জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’–এক আলোচনা | Jotyprasad Agarwala Kanchanjangha

1

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’–এক আলোচনা

ৰাব্বি মছৰুৰ
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ -- এক আলোচনা
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ — এক আলোচনা

‘কাঞ্চনজঙঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিত কবি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰাচীন ভাৰতৰ শৌৰ্য-বীৰ্যৰ লগতে তেওঁৰ সমসাময়িক ভাৰতবৰ্ষৰ ছবি অংকন কৰিছে।

প্ৰথমতে কবিয়ে কাঞ্চনজঙঘাক ‘মই কাঞ্চনজঙঘা, তুষাৰ শুভ্ৰ শিৰ’ বুলি ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ ছবি অংকন কৰিছে। কাঞ্চনজঙঘাক ৰূপাত্মকভাৱে মহাদেৱ বা শিৱ বুলি পৰিচয় দিয়াইছে। শিৱ হৈছে ভাৰতীয়সকলৰ চিৰ উপাস্য ডাঙৰ দেৱতা। শিৱৰ লগত ভাৰতৰ প্ৰাচীন ইতিহাস জড়িত হৈছে।  ভগীৰথে সূৰ্যবংশ ৰক্ষাৰ বাবে গংগাক সন্তুষ্ট কৰি স্বৰ্গৰ পৰা মর্ত্যলৈ নমাই আনোতে গংগাৰ দৰ্পচূৰ্ণকাৰী মহাদেৱে গংগাক নিজৰ মূৰৰ চুলিৰ জঁটাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। আকৌ ভগীৰথৰ অনুৰোধ ৰক্ষা কৰি সুৰধনী গংগাক বৈ যাবলৈ দিয়ে। এইদৰে ভগীৰথ, সূৰ্যবংশ, গংগা, শিৱ আদিৰ কাহিনী এই কবিতাটোত পৰোক্ষভাৱে বৰ্ণিত হৈছে।

আনহাতে কবিয়ে ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী‘ কবিতাটোত নতুন ভাৰতৰ ছবিও অংকন কৰিছে। সময় পাৰ হৈ যায়। সময় আগবাঢ়ি যোৱাৰ লগে লগে মানৱ সভ্যতাৰো পৰিৱৰ্তন হয়। মানুহৰ মনৰ পৰিৱৰ্তন হয়। ভাৰতৰ ক্ষেত্ৰতো ঠিক সেয়াই ঘটিছে। পুৰণিৰ স্থানত নতুন সভ্যতা আৰু সংস্কৃতি জন্ম হ’ল। ইতিহাস এই পৰিৱৰ্তনৰ সাক্ষী। কবিৰ ভাষাত–

‘পিন্ধি পিন্ধি সভ্যতাৰ

নতুন মেখেলা,

নাচি নাচি উৰুৱায় 

সোণোৱালী ধূলা।

সেই ধূলিৰেই ঢাক খায়

ধূলিতেই জহি যায়

পুৰণি ভঙ্গা।’

এনেদৰেই কবিয়ে কবিতাটিত প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি অংকন কৰিছে। ০ ০ ০

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

  1. কাঞ্চনজংঘা নিজৰ স্থানত অলৰ, অচল, বুকুপতি লব পৰা সকলো দুখ, গ্লানি, সময়ৰ পলস, তাৰোপৰি অতীতৰ ইতিহাস আৰু ভৱিষ্যতৰ ছবিৰ এক সুন্দৰ বিশ্লেষণ কাঞ্চনজংঘা

LEAVE A REPLY

Please enter your comment!
Please enter your name here