Home Quiz জাকাত কুইজ 

জাকাত কুইজ 

0

জাকাত কুইজ

জাকাত কুইজ

 

জাকাত কুইজ Jakat Quiz

জাকাত কুইজ 

প্ৰঃ ‘জাকাত’ শব্দৰ অৰ্থ কি?

উঃ পৱিত্ৰকৰণ।

প্ৰঃ শৰীয়তৰ বিধানমতে ‘জাকাত’ কাক কয়?

উঃ শৰীয়তৰ বিধান অনুযায়ী ব্যক্তি এজনৰ সম্পত্তিৰ যি অংশ আল্লাহৰ সন্তুষ্টিৰ বাবে হকদাৰসকলৰ মাজত বন্টন কৰা হয়, তাকে ‘জাকাত’বোলে। 

প্ৰঃ জাকাত কেতিয়া ফৰজ হয়?

উঃ দ্বিতীয় হিজৰীত।

জাকাত কুইজ, Jakat Quiz

প্ৰঃ পৱিত্ৰ কোৰাণত জাকাতৰ বিষয়ে কেইবাৰ উল্লেখ আছে?

উঃ 52 বাৰ।

প্ৰঃ কাৰ বাবে জাকাত ফৰজ (অৱশ্য পালনীয়)?

উঃ যি ব্যক্তিৰ 52.2 তোলা ৰূপ বা 7.5 তোলা সোণ বা সমপৰিমাণ মূল্যৰ সম্পত্তি আছে, যি সম্পত্তি সম্পূৰ্ণ এক বছৰকাল স্থায়ী থাকে, তাৰ বাবে জাকাত ফৰজ।

প্ৰঃ ৰছুলুল্লাহই কেতিয়াবা জাকাত প্ৰদান কৰিছিল নে?

উঃ ৰাছুলুল্লাহই কেতিয়াও সম্পদ সঞ্চয় কৰা নাছিল, সেয়ে তেখেতৰ ওপৰত জাকাত ফৰজ হোৱা নাছিল।

প্ৰঃ জাকাত দিয়াৰ ফজিলত (তাৎপৰ্য) কি?

উঃ  জাকাত প্ৰদান কৰিলে ইবাদত কবুল হয়, অমঙ্গলৰ 70 টা দৰজা বন্ধ হৈ যায়, জাকাত প্ৰদানকাৰীৰ ঘৰত ৰহমত (দয়াৰ) ফিৰিস্তা অৱতীৰ্ণ হয় আৰু অপমৃত্যুৰ হাতৰ পৰা ৰক্ষা পায়।

প্ৰঃ জাকাত নিদিলে তাৰ কি শাস্তি হয়?

উঃ জাকাত প্ৰদান নকৰিলে তাৰ কোনো ইবাদত কবুল নহয়, মহামাৰী, দুৰি্ভক্ষ আদিয়ে দেখা দিয়ে আৰু মৃত্যুৰ পিছত যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰে।

প্ৰঃ জাকাত গ্ৰহণৰ প্ৰকৃত হকদাৰ কোন?

উঃ গৰীব, নিকট আত্মীয়, ঋণগ্ৰস্থ ব্যক্তি, বিপদগ্ৰস্থ মুছাফিৰ আৰু তালিবে ইলম।

প্ৰঃ কোনসকল লোকে জাকাত গ্ৰহণ কৰিব নোৱাৰে বা কোনসকল লোকক জাকাত প্ৰদান কৰিব নালাগে?

উঃ অমুছলমান, চৈয়দ বংশীয় লোক, ধনী ব্যক্তি, পিতা-মাতা,নানা-নানী,  পুত্ৰ-কন্যা আৰু স্বামী-স্ত্ৰী। 0 0 0

জাকাত কুইজ, Jakat Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here