Home Quiz পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

0

পৰিসংখ্যা বিজ্ঞান কুইজ-২ । Statistics Quiz-2

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

 

পৰিসংখ্যা বিজ্ঞান কুইজ-২, Statistics Quiz-2

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

প্ৰশ্নঃ  ভাৰবৰ্ষত কেইবছৰৰ মূৰে মূৰে লোক পিয়ল কৰা হয়?

উত্তৰঃ প্ৰতি দহ বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত লোকপিয়ল কৰা হয়।

প্ৰশ্নঃ  প্ৰতিদৰ্শ বুলিলে কি বুজা?

উত্তৰঃ সমষ্টিৰ প্ৰতিনিধিত্বমূলক ক্ষুদ্ৰ অংশক ‘প্ৰতিদৰ্শ’ বুলি কোৱা হয়।

প্ৰশ্নঃ বহু  বিকল্প  প্ৰশ্ন বুলিলে কি বুজা?

উত্তৰঃ  যেতিয়া এটা প্ৰশ্নৰ উত্তৰৰ দুটাতকৈ বেছি বিকল্প থাকে, তেনে প্ৰশ্নক ‘বহু বিকল্প প্ৰশ্ন’ বুলি কোৱা হয়।

প্ৰশ্নঃ পৰীক্ষামূলক সমীক্ষা বুলিলে কি বুজা?

উত্তৰঃ প্ৰশ্নাৱলী সাজু হোৱাৰ পিছত এটা সৰু গোটৰ ওপৰত সেইখনৰ যি পৰীক্ষা কৰি চোৱা হয় তাক ‘পৰীক্ষামূলক সমীক্ষা’ বুলি কোৱা হয়।

প্ৰশ্নঃ নমুনা বুলিলে কি বুজা?

উত্তৰঃ নমুনা বুলিলে কোনো সমষ্টিৰ এটা থুপ বা অংশক বুজায় য’ৰ পৰা অধ্যয়নৰ কাৰণে তথ্য সংগ্ৰহ কৰিব পৰা যায়।

প্ৰশ্নঃ শ্ৰেণী মধ্যমান সমান হয়–(তলৰ কোনটো বিকল্প সত্য)

(ক) শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ গড়ৰ

(খ) উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ পূৰণফলৰ

(গ) উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ অনুপাতৰ

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ গড়ৰ।

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

প্ৰশ্নঃ দুটা চলকৰ বাৰংবাৰতা বিভাজনক কোৱা হয়—(তলৰ কোনটো বিকল্প সত্য)

(ক) এক চলকযুক্ত বিভাজন

(খ) দ্বি-চলকযুক্ত বিভাজন

(গ) বহু চলকযুক্ত বিভাজন

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) দ্বি-চলকযুক্ত বিভাজন।

প্ৰশ্নঃ শ্ৰেণীকৃত  তথ্যত পাৰিসাংখ্যিক গণনা ভিত্তি  কৰে—(তলৰ কোনটো বিকল্প সত্য)

(ক)  আৱেক্ষণৰ প্ৰকৃত মানৰ ওপৰত

(খ)  উচ্চ শ্ৰেণী সীমাৰ ওপৰত

(গ)  নিম্ন শ্ৰেণী সীমাৰ ওপৰত

(ঘ)  শ্ৰেণী মধ্যমানৰ ওপৰত।

উত্তৰঃ (ঘ) শ্ৰেণী মধ্যমানৰ ওপৰত।

প্ৰশ্নঃ বিবৰ্জিত পদ্ধতিত –(তলৰ কোনটো বিকল্প সত্য)

(ক) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা বাদ দিয়া হয়। 

(খ) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা অন্তৰ্ভূক্ত কৰা হয়।

(গ) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা বাদ দিয়া হয়।

(ঘ) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা অন্তৰ্ভূক্ত কৰা হয়।

উত্তৰঃ (ক) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা বাদ দিয়া হয়।

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

প্ৰশ্নঃ পৰিসৰ হ’ল —(তলৰ কোনটো বিকল্প সত্য)

(ক) উচ্চতম আৰু নিম্নতম আৱেক্ষণৰ পাৰ্থক্য।

(খ) নিম্নতম আৰু উচ্চতম আৱেক্ষণৰ পাৰ্থক্য।

(গ) উচ্চতম আৰু নিম্নতম আৱেক্ষণৰ গড়।

(ঘ) উচ্চতমৰ লগত নিম্নতম আৱেক্ষণৰ অনুপাত।

উত্তৰঃ (ক) উচ্চতম আৰু নিম্নতম আৱেক্ষণৰ পাৰ্থক্য।

প্ৰশ্নঃ তথ্যৰ শ্ৰেণীকৰণ বুলিলে কি বুজা?

উত্তৰঃ যি পদ্ধতিৰে সংগৃহীত তথ্যসমূহক সিহঁতৰ অন্তৰ্গত এটা সাধাৰণ বৈশিষ্ট্য সাপেক্ষে ভাগ-ভাগকৈ সজোৱা হয়, তাকেই পৰিসংখ্যা বিজ্ঞানত ‘তথ্যৰ শ্ৰেণীকৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  কেঁচা তথ্য মানে কি?

উত্তৰঃ অনুসন্ধান প্ৰক্ৰিয়াত অনুসন্ধানকাৰীয়ে মৌলিক অৱস্থাত সংগ্ৰহ কৰা তথ্যক ‘কেঁচা তথ্য’ বোলে।

প্ৰশ্নঃ শ্ৰেণী বুলিলে কি বুজা?

উত্তৰঃ শ্ৰেণী বুলিলে সমগুণবিশিষ্ট তথ্যৰ থূপক বুজায়।

প্ৰশ্নঃ  শ্ৰেণী সীমা বা পৰিবন্ধ মানে কি?

উত্তৰঃ  শ্ৰেণীসীমা হ’ল এটা শ্ৰেণীৰ দুয়োটা মূল বা প্ৰান্ত। শ্ৰেণীটোৰ নিম্নতম মূল্যক নিম্ন শ্ৰেণীসীমা আৰু উচ্চতম মূল্যক উচ্চ শ্ৰেণীসীমা বুলি কোৱা হয়।

প্ৰশ্নঃ  বাৰংবাৰতা মানে কি?

উত্তৰঃ  কোনো এটা সংখ্যা কিমানবাৰ পুনৰাবৃত্তি হ’ল, তাক বাৰংবাৰতা বুলি কোৱা হয়।

প্ৰশ্নঃ দাগ চিহ্ন কি?

উত্তৰঃ যেতিয়া প্ৰতিটো বাৰংবাৰতা এটা দাগ (। ) দি  বুজোৱা হয়, তেতিয়া তাক দাগ চিহ্ন বোলে ।

প্ৰশ্নঃ  পৰিসৰ মানে কি?

উত্তৰঃ পৰিসৰ হ’ল চলকৰ উচ্চতম আৰু নিম্নতম মূল্যৰ মাজৰ পাৰ্থক্য।

প্ৰশ্নঃ  তথ্যৰ গুণবাচক লক্ষণ কি?

উত্তৰঃ যেতিয়া তথ্যসমূহ সংখ্যাগতভাৱে প্ৰকাশ কৰিব নোৱাৰি, তেতিয়া তথ্যৰ একে বৈশিষ্ট্যক ‘গুণগত বা গুণবাচক লক্ষণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  গুণবাচক শ্ৰেণীকৰণ বুলিলে কি বুজা?

উত্তৰঃ গুণবাচক বৈশিষ্ট্যৰ ভিত্তিত তথ্য শ্ৰেণীকৰণ কৰিলে তাক ‘গুণবাচক শ্ৰেণীকৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  তথ্যৰ সংখ্যাত্মক শ্ৰেণীকৰণ বুলিলে কি বুজা?

উত্তৰঃ সংখ্যাত্মক বৈশিষ্ট্যৰ ভিত্তিত তথ্য শ্ৰেণীকৰণ কৰিলে তাক ‘সংখ্যাত্মক শ্ৰেণীকৰণ’ বুলি কোৱা হয়।

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

প্ৰশ্নঃ  আৱেক্ষণ মানে কি?

উত্তৰঃ কেঁচা তথ্যৰ প্ৰতিটো গোটক একোটা ‘আবেক্ষণ’ বুলি কোৱা হয়। 

প্ৰশ্নঃ  শ্ৰেণী অন্তৰাল বুলিলে কি বুজা?

উত্তৰঃ  শ্ৰেণী অন্তৰাল হ’ল উচ্চ শ্ৰেণী সীমা আৰু  নিম্ন শ্ৰেণী সীমাৰ পাৰ্থক্য।

প্ৰশ্নঃ  সৰল শ্ৰেণীকৰণ কাক বোলে ?

উত্তৰঃ যেতিয়া সংগৃহীত তথ্যসমূহ এটা মাত্ৰ গুণৰ ভিত্তিত শ্ৰেণীবদ্ধ কৰা হয়, তেতিয়া তেনে শ্ৰেণীকৰণক ‘সৰল শ্ৰেণীকৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  জটিল শ্ৰেণীকৰণ কাক বোলে?

উত্তৰঃ সংগৃহীত তথ্যসমূহক এটা গুণৰ ভিত্তিত এবাৰ বিভাজিত কৰাৰ পিছত যদি আকৌ পুনৰ বিভাজন কৰা হয়, তেন্তে তেনে বিভাজনক ‘জটিল শ্ৰেণীকৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  শ্ৰেণী বিভাজনৰ ৰ্দ্ঘ্যৈ বুলিলে কি বুজা?

উত্তৰঃ কোনো শ্ৰেণী বিভাগৰ প্ৰকৃত উধৰ্ব আৰু নিম্ন শ্ৰেণী সীমাৰ পাৰ্থক্য উক্ত শ্ৰেণী বিভাগৰ  ‘শ্ৰেণী ৰ্দ্ঘ্যৈ’ বোলা হয়।

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

প্ৰশ্নঃ  শ্ৰেণী বাৰংবাৰতা বুলিলে কি বুজা?

উত্তৰঃ চলকৰ যিমানটা মান এটা শ্ৰেণী বিভাগত অন্তৰ্ভূক্ত কৰিব পৰা যায়, তাৰ সংখ্যাকেই উক্ত শ্ৰেণীৰ বাৰংবাৰতা বোলে।

প্ৰশ্নঃ  শ্ৰেণী মধ্যমান কাক বোলে ?

উত্তৰঃ কোনো শ্ৰেণী বিভাগৰ সোঁমাজৰ মানটোক শ্ৰেণীমান বা শ্ৰেণীমধ্যমান বুলি কোৱা হয়।

প্ৰশ্নঃ  বিবৰ্জিত পদ্ধতিত উচ্চ শ্ৰেণীসীমা বাদ দিয়া হয়, কিন্তু নিম্ন শ্ৰেণীসীমা অন্তৰ্ভূক্ত কৰা  হয় নে?

উত্তৰঃ হয়। ০ ০ ০

পৰিসংখ্যা বিজ্ঞান কুইজ-২, Statistics Quiz-2

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

পৰিসংখ্যা বিজ্ঞান কুইজ-২। Statistics Quiz-2

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here