নলিনীধৰ ভট্টাচাৰ্যৰ কবিতা
নলিনীধৰ ভট্টাচাৰ্যৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা
আধুনিক অসমীয়া কাব্য-সাহিত্যত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও নবীন কবিসকলৰ বাবে অনুপ্ৰেৰণা যোগাব পৰা কবিসকলৰ মাজত কবি নলিনীধৰ ভট্টাচাৰ্য অন্যতম। তেওঁ হাড়ে হিমজুয়ে, স্পন্দনে স্পন্দনে পৰিপূৰ্ণ সাম্যবাদী সমাজবাদত বিশ্বাসী সমাজ সচেতন কবি। তেওঁৰ কবিতাত অসমীয়া সমাজৰ সামাজিক অৱস্থা কেতিয়াবা হুবহু নকলৰূপে, কেতিয়াবা ব্যঙ্গাত্মকভাৱে আৰু কেতিয়াবা বিপ্লৱী সুৰত মূৰ্তিমান হৈ ধ’ৰা দিছে। তেওঁৰ কবিতাত সৰ্বসাধাৰণ ৰাইজৰ সামাজিক অৱস্থা, সিহঁতৰ দুখ, শোক আৰু ক্ষোভৰ অভিব্যক্তি আছে।
অমাৱস্যাৰ অন্ধকাৰ ৰাতিত এটা বন্ধ কোঠাৰ ভিতৰত ৰখা নীলকান্ত মণিৰ দৰে জ্যোতিষ্মান হৈ উজলি থকাৰ দৰে কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাত যি সামাজিক দিশটো উজলি আছে – সি হৈছে কৃষক, মজদুৰ, অৱহেলিত, নিষ্পেষিত, নিৰ্যাতিত, নিপীড়িত সৰ্বহাৰা নাগৰিকৰ সামাজিক দিশ।
অসমীয়া কৃষকসকল অতিকৈ পৰিশ্ৰমী। সিহঁতে শৰীৰৰ তেজ পানী কৰি শস্য উৎপাদন কৰি দেশৰ অৰ্থনীতিলৈ সিংহ ভাগ অৰিহণা আগবঢ়ায় অথচ সিহঁতৰেই অৱস্থা সকলোতকৈ দৰিদ্ৰ। কবিয়ে কৃষকসকলৰ এই অৱস্থা হৃদয় চকুৰে অৱলোকন কৰি কবিতাৰ মাজেৰে সমাজৰ আগত দাঙি ধৰিছে।
“আমি মাতো হত্যাৰ ৰ’দালি, ধান খায় কোনে
হান খায় কোনে
মোলানদৈ, আজি নুমালে নেকি আইৰ বুকুৰ জোন
তোমাৰ ঘামে পানীত বিজুলী গঢ়ে, তোমাৰ হাতে
পথাৰ সোণালী কৰে, অথচ তুমি কি পালা
দোৱা ভজা চিৰা বিচাৰি পালাহি পইতা পোতনি গেলা।” (উপসৰ্গ)
অসমীয়া মজদুৰ- বনুৱাও কৃষকসকলৰ দৰেই হাড় ভগা পৰিশ্ৰম কৰিও সুখৰ শলিতাৰ পোহৰ নাপায়। কবি নলিনীধৰে বনুৱা-মজদুৰসকলৰ হাড় ভগা পৰিশ্ৰমৰ প্ৰতি দৃষ্টি দি সিহঁতৰ প্ৰতি কৃতজ্ঞতাৰ শৰাইস্বৰূপ সহানুভূতিৰ সুৰত লিখিছে–
“চাহ চালনিত সৰিছে কি, মিনি ঘাম নে চকুৰ পানী
তেজ, তেজ অ’ মিনি পাবিনে তেজৰ দাম
মনত পৰেনে পোতাশালৰ ৰাতি আহে দালাল যদুৰাম।” (শ্যামৰ ফাঁকি)
মেহনতী জনতাৰ চিত্ৰ আঁকিবলৈ গৈ আন এটি কবিতাত কবি নলিনীধৰে লিখিছে–
“শাৰী শাৰী শাল আৰু চেগুনৰ
ছাঁ এন্ধাৰত দেখিলোঁ
অজস্ৰ ঘামৰ শিশু
ৰুটি যাৰ এতিয়াও স্বপ্নৰ মোনাত
এইখন পৃথিৱীৰ নৰিয়া লেচাৰ
কতো নাই স্বাস্থ্যৰ উল্লাস
তেজপিয়া কান্ধত বগায়
ভৰপুৰ সিহঁতৰ দুখৰ পিয়লা।” (মেৰাপুৰত এৰাতি)
আন এটি কবিতাত মেহনতী জনতাৰ চিত্ৰ অংকন কৰিবলৈ গৈ সিহঁতৰ মুখৰ ভাষাৰে প্ৰত্যক্ষভাৱে লিখিছে–
“মই মেহনত বেচোঁ
পৃথিৱীৰ গৰ্ভত বন্ধী ৰস-পম
আজুৰি আজুৰি আনোঁ
মই বেচোঁ ঘাম টোপা-টোপে
তোমালোকে মাথো কিনা মোনে মোনে
সোণালী আঘোণে তোমালোকৰেই চোতাল জিনে। (বজাৰ)
কবি নলিনীধৰ যুক্তি-সংগতভাৱেই প্ৰচলিত ৰাজনৈতিক আদৰ্শত অবিশ্বাসী। তেওঁ সঠিকভাৱেই ৰাজনীতিৰ ৰঙা-ফিটাৰ মেৰপাকবোৰ লিৰিকি-বিদাৰি উদং ফোপোলা অন্তৰখন বিচাৰি উলিয়াইছে আৰু নিৰ্ভুলভাৱে সিন্ধান্তত উপনীত হৈছে যে সৰ্বসাধাৰণ নাগৰিকৰ আৰু সমাজ জীৱনৰ সকলো প্ৰকাৰৰ বিপাক, দৰিদ্ৰতা আৰু বিশৃঙ্খলাৰ প্ৰধান হোতা হৈছে ৰাজনীতি আৰু ৰাজনীতিৰ লগত জড়িত মুখা পিন্ধা নেতাসকল। সেয়ে সমাজ সচেতন কবি নলিনীধৰে ৰাজনীতিৰ ছবিটোও তেওঁৰ কবিতাত ৰঞ্জন ৰশ্মিৰ দৰে তীব্র ৰশ্মিৰ সহায়ত তেওঁৰ কবিতাত চিত্ৰিত কৰিছে। অৱশ্যে তেওঁৰ কবিতাত ৰাজনৈতিক ভণ্ডামিবোৰ ব্যঙ্গাত্মক সুৰত ধবনিত হৈছে। ৰাজনৈতিক নেতাসকলে যেতিয়া গাঁৱলীয়া অঞ্চল চফৰ কৰে, তেতিয়া সচেতন ৰাইজে নেতাৰ চফৰ কিদৰে গ্ৰহণ কৰে তাৰ চিত্ৰ আঁকিবলৈ গৈ ব্যঙ্গ সুৰত কবিয়ে লিখিছে–
“বহুত দিনৰ মূৰত আপুনি নিজেই আহি ধূলা দিলে
আমাৰ কপাল ভাল। গৰীৱৰ প্ৰৰ্থনা শুনক। পাৰে যদি
চাই য’ক শুৱনি আমাৰ গাঁও, শুৱনি গছেৰে ভৰা
ৰ’দে-বৰষুণে তিতি বেচি-কিনি বাপতি সাহোন ডুলিৰ লখিমী
আপুনি কোৱাৰ দৰ গঢ়িছোঁ আদৰ্শ গাওঁ, ক’লে ক’ব পাৰে
চালে চকু ৰোৱা।”
পাচে কিনো কম চাৰ, কাঁহ পৰি জীন যোৱা ঠাই
কিয় জানে?
ইয়াতেই ঘৰিয়ালে খেদি ফুৰে দৰিকনা মাছ।
নকলেওঁ বুজিছে চাগৈ
ঘৰে ঘৰে যৌৱনৰ আগতেই জৰা নামে
কম আয়াসতে স্বৰ্গধাম।” (নেতাৰ চফৰ)
‘ফুলৰ বেপাৰী’ক সমাজৰ ধনী মহাজনসকলৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি কবিয়ে আন এটি কবিতাত একেই ব্যঙ্গ সুৰত লিখিছে–
“ফুলৰ খেলাত মজিছে কোনে
ট্ৰকে ট্ৰাকে কোনে ফুল বেচে
হাটে-ঘাটে, মন্দিৰে, প্ৰাঙ্গনে, পথাৰে, পথাৰে
সৰিয়হ ডুলিত ভূত
ফুলৰ বেপাৰী যমদূত।” (ফুলৰ খেলাত মজিছে কোনে)
কবিয়ে ধৰ্মীয় অধোঃগামীৰ চিত্ৰও অংকন কৰিবলৈ পাহৰা নাই। কবিয়ে লিখিছে–
“ব্যৰ্থ সকলো গীৰ্জাৰ আৰতি, প্ৰাৰ্থনা, নামাজ,
লোভ সন্মুখতে ছদ্মেবশী
স্মৃতি আজি শোক বসতি দুস্বপ্ন, অস্তিত্বৰো স্বস্তি নাই
পণ্ড দক্ষযজ্ঞ প্ৰীতিৰ পাৰ্বতী তেজ তুমৰলি, ৰুদ্ৰমূৰ্তি
দিগম্ব কিৰাত শংকৰ।” (উপসৰ্গ)
নলিনীধৰ ভট্টাচাৰ্য বিপ্লৱত বিশ্বাসী। কবিয়ে বিশ্বাস কৰে যে অধোঃগামী সমাজৰ অৱস্থাৰ নিশ্চয় উন্নয়ন হ’ব যদিহে জনসাধাৰণ একত্ৰিত হৈ বিপ্লৱত জঁপিয়াই পৰে। কবি নিজেও সৰ্বসাধাৰণৰ স্বাৰ্থত বিপ্লৱ কৰিছে কবিতাৰ মাজেদি। কবিয়ে দৰিদ্ৰতাৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ সময়ৰ ওচৰত নতজানু হৈ প্ৰাৰ্থনা কৰি কৈছে–
“উৰুখা চালৰ ফুটাবোৰত নাচি থকা
দৈত্যটোক মই ঘৃণা কৰোঁ
হে সময়, মোক এক গণ্ডুষ সাহস দিয়া।
তুমি অশ্বাৰোহী হৈ আহিছা
আহা মচি পেলাও দুহাতেৰে
মোৰ কপালৰ দৰিদ্ৰ ৰেখা।” (ঘৰ)
কবিয়ে উপলব্ধি কৰিছে যে জনসাধাৰণ সংগ্ৰামত জপিয়াই পৰক বা নপৰক, এতিয়া কিন্তু সংগ্ৰমৰেই সময়। কবিৰ ভাষাত–
“ধুমুহা আহক নাহক
আজি বিজুলী শিখাৰ দিন।” (ধুমুহা আহক নাহক)
কবিয়ে সমাজ বিৰোধী শক্তিসমূহক ৰাসক্ষকৰ লগত ৰিজাই সিহঁতৰ বিৰুদ্ধে লিখিছে–
মুক্তিৰ স্নায়ু লৈ মই আহত জটায়ু
মোক যদি দিয়া অলপ আয়ু
শেষ কৰি দিব পাৰোঁ ৰাক্ষকৰ প্ৰাণ বায়ু।” (জটায়ু)
দৰিদ্ৰতাৰ চৰম সীমাত উপনীত হৈ বহুতো ডেকাই বিপ্লৱৰ পথকেই বাছি লোৱাৰ সপোন দেখে। কবিয়ে তেনে এজন দৰিদ্ৰ নীপিড়িত খঙাল ল’ৰাৰ বিপ্লৱত বিশ্বাসী হৈ লিখিছে–
“পলসত পৰা হৰিনাৰ দৰে নিৰুপায়
ভোক পিয়াহে জৰ্জৰিত
সি এতিয়া এটা খঙাল ল’ৰা
সি ৰৈ আছে বৰদৈচিলাৰ বাবে
অৰণ্যৰ প্ৰতিজোপা গছে এতিয়া
একেলগে মিলি মুক্তিৰ কীচক বেণু বজাব।” (খঙাল ল’ৰা)
কবি অকল বিপ্লৱীয়েই নহয় আশাবাদীও। কবিয়ে আশা কৰে যে বিপ্লৱৰ জৰিয়তে সমাজ পৰিবৰ্তন হ’বই। সেয়ে আশাবাদৰ সুৰটো কবিৰ বিপ্লৱী সুৰৰ সৈতে একেটা তালত বাজি উঠিছে। কবিয়ে কৈছে–
“তথাপি থুপুৰি সময় আছে, নেপাহৰিবি ঘামৰ
ৰাতিৰ পৰশ, উজ্জ্বল উদাত্ত পাৰ্থিৱ গান
তথাপি লুইতে উজোৱা জাহাজৰ সেই গুমগুমনি
নকৰিবি আওকাণ।” (তথাপি সময় আছে)
কবিয়ে বিজ্ঞানৰ পোহৰত আলোকিত কল্যাণময়ী পৃথিৱীৰ আশাত কৈছে–
“এখন পৃথিৱী লাগে
য’ত বিজ্ঞান অপ্সৰী হ’ব
কল্যাণৰ পাখি মেলি আনি দিব
চৈতন্যৰ মহাজাগৰণ।” (ইস্তাহাৰ)
কবি নলিনীধৰ আশাবাদত বিশ্বাসী হৈ সবৰ্বাতো প্ৰকাৰে শোষিত, বঞ্চিত, নিপীড়িত, অত্যাচাৰিত, নিৰ্যাতিত ‘নিমাতি কইনা’ক আশ্বাস দি লিখিছে–
“সময়ে সময় দিব অ’ নিমাতি, হ’ব শেষ
দুখৰ ৰাতি
দিন ৰাতিৰ সহজ সোৱাদ তই আকৌ ঘূৰাই পাবি।” (পানী তোলা গীত)
আকৌ আন এটি কবিতাত আশাবাদত সম্পূৰ্ণ বিশ্বাসী হৈ কবিয়ে লিখিছে–
“মই জানো চৌপাশৰ বতাহৰ লগত
মৃত্যুৰ গোপন ষড়যন্ত্ৰ ব্যৰ্থ কৰা
তাৰ এই সুন্দৰ প্ৰয়াসত ফুল ফুলিবই।” (অতিক্ৰমণৰ গীত)
কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাত ভাষা দূৰন্বয় নহয় যদিও কোনো কোনো কবিতাৰ ভাষা আৰু শাব্দিক স্বচ্ছন্দতা গদ্যৰ শাৰীত পৰি কেতিয়াবা গদ্যতকৈয়ো তলত নামি গৈছে। উদাহৰণ–
“নাতিনীৰ জন্মদিন উছৱৰ বাবে কিনিবলে’
মাছৰ কোলঠি মূৰ দ্ৰুত গতিত খোজ দিয়ে খাজাঞ্চি ককাই।” (গুৱাহাটী)
কবিৰ ভাষাত খোকোঁজা থাকিলেও কবিৰ কবিতাত স্পন্দন আছে, নতুনত্বৰ সোৱাদ আছে আৰু আছে সুৰৰ দীৰ্ঘদেহী ঝংকাৰ। অৱশ্যে কেতিয়াৱা কবিৰ ছন্দ আৰু বাক্য গাঁঠনিত বঙালী কবি নজৰুল ইছলামৰ ৰীতি আৰু সুৰ ধবনিত হয়। উদাহৰস্বৰূপে তলৰ দুশাৰী কবিতা উদ্ধৃত কৰিব পাৰি–
“মই সৈনিক পুৰি দৈনিক ক্ষুধাৰ দৈন্য সুধাৰ সৈন্য গঢ়ো
মই নান্দনিক বস্তুপটত ৰঙা হাইতাল হেঙুলৰ বোল সাঁনো।” (মই)
তুলনা হিচাপে কবি নজৰুল ইছলামৰ দুশাৰী কবিতা উদ্ধৃত কৰিব পাৰি, যথাঃ
“আয়ৰে আবাৰ আমাৰ চিৰ তিক্ত প্ৰাণ
গাইবি আবাৰ কণ্ঠ ছেঁড়া বিষ অভিশাপ সিক্ত প্ৰাণ।” (আয়ৰে চিৰ তিক্ত প্ৰাণ)
কবি নলিনীধৰ ভট্টাচাৰ্যৰ কাব্যিক ভাষাক মাজে মাজে অনুপ্ৰাস অলংকাৰে ঝংকৃত কৰি তুলিছে। উদাহৰণ- “কার্পেটৰ কপট কাহিনী”, “বীভৎস, বিপন্ন, বিষন্ন পৃথিৱী” ইত্যাদি।
কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাত অৰ্থালংকাৰৰ ভিতৰত উপমা অলংকাৰৰ প্ৰাধান্য দেখা যায়। তেওঁৰ উপমা মৌলিক আৰু অভিনৱ নহয় যদিও ভাৱৰ লগত সঙ্গতি ৰাখি পৰম্পৰাগতভাৱে চলি অহা চিনাকী উপমা অলংকাৰ ব্যৱহাৰ কৰিছে। যেনে–
(ক) ‘মৰা মানুহৰ দৰে চেঁচা।’
(খ) ‘পকা আঙঠাৰ দৰে তোমাৰ ক্ৰোধ।’
(গ) ‘নিজৰাৰ দৰে তোমাৰ চকুলো।’
সামৰণিত ক’ব পাৰি যে ভাষা, ছন্দ, স্পন্দন আৰু অলংকাৰৰ দিশত কবি হিচাপে নলিনীধৰ ভট্টাচাৰ্যই কবিতাৰ বিষয়-বস্তুৰ লগত সঘন সম্বন্ধ স্থাপন কৰিবলৈ সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই যদিও কবিতাৰ বিষয় প্ৰসঙ্গ নিৰ্বাচনত সম্পূৰ্ণৰূপেই সফল বাস্তৱবাদী আৰু সাম্যবাদত বিশ্বাসী জনগনৰ প্ৰতিনিধিত্বশীল কবি। ০ ০ ০
বি. দ্র. উক্ত ‘নলিনীধৰ ভট্টাচাৰ্যৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা ‘ ৰচনাটি ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: