Home Literary Criticism ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’– এক বিশ্লেষণাত্মক অধ্যয়ন |...

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’– এক বিশ্লেষণাত্মক অধ্যয়ন | Joyshree Goswami Arunima Singha

0

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’– এক বিশ্লেষণাত্মক অধ্যয়ন

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা'-- এক বিশ্লেষণাত্মক অধ্যয়ন Joyshree Goswami Arunima Singha

 

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘অৰুণিমা সিন্‌হা’

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’–এক বিশ্লেষণাত্মক অধ্যয়ন | Joyshree Goswami Arunima Singha

অৰুণিমা সিন্‌হা ভাৰতৰ উত্তৰ প্ৰদেশৰ এজনী পৰ্বতাৰোহনকাৰী। তাই কৃত্ৰিম ভৰিৰে মাউন্ট এভাৰেষ্ট শৃঙ্গত আৰোহন কৰি কিদৰে আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে তাৰেই কাহিনী লিখিকা ড০ জয়শ্ৰী গোস্বামীয়ে এই জীৱনীমূলক আলোচনাখনত দাঙি ধৰিছে।

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘অৰুণিমা সিন্‌হা’

২০১১ চনত এদিনাখন অৰুণিমা সিন্‌হাই লখনৌৰ পৰা দিল্লী অভিমুখী ৰেলগাড়ীৰে গৈ থকা অৱস্থাত চলন্ত ৰেলত এদল ডকাইতৰ মুখামুখি হয়।  ডকাইতৰ দলটোৱে দবাটোৰ আন  আন যাত্ৰীৰৰ পৰা নির্বিবাদে টকা-পইচা আৰু মূল্যৱান অলংকাৰ লুটপাত কৰিবলৈ লৈছিল। সিহঁতে অৰুণিমাৰ ডিঙিত থকা দামী সোণৰ চেইনডাল বিচাৰে। কিন্তু অৰুণিমাক সেই চেইনডাল তাইৰ মাকে আশীৰ্বাদ হিচাপে তাইক দিছে বাবে তাই সেইডাল দিব নোৱাৰে বুলি কৈছিল। অৱশেষত চেইনডাল নিদিয়া বাবে ডকাইতসকলে তাইক দাঙি নি ৰেলৰ দুৱাৰেৰে বাহিৰলৈ দলিয়াই দিয়ে। বাহিৰত অন্ধকাৰৰ মাজত গোটেই ৰাতি তাই তাতে পৰি থাকে।  ইতিমধ্যে কাষেৰে ৩৯ খন ৰেলগাড়ী পাৰ হৈ যায়। ৰাতিপুৱা মানুহে তাইক দেখা পাই হস্পিতালত ভৰ্তি কৰে।

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘অৰুণিমা সিন্‌হা’

সেই দুৰ্ঘটনাত তাই গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হয় আৰু আনখন ভৰিত লোৰ ৰ’ড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰিব লগা হয়। 

দুৰ্ঘটনাত বাৰুকৈয়ে আহত হৈ আৰু ভৰি এখন হেৰুৱাই অৰুণিমাই হস্পিতালত ভৰ্তি হয়। তাই  চাৰিমাহমান হস্পিতালত চিকিৎসাধীন হৈ আছিল। হস্পিতালত থকা সময়ত তাই এভাৰেষ্ট বিজয়ৰ সপোন দেখে। এই সপোন তীব্রতৰ হোৱাত হস্পিতালৰ পৰা মুক্তি হৈয়ে তাই ঘৰলৈ নগৈ পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ লগ ধৰে।

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘অৰুণিমা সিন্‌হা’ 

বাচেন্দ্ৰি পালে  তাইৰ সকলো কথা  বৰ সহমৰ্মিতাৰে শুনিলে। তাইৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্ম প্ৰত্যয়ে পালৰ মনত বিশ্বাস জগালে যে তাই সঠিক প্ৰশিক্ষণ পালে নিশ্চয় লক্ষ্যত উপনীত হ’ব পাৰিব। 

ইয়াৰ পিছত তাই টাটা ষ্টিল এডেভঞ্চাৰ  ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত পৰ্বত বগোৱাৰ অনুশীলন লয়। এনেদৰে প্ৰায়  এবছৰকাল অনুশীলন লোৱাৰ পিছত তাই লাডাখত থকা মাউন্ট চামছেৰ কাংৰিত আৰোহণ কৰাৰ অভিযান আৰম্ভ কৰে।  চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ ফুট। অৰুণিমাই ইয়াৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্তু বতৰ প্ৰতিকূল হোৱা বাবে শিখৰলৈ আৰোহণ কৰিবলৈ মাত্ৰ ৬৯০ ফুট বাকী থাকোতে অভিযান সামৰি তললৈ নামি আহিবলৈ বাধ্য হয়। ফলত মাউন্ট চামছেৰ কাংৰিৰ অভিযান অসম্পূৰ্ণ হৈ ৰয়। কিন্তু এই অসম্পূৰ্ণ অভিযানে তাইক বিচলিত কৰিব পৰা নাছিল; বৰং মাউন্ট এভাৰেষ্ট বগাবলৈ দুগুণ উৎসাহিত হৈছিল।

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘অৰুণিমা সিন্‌হা’

ইয়াৰ উপৰিও অৰুণিমাৰ আছিল দৃঢ় মনোবল। ভৰি হেৰুৱাই তাই যি দুৰ্ভাগ্যৰ সন্মুখীন হৈছিল সেয়া তেওঁ সৌভাগ্যলৈ সলনি কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈছিল।  তাই প্ৰায় এবছৰকাল একেলেথাৰিয়ে উৎসাহ আৰু উদ্যমেৰে প্ৰচেষ্টা অব্যাহত ৰাখি অনুশীলন চলাই গৈছিল।  কেতিয়াবা এনেকুৱা হৈছিল যে স্বাভাৱিক মানুহে খোজ দিওঁতে য’ত দুই মিনিট সময় লৈছিল  অৰুণিমাৰ ক্ষেত্ৰত সেই খোজটো দিওঁতে তিনিঘন্টা সময় লাগিছিল। 

মাউন্ট এভাৰেষ্ট শৃংগত থিয় হৈ ফটো তোলা আৰু ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে তাই দুটা কেমেৰাও লগত লৈছিল। মাউন্ট এভাৰেষ্ট বগাওঁতে কেইবাটাও কেম্প পাৰ হ’ব লাগে। ইয়াৰ চাৰি  নং কেম্প পাওঁতে  তাইৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনৰ টেংকটো প্ৰায় শেষ হৈ আহিছিল।  লগৰীয়া শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকিয়াই দিছিল যে যিকোনো মুহুৰ্ততে অক্সিজেন শেষ হৈ যাব পাৰে, তেতিয়া মৃত্যুক সাৱটি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব। কিন্তু অৰুণিমাই কোনো বাধা নামানি তেজ নিগৰা ভৰি দুখন ৰুমালেৰে মেৰিয়াই লৈ আগবাঢ়ি থাকিল।  অৱশেষত নেপালৰ কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ৫২ দিনৰ অন্তত  ২০১৩ চনৰ ২১ মে’ৰ নিশা প্ৰায় ৮ বজাত এভাৰেষ্ট বিজয়ৰ সপোনক সাকাৰ দিবলৈ সমক্ষ হয়। শ্বেৰপাজনে তাত ভাৰতীয় জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। তাত প্ৰায় ডেৰঘন্টামান সময় অতিবাহিত কৰি নামি আহে। 

এনেদৰে অদম্য মানসিক শক্তি আৰু মনৰদৃঢ়তাৰ বলত বিকলাঙ্গ হৈয়ো অৰুণিমা সিন্‌হাই এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰি বিশ্ববাসীক দেখুৱাই দিলে যে মনৰ দৃঢ়তা আৰু প্ৰচেষ্টাৰ জৰিয়তে যিকোনো কামকে সম্ভৱ কৰিব পাৰি। 0 0 0.

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘অৰুণিমা সিন্‌হা’

বি. দ্র. ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’– এক বিশ্লেষণাত্মক অধ্যয়ন | Joyshree Goswami Arunima Singhaৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here