Home Literary Criticism ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’– এক আলোচনা | Dimbeshwar Neog Mur Gaon

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’– এক আলোচনা | Dimbeshwar Neog Mur Gaon

0

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’– এক আলোচনা

ৰাব্বি মছৰুৰ
ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’-- এক আলোচনা  Dimbeshwar Neog Mur Gaon

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’ — এক আলোচনা

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’ — এক আলোচনা

‘মোৰ গাওঁ’ নামৰ কবিতাটিত কবি ডিম্বেশ্বৰ নেওগদেৱে স্মৃতিপটৰ পৰা তেওঁৰ অতীত গাঁৱলীয়া জীৱনৰ ৰোমন্থন কৰাৰ লগতে তেওঁৰ ল’ৰালিৰ  গাঁৱলীয়া জীৱন আৰু বুঢ়া বয়সত দেখা পোৱা গাঁৱলীয়া জীৱনৰ এক তুলনামূলক বর্ণনা আগবঢ়াইছে। 

কবিয়ে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰদফীয়া গাওঁখন অতি ভাল পায়। সময়ৰৰ সোঁতত কবিয়ে গাওঁখনৰ পৰা আঁতৰি প্ৰৱসুৱা জীৱন অতিবাহিত কৰিলেও তেওঁ নিজৰ গাওঁখনক পাহৰিব পৰা নাই। কমাৰদফীয়া গাওঁখনতে কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ প্ৰথমছোৱা সময় অতিবাহিত কৰিছিল। কিন্তু জীৱনৰ বিয়লি বেলাত কবি বৰ নষ্টালজিক হৈ তেওঁ শৈশৱত কটোৱা গাওঁখনৰ কথা ৰোমন্থন কৰি কৈছে যে তেওঁৰ সেই সময়ৰ গাওঁখন আছিল অতি সমৃদ্ধিশালী। মানুহৰ মাজত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্ৰীতি বিৰাজ কছিল।মাঘৰ বতৰত কবিয়ে লগৰীয়াসকলৰ লগত সেইখন গাওঁতে মেজিৰ খৰি গোটাইছিল। পথাৰত ম’হ-যুঁজ, গৰু-যুঁজ চাই আনন্দ লাভ কৰিছিল। সেই গাওঁখনতে তেওঁ জীৱনৰ চকু মেলি বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল। গাওঁৰ সকলো মানুহকে আপোন বাই-ভনী, ককাই-ভাই জ্ঞান কৰিছিল। তেওঁৰ লগৰীয়া, সমনীয়াসকলৰ লগত উমলি ডাঙৰ হোৱা আৰু আপোন লোকসকলৰ লগত পতা কথাবোৰ কবিৰ স্মৃতিপটত জিলিকি উঠে। কবিয়ে ভাৱে তেওঁৰ গাওঁখন যেন বিশ্বব্রহ্মাণ্ডৰ এক ক্ষুদ্ৰ তাঙৰণ। 

কবিয়ে ‘মোৰ গাওঁ’ নামৰ কবিতাটিৰ শেষাৰ্ধত গাওঁখনৰ অতীত অৱস্থা আৰু বৰ্তমানৰ অৱস্থাৰ লগত ৰিজনি কৰি বহুত পৰিৱৰ্তন দেখা পাইছে। কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত লক্ষ্য কৰিছে যে তেওঁৰ গাওঁখনৰ আগৰ সেই সৰলতা নাই। সকলো কৃত্ৰিম হৈ পৰিছে। গাওঁলীয়া জীৱনৰ আৰ্থিক অৱস্থাও অৱনমিত হৈছে। অভাৱৰ তাড়নাত বহুত গঞা ৰাইজে গাওঁ এৰি অনাই-বনাই ঘূৰি ফুৰিছে। ডেকা-গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ-উদ্দীপনা নাই। আজি বিহুৰ বতৰত ঢোলৰ মাতত সিহঁতৰ মন মতলীয়া নহয়। গঁঞা ৰাইজৰ মাজতো আগৰ সেই আপোন ভাৱ নাই। মানুহৰ মন হিংসা কপটতাৰে ভৰি পৰিছে। কবিৰ বহুতো লগৰীয়াৰ চিতাৰ জুইৰ ধোঁৱাৰে দিখৌৰ পাৰ ধুৱলী-কুঁৱলী Îহৈছে।

গাওঁখনৰ এই অবাঞ্চিত পৰিৱৰ্তন দেখি কবিৰ মন দুখেৰে ভৰি পৰিছে। তেওঁ আশংকা কৰিছে হয়তো এদিনাখন গাওঁখনৰ অস্তিত্ব হেৰাই যাব। কিন্তু কবি গর্বিত যে শৈশৱত নিজৰ গাওঁখনতে উপভোগ কৰা সেই অকৃত্ৰিম সৰলতা তেওঁ পৃথিৱীৰ আন কতো বিচাৰি পোৱা নাই। সেয়ে কবিয়ে তেওঁৰ গাওঁখন অতি ভাল পায়। ০ ০ ০

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’ — এক আলোচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here