কৌতুক-দ
কৌতুক-দ
কৌতুক-দ
কৌতুক – ১
বিচাৰত ছয় বছৰৰ কাৰাদণ্ড বিহাৰ হুকুম দি বিচাৰকে অপৰাধীক ক’লেঃ তুমি অকল টকাই চোৰ কৰা নাই, সোণৰ গহনা, ৰেডিঅ’, ঘড়ী, চাইকেল আদি বহুতো বস্তু চোৰ কৰিছা, নহয়নে ?
অপৰাধীঃ (দোষ স্বীকাৰ কৰি) হয়, মানুহে কোৱা শুনিছোঁ, ”অকল টকা-পইচাই মানুহক সুখ দিব নোৱাৰে, ছাৰ।” 0 0 0
কৌতুক – ২
ৰঞ্জনঃ বিমল, মোৰ জন্ম দিনত তুমি কি উপহাৰ দিবা?
বিমলঃ যোৱাকালি তুমি দেখোন নতুন জোতা কিনিলা। সেয়ে মই ভাবিছো– তোমাক পলিচৰ টেমা এটা দিম। 0 0 0
কৌতুক – ৩
এজন যাত্ৰীয়ে তেওঁ যাবলগীয়া ৰেলখন কেইবা ঘন্টা পলম হোৱাত অধৈৰ্য হৈ ৰেলৰ কৰ্মচাৰীক অভিযোগৰ সুৰত ক’লেঃ আপোনালোকে যদি ঠিক সময়ত ৰেল চলাব নোৱাৰে তেন্তে টাইম-টেবুলখন বনাইছে কিয়?
ৰেল কৰ্মচাৰীঃ এৰা, আমি যদি টাইম-টেবুলখন নবনাও, আপুনি কেনেকৈ জানিব পাৰিব যে আমাৰ ৰেলখন ঠিক সময়ত চলা নাই? 0 0 0
কৌতুক – ৫
চাইকেল চলাওতে এজন আৰোহীয়ে এজন বাটৰুৱাক খুন্দিয়ালে। আৰোহীজনে আথে-বেথে তেওঁক তুলি ধৰি ক’লেঃ তুমি বৰ ভাগ্যবান। এতিয়া মোক মিঠাই খুওৱা।
বাটৰুৱাঃ কিয়?
আৰোহীঃ কিয় মানে, মই প্ৰতিদিন ট্ৰাক চলাওঁ। আপোনাৰ ভাগ্য ভাল যে মই আজি ট্ৰাক চলোৱা চলোৱা নাই, চাইকেলহে চলাইছো। নহ’লে আপুনি শশ্মানলৈ যাব লগা হ’লহেঁতেন। বলক এতিয়া সৌ চাহঘৰলৈ। 0 0 0
কৌতুক – ৬
শিক্ষকঃ বাৰু কোৱাচোন, পৃথিৱীয়ে কাক পৰিভ্ৰমণ কৰে?
ছাত্ৰঃ সূৰ্যক পৰিভ্ৰমণ কৰে, ছাৰ।
শিক্ষকঃ এতিয়া কোৱাচোন –পৃথিৱীক কোনে পৰিভ্ৰমণ কৰে?
ছাত্ৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, ছাৰ।
শিক্ষকঃ ভেৰি গুড। 0 0 0
কৌতুক – ৭
শিক্ষকঃ তুমি A ৰ পৰা Z লৈকে ইংৰাজী বর্ণবোৰ কোৱাচোন, ৰুবুল।
ৰুবুলে P আৰু M ৰ বাদে ইংৰাজী বর্ণবোৰ মাতি যোৱাত শিক্ষকে ধমক দি সুধিলেঃ P আৰু M বৰ্ণ দুটা ক’ত গ’ল ?
ৰুবুলঃ ছাৰ, বিদেশলৈ। 0 0 0
কৌতুক – ৮
অফিচৰ মুৰববীঃ (এজন তলতীয়া কৰ্মচাৰীক উদ্দেশ্যি) মই থাকোতে তোমাক কোনেও একো কৰিব নোৱাৰে।
কৰ্মচাৰীঃ অহা মাহত আপুনি অৱসৰ ল’ব। তেতিয়া মোৰ কি হ’ব।
মুৰববীঃ তেন্তে তুমি এই মাহতে চাকৰিৰ পৰা ৰিজাইন দিব পাৰা। 0 0 0
কৌতুক – ৯
বন্ধুঃ (এজন শিক্ষক বন্ধুলৈ চাই) মই যেতিয়াই আহোঁ তেতিয়াই তুমি টিউচন কৰি থাকা। তোমাৰ ভাগৰ নালাগেনে?
শিক্ষক বন্ধুঃ নাই, নালাগে। স্কুলত গৈ মই কেৱল আৰামেই কৰো। 0 0 0
কৌতুক – ১০
এজনী তিৰোতাই তাইৰ পতিক লৈ ডাক্তৰৰ ওচৰলৈ গৈ ক’লেঃ মোৰ এইজনে ইমান বলকি থাকে যে ৰাতি শুব নোৱাৰা হৈছোঁ। কিবা এটা চিকিৎসা কৰক।
ডাক্তৰঃ (এপেপক শ্লিপিং টেবলেট আগবঢ়াই দি) শোৱাৰ আগতে এইবোৰৰ এটা খাই আৰামত শুই থাকক। স্বামীয়ে যিমানেই হুলস্থুল কৰক একো গম নাপায়। 0 0 0
কৌতুক-দ
বিঃদ্রুঃ উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: