কৌতুক-থ
কৌতুক-থ
কৌতুক-থ
কৌতুক – ১
প্ৰথম ব্যক্তিঃ (এটি কুঁৱাৰ ওচৰত থিয় দি) মাতি আছে, ”তিনি, তিনি, তিনি ………….।”
দ্বিতীয় ব্যক্তিঃ হেৰি, কি হৈছে?
প্ৰথম ব্যক্তিঃ ওচৰলৈ আহিলেহে গম পাব।
দ্বিতয় ব্যক্তিজন ওচৰ চাপি যোৱাৰ লগে লগে প্ৰথম ব্যক্তিজনে তেওঁক গতা মাৰি কুঁৱাত পেলাই দি ক’বলৈ ধৰিলেঃ চাৰি, চাৰি, চাৰি ……….। 0 0 0
কৌতুক – ২
পান দোকান এখনত প্ৰায়েই দিনৰ দিনটো এজন যুৱকক বহি বহি আড্ডা মাৰি থকা দেখা পাই বয়সীয়াল দোকানীজনে ক’লেঃ বোপা, তুমি যে সদায় এনকৈ সময় নষ্ট কৰা, কিবা এটা কাম কৰি দু-এ পইচা ঘটাৰ চিন্তা নকৰা কিয়?
যুৱকঃ কিয়?
দোকানীঃ বিয়া ক’ৰাবলৈ।
যুৱকঃ বিয়া কৰোৱা হৈ গৈছে।
দোকানীঃ বিয়া যে কৰিলা তোমাৰ একো ইনকাম নায়েই চোন।
যুৱকঃ মুখ্যমন্ত্ৰীৰ কন্যাদান যোজনাৰ অধীনত মোৰ বিয়া হৈছে।
দোকানীঃ ভাল কথা। তেন্তে ল’ৰা-ছোৱালীৰ কাৰণে টকা ঘটাৰ চিন্তা কৰা।
যুৱকঃ জননী সুৰক্ষাৰ অধীনত ছোৱালী এজনীৰ জন্ম হ’ল আৰু লগতে জন্মৰ আগত ৫০০ টকা আৰু জন্মৰ পিছৰ ১০,০০০ টকাৰ চেক এখন পাইছোঁ।
দোকানীঃ তেন্তে ল’ৰা-ছোৱালী পঢ়াৰ কাৰণে টকা ঘটাৰ চেষ্টা কৰা।
যুৱকঃ ল’ৰা-ছোৱালীৰ স্কুলৰ ইউনিফৰ্ম, কিতাপ-পত্ৰ, দুপৰীয়াৰ আহাৰ আদি সকলো চৰকাৰে ফ্রি দিয়ে দেখোন।
দোকানীঃ তুমিনো ঘৰ কেনেকৈ চলোৱা?
যুৱকঃ তিনি টকা দৰৰ চাউল পাওঁ চৰকাৰৰ পৰা।
দোকানীঃ তেন্তে মা-দেউতাক তীৰ্থলৈ পঠোৱাৰ বাবে টকা উপাৰ্জন কৰা।
যুৱকঃ কিয় লাগে? বৃদ্ধসকলৰ বাবে দেখোন ‘মুখ্যমন্ত্ৰী তীৰ্থযাত্ৰা আঁচনি’ আছেই।
দোকানীঃ অলপ মাটি-বাৰী কিনিবলৈয়োতো কিবা কাম-বন কৰিৰব পাৰা।
যুৱকঃ দৰকাৰ নাই। চৰকাৰে এবিঘাকৈ মাটি দিছেই। আৰু লাগিলে চৰকাৰী মাটি দখল কৰিম।
দোকানীঃ কিবা জৰুৰী কামত যদি টকাৰ প্ৰয়োজন হয়?
যুৱকঃ বন্ধন গোটৰ পৰা ধাৰে আনিম।
দোকানীঃ বন্ধন গোটৰ টকা কেনেদৰে পৰিশোধ কৰিবা।
যুৱকঃ বেংকৰ পৰা কে চিচি লোণ ল’ম।
দোকানীঃ কে চিচি লোণ কেনেকৈ ঘূৰাই দিবা?
যুৱকঃ কে চি চি লোণ ঘূৰাই নিদিলেও হয়।
দোকানীঃ ঠিক আছে বোপা, তোমাৰ ভৰিখন আগবঢ়াই দিয়া, সেৱা এটা কৰি লওঁ। 0 0 0
কৌতুক – ৩
মাকঃ ৰিজুমণি, তুমি কিয় আজি পঢ়া নাই।
ৰিজুমণিঃ আজি বন্ধৰ দিন, মা। 0 0 0
কৌতুক – ৪
শিক্ষকঃ (এজন ছাত্ৰক উদ্দেশ্যি) কচোন, মহাত্মা গান্ধীৰ পুতেক কোন?
ছাত্ৰঃ ভাৰতবৰ্ষ
শিক্ষকঃ কেনেকৈ?
ছাত্ৰঃ কাৰণ, মহাত্মা গান্ধী যে জাতিৰ পিতা। 0 0 0
কৌতুক – ৫
দেউতাকঃ (পুত্ৰক উদ্দেশ্যি) স্কুলৰ ভিতৰত কোনটো দৃশ্য তোমাৰ বেছি ভাল লাগে?
পুত্ৰঃ চকীদাৰে ছুটিৰ বেল কোবাবলৈ ধৰা দৃশ্যটো বেছি ভাল লাগে, দেউতা। 0 0 0
কৌতুক – ৬
মৃগেনঃ (বন্ধু হৰেণক উদ্দেশ্যি) যোৱাকালি মই হাবিৰ পৰা এটা বাঘৰ নেজ কাটি আনিলোঁ।
হৰেণঃ বাপৰে! ইমান সাহস! তুমি বাঘটোৰ মূৰটো কাটি নানিলা কিয়?
মৃগেনঃ বাঘটোৰ মূৰটো আগতেই কোনোবাই কাটি লৈ গৈছিল। 0 0 0
কৌতুক – ৭
শইকীয়ানীয়ে ঘৰত কাম কৰা ল’ৰাটোক এক কিলোগ্ৰাম আঙুৰ আনিবলৈ বজাৰলৈ পঠাই দিলে। ল’ৰাটোৱে আঙুৰ আনিলত শইকীয়ানীয়ে জুখি ৮০০ গ্ৰামহে পালে। সেয়ে তাই দোকানখনলৈ গৈ দোকানীক ক’লে, “তোমাৰ তুলাচনীত নিশ্চয় ফেৰ আছে। নহ’লে এক কিলোত ২০০ গ্ৰাম কম হয়নে?
দোকানীঃ আগতে আপুনি ল’ৰাটোক জোখক। যদি ২০০ গ্ৰাম বেছি নহয়, তেন্তে মই জৰিমনা দিম। 0 0 0
কৌতুক – ৮
এজন শিক্ষকে শ্ৰেণীত বান্দৰৰ বিষয়ে দীৰ্ঘ বক্তৃতা দি আছে। কিন্তু তৰুন নামৰ ল’ৰাজনক অন্য মনস্ক দেখি শিক্ষকে তৰুনক উদ্দেশ্যি ক’লেঃ ঐ তৰুন, মোৰ ওপৰত মনোযোগ নিদিয়া হ’লে বান্দৰৰ বিষয়ে নাজানিবি।
তৰুনঃ হয় নেকি, বান্দৰ আপোনাৰ দৰেনে, ছাৰ? 0 0 0
কৌতুক – ৯
মালিকঃ (এজন গাখীৰৰ বেপাৰীক উদ্দেশ্যি) হেৰা, তুমি গাখীৰত পানী মিহলোৱা নেকিহে?
বেপাৰীঃ দায় নধৰিব, দেউতা। বহুতে এক লিটাৰ গাখীৰত তিনি লিটাৰ পানী মিহলায়। মই মাত্ৰ দুই গুণহে কৰোঁ, বেছি নকৰো। 0 0 0
কৌতুক – ১০
শিক্ষয়িত্ৰীঃ (ছাত্ৰক উদ্দেশ্যি) ‘তই গাধৰ দৰে বুৰ্বক’– এই বাক্যটোৰ উদ্দেশ্য কোনটো?
ছাত্ৰঃ তই, বাইদেউ । 0 0 0
কৌতুক-থ
বিঃদ্রুঃ উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: