবে। 0 0 0

কৌতুক – ১০

পত্নীঃ (পতিক উদ্দেশ্যি) মই তোমাক কিয় বিয়া কৰালো জানা? তোমাৰ ওপৰত মোৰ দয়া উপজিছিল সেয়ে।

পতিঃ এতিয়া মোৰ ওপৰত তোমাৰ বাহিৰে সকলোৱেই  দয়া দেখুৱাইছে। 0 0 0

কৌতুক-ত

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here