Home Literary Criticism গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Gaonor Bat

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Gaonor Bat

0

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
গাঁৱৰ বাট--এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Gaonor Bat

 

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

‘গাঁৱৰ বাট’ শিৰোনামৰ কবিতাটিত কবিয়ে গাঁৱৰ ছবি অকৃত্ৰিমভাৱে দাঙি  ধৰিছে। কবি ইছমাইল গাঁৱৰ মানুহ। কিন্তু বৰ্তমান তেওঁৰ ঠিকনা হৈছে চহৰ। হয়তো চাকৰি আৰু শিক্ষা-সংক্ৰান্ত কাৰণতে চহৰলৈ যাব লগা হৈছে। কিন্তু সেইবুলি গাঁৱৰ প্ৰতি তেওঁৰ দৰদ নথকা নহয়।  মাজে মাজে গাঁৱলৈ আহি থাকিব লগা হয়। কবিৰ গাঁৱৰ অৱস্থা খুব দুখ লগা। তাৰ যোগাযোগ ব্যৱস্থা বৰ অনুন্নত। বাৰিষা কালত পানী গচকি গাঁৱলৈ বাট বুলিব লগা হয়। তেওঁৰ গাঁৱৰ অৱস্থা উন্নয়ন হোৱাৰ পৰিবৰ্তে অৱনতিৰ ফালেহে ঢাল খাইছে। সেয়ে তেওঁৰ অন্তৰত গাঁৱৰ যি স্মৃতি আছিল সেই স্মৃতিৰো অৱনতি ঘটিছে। পানী গচকি গাঁৱলৈ আগবাঢ়োতে  খলিহনা মাছলৈ তেওঁৰ চকু পৰিছে আৰু তাতেই থমকি ৰৈ পাৰ ঘাট কিমান দূৰতে আছে সেয়া অনুমান কৰিব লগা হৈছে। কবিৰ ভাষাত–

“আহিনৰ দুপৰীয়া ইথাৰ কঁপোৱা ৰ’দ

গাঁৱলৈ বুলিছিলো বাট।

গাঁৱৰ স্মৃতি বুলিবলৈ এতিয়া একোৱেই নাই

শাৰী পিন্ধা খলিহনালৈ চাই

থমকি ৰৈ ভাবিছিলো

কিমান দূৰত আছে পাৰ ঘাট!”

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

কবিয়ে গাঁওলৈ দৃষ্টি দিয়াৰ লগে লগেই গাঁৱলীয়া সংস্কৃতিৰ স্মৃতি তেওঁৰ মনত জাগি উঠিছে। সেয়ে কবিয়ে কৈছে–

“নাৱৰীয়া ৰৈ যা

মোৰ বুকুৰ নদীত তোৰ বঠাৰ কোব মাৰি যা

সুহুৰি বজাই গৰখীয়া তই 

ভাঙি দে মোৰ যুগাতীত ধ্যান।”

কবিৰ গাঁওখনো অসমৰ আন আন গাঁৱৰ দৰেই দুখীয়া। সেয়ে তেওঁৰ মনত সেই  অৱস্থাৰ প্ৰতিফলন ঘটিছে আৰু কৈছে–

“গাঁৱৰ অতীত–

কৃষকৰ বুকু ভ’ৰা দুখৰ কথা বিনাই

পাৰ ভাঙি তই নাহিবি দুনাই।

চা চোন চা,

উজীৰাৰ বালিচৰত আজিও কলিজা পোৰা দেহা।

ৰংমনকাইৰ পিঠিত যুগে যুগে মহাজনী শোষণৰ বোজা

মিয়াচান চাচাই দেৱানীৰ ভঁৰাল সাজে–

আলাসৰ বেহা।”

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

দৰিদ্ৰতাই গাঁৱক ছানি ধ’ৰা সত্বেও কবিয়ে গাঁৱৰ কৃষকৰ হাততেই যে দেশৰ অৰ্থনৈতিক সোপানৰ সূৰ্যটো লুকাই আছে তাকেই দেখিবলৈ পাইছে ।

“তথাপিও চোন

শালি ধানৰ পথাৰৰ জিলমিল ৰ’দত

সূৰ্যটো লুকাই আছে কৃষকৰ হাতত।

আহিনৰ দুপৰীয়া ইথাৰ কঁপোৱা ৰ’দ

গাঁৱলৈ আৰুনো আছে কিমান দূৰ বাট।”

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

কবিতাটি গাঁৱলীয়া চিত্ৰৰ বিচিত্ৰ ৰঙেৰে ৰঙীন। কবিতাটিৰ ভাষা সাধাৰণ গদ্যময়। এই গদ্যত কোনো স্পন্দন নাই যদিও বাক্য বিন্যাসত কিবা যেন নতুনত্ব আছে। ইয়াত প্ৰয়োগ কৰা কল্পচিত্রবোৰ অসমীয়া গোন্ধৰে আমোলমোলাই আছে। ০ ০ ০

গাঁৱৰ বাট–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here