Home Quiz পৰিসংখ্যা বিজ্ঞান কুইজ-৪

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

0

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

 

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

প্ৰশ্নঃ মানক বিচলন কি?

উত্তৰঃ কোনো তথ্য শ্ৰেণীৰ ৰাশিবিলাকৰ সমান্তৰ মাধ্যমৰ পৰা লোৱা বিচলনৰ বৰ্গৰ সমান্তৰ মাধ্যৰ ধনাত্মক বৰ্গমূলক ‘মানক বিচলন’ বোলে।

প্ৰশ্নঃ বিক্ষেপণ বা বিচ্ছুৰণ বুলিলে কি বুজা?

উত্তৰঃ কোনো বিভাজন বা তথ্য শ্ৰেণীৰ মানসমূহ সেই মানবোৰৰ গড় মানৰ পৰা কিমান দূৰত সিঁচৰতি হৈ আছে, তাৰ মাপ বা জোখক ‘বিক্ষেপণৰ মাপ বা বিচ্ছুৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  ল’ৰেঞ্জ ৰেখা কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ পৰিসখ্যাবিদ ড𝆩 ল’ৰেঞ্জে  ‘ল’ৰেঞ্জ ৰেখা’ উদ্ভাৱন কৰিছিল।

প্ৰশ্নঃ  চতুৰ্থক বিচলন বুলিলে কি বুজা?

উত্তৰঃ প্ৰদত্ত তথ্যৰ মানসমূহৰ তৃতীয় চতুৰ্থাংশ আৰু এক চতুৰ্থাংশৰ পাৰ্থক্যক আন্তঃচতুৰ্থক পৰিসৰ আৰু উক্ত পাৰ্থক্যৰ আধাংশক ‘চতুৰ্থক বিচলন’ বুলি কোৱা হয়।

প্ৰশ্নঃ  মানক বিচলন বা প্ৰামাণিক বিচলন বুলিলে কি বুজা?

উত্তৰঃ প্ৰদত্ত তথ্যৰ সমান্তৰাল মাধ্যৰ বৰ্গমূলক‘ প্ৰামাণিক বিচলন’ বুলি কোৱা হয়। প্ৰকৃত সমান্তৰ  মাধ্য অথবা আনুমানিক সমান্তৰ মাধ্যৰ পৰা প্ৰামাণিক বিচলনৰ মাধ্য নিৰ্ণয় কৰা হয়।

প্ৰশ্নঃ পৰিসৰ জোখাৰ সূত্ৰটো উল্লেখ কৰা।

উত্তৰঃ পৰিসৰ জোখাৰ সূত্ৰটো হ’ল–

R = L – S

য’ত  R =  বিস্তাৰ

L = আটাইতকৈ ডাঙৰ মান

S = আটাইতকৈ সৰু মান।

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

প্ৰশ্নঃ  সহসম্বন্ধ বুলিলে কি বুজা?

উত্তৰঃ সহসম্বন্ধ হ’ল এক পৰিসাংখ্যিক পদ্ধতি যাৰ যোগেদি দুটা বা ততোধিক চলকৰ মাজৰ সংপৰিৱৰ্তন অধ্যয়ন কৰিব পৰা যায়।

প্ৰশ্নঃ  যোগাত্মক সহসম্বন্ধ বুলিলে কি বুজা?

উত্তৰঃ যদি দুটা চলক একেলগে একে দিশে গতি কৰে, তেতিয়া তেনে সহসম্বন্ধক ‘যোগাত্মক সহসম্বন্ধ’ বোলে।

প্ৰশ্নঃ ঋণাত্মক সহসম্বন্ধ বুলিলে কি বুজা?

উত্তৰঃ চলক দুটা যেতিয়া বিপৰীত দিশে গতি কৰে, তেতিয়া তেনে সহসম্বন্ধক ঋণাত্মক সহসম্বন্ধ বোলে।

প্ৰশ্নঃ ৰৈখিক সহসম্বন্ধ কি?

উত্তৰঃ চলকৰ মানবোৰ বহুৱাই পোৱা বিন্দুবোৰ এডাল ৰেখাত নাইবা ৰেখাৰ কাষত থাকিলে, তেনে সহসম্বন্ধক ‘ৰৈখিক সহসম্বন্ধ’ বোলে।

প্ৰশ্নঃ   সহসম্বন্ধ কেইধৰণৰ?

উত্তৰঃ সহসম্বন্ধ তিনি ধৰণৰ। যেনে– ধনাত্মক, ঋণাত্মক আৰু শূন্য সহসম্বন্ধ।

প্ৰশ্নঃ যদি দুটা চলকৰ পৰিৱৰ্তন ভিন্নমুখী হয়, তেনেহ’লে চলক দুটাৰ মাজত কি প্ৰকাৰৰ সহসম্বন্ধ থাকিব?

উত্তৰঃ ঋণাত্মক সহসম্বন্ধ।

প্ৰশ্নঃ শূন্য সহসম্বন্ধই স্বতন্ত্ৰতা বুজায়  নে?

উত্তৰঃ হয়।

প্ৰশ্নঃ কেতিয়া অনুস্থিতি সহসম্বন্ধ সাধাৰণ সহসম্বন্ধ গুণাংকতকৈ অধিক সঠিক  হয়?

উত্তৰঃ যেতিয়া চলকবোৰ সঠিকভাৱে জুখিব নোৱাৰি তেতিয়া অনুস্থিতি সহসম্বন্ধ সাধাৰণ সহসম্বন্ধ গুণাংকতকৈ অধিক সঠিক হয়।

প্ৰশ্নঃ সূচকাংক  কি?

উত্তৰঃ কিছুমান পৰস্পৰ সম্পৰ্ক থকা চলকৰ সমষ্টিৰ মানৰ পৰিৱৰ্তন জুখিবলৈ যি পৰিসাংখ্যিক আহিলা ব্যৱহাৰ কৰা হয়, তাক ‘সূচকাংক’ বোলে।

প্ৰশ্নঃ  সূচকাংকৰ প্রকাৰবোৰ কি কি?

উত্তৰঃ সূচকাংক দুই প্ৰকাৰৰ। যেনে– সাধাৰণ বা অভাৰিত আৰু ভাৰিত বা ভাৰযুক্ত।

প্ৰশ্নঃ দামৰ পৰিৱৰ্তন জোখা সূচকাংকটো কি?

উত্তৰঃ মূল্য সূচকাংক।

প্ৰশ্নঃ  সূচকাংক গঠনৰ পদ্ধতি কি কি?

উত্তৰঃ সূচকাংক গঠনৰ পদ্ধতি দুটা। যেনে– সমষ্টিগত পদ্ধতি আৰু আপেক্ষিক গড় পদ্ধতি।

প্ৰশ্নঃ  সামগ্ৰীৰ আপেক্ষিক গুৰুত্বৰ হিচাপ কৰা সূচকাংকটো কি?

উত্তৰঃ ভাৰিত বা ভাৰযুক্ত সূচকাংক।

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

প্ৰশ্নঃ বেছিভাগ ভাৰযুক্ত সূচকাংকত ভাৰসমূহ কোন বছৰৰ?

উত্তৰঃ ভিত্তি বছৰৰ।

প্ৰশ্নঃ  সাধাৰণ মুদ্ৰাস্ফীতিত কি সূচকাংক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ গ্ৰাহক মূল্য সূচকাংক।

প্ৰশ্নঃ ঔদ্যোগিক কৰ্মীৰ গ্ৰাহক মূল্য সূচকাংকত সর্ব্বাধিক ভাৰপ্ৰাপ্ত সামগ্ৰীবিধ কি?

উত্তৰঃ খাদ্য।

প্ৰশ্নঃ গ্ৰাহক মূল্য সূচকাংকই কিহৰ পৰিৱৰ্তন জোখে?

উত্তৰঃ খুচৰা দামৰ।

প্ৰশ্নঃ  কম ভাৰযুক্ত এটা সামগ্ৰীৰ দামৰ পৰিৱৰ্তনৰ  প্ৰভাৱ সূচকাংকটোৰ ওপৰত কম হয় নে বেছি  হয়?

উত্তৰঃ কম হয়। ০ ০ ০ পৰিসংখ্যা বিজ্ঞান কুইজ-৪

পৰিসংখ্যা বিজ্ঞান কুইজ-৪

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here