বহুৰঙী–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Bahurangi

0

বহুৰঙী –এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

বহুৰঙী --এক সমালোচনাত্মক বিশ্লেষণ

বহুৰঙী –এক সমালোচনাত্মক বিশ্লেষণ

বহুৰঙী–এক সমালোচনাত্মক বিশ্লেষণ

‘বহুৰঙী’ কবিতাটি ব্যঙ্গাত্মক কবিতা। ইয়াত কবিয়ে দেশৰ বুদ্ধিজীবিসকলৰ কাৰ্যকলাপক ব্যঙ্গ কৰি সমাজ-সভ্যতাৰ অৱক্ষয়ী ৰূপ নগ্ন কৰি দেখুৱাইছে।

কবিয়ে দেখা পাইছে সভ্যতাৰ মূল আদৰ্শ সঠিক পথৰ পৰা খহি পৰিছে, তাৰ লগে লগে বুদ্ধিজীৱি সকলৰো মানসিক পৰিবৰ্তন আহিছে নাইবা বুদ্ধিজীৱি সকলে ভাঙোনমুখী সভ্যতাৰ পিনে চাই মানসিক আঘাত পাইছে আৰু মানসিক বিকাৰগ্ৰস্ত হৈ অসামাজিক কামত লিপ্ত হৈছে। কবিৰ ভাষাত–

“মেৰুদণ্ডহীন সভ্যতাৰ ছিন্নমূল অৱয়বত

মূৰ দোঁৱাই পৰি আছে বুদ্ধিজীৱি

হাতত মদৰ বটল, কাষত বিবৰ্ণ দেহৰ নাৰী।’

বুদ্ধিজীৱি সকলৰ কিছুমানে ভাৰসাম্য হেৰুৱাই অসামাজিক কাৰ্য-কলাপত লিপ্ত হোৱাৰ উপৰিও কিছুমানে ভণ্ড বুদ্ধিজীৱিৰ ভাওঁ লৈছে।সেয়ে পঢ়া কোঠালিৰ মেজত নৃতাত্বিক পুথি পৰি আছে যদিও তালৈ বুদ্ধিজীৱিৰ কোনো মন-কাণ নাই; আছে যৌন কামনা চৰিতাৰ্থ কৰাৰ অন্ধ বাসনা অৰ্থাৎ ‘নীলা পোহৰৰ চাকি’। কবিয়ে কৈছে–

অধ্যয়নৰ কোঠাত নীলা পোহৰৰ চাকি

পঢ়াৰ মেজত গৱেষণাগাৰৰ নৃতাত্বিক পুথি।”

বুদ্ধিজীৱি সকল মূহুৰ্তে মূহুৰ্তে ৰং সলাই থকা ডাৱৰীয়া আকাশৰ সূৰ্যটোৰ দৰে। ৰাতি হ’লেই সিহঁতৰ পশু বাসনা আৰম্ভ হয় আৰু সূৰুয উদয় হ’লেই বুদ্ধিজীৱিৰ ভাও জোৰে, বাতৰি কাকতত প্ৰকাশ কৰে নাৰী বিষয়ক বিশ্লেষণাত্মক অধ্যয়ন। কবিৰ ভাষাত–

“ৰাতি পুৱালেই সলোৱা হ’ব সাজ

দেশৰ  নামী কাকতত প্ৰকাশ পাব

বুদ্ধিজীৱিৰ নাৰী বিষয়ক বিশ্লেষণাত্মক পাঠ।”

বৰ্তমান সমাজত নিজকে বুদ্ধিজীৱি বুলি দাবী কৰা মানুহৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে।  কিন্তু সিহঁতৰ সকলোৰে গাত থাকিবলগীয়া বুদ্ধিজীৱিৰ গুণবোৰ নাই। কবি ইছমাইলে  বুদ্ধিজীৱিৰ ভাও লোৱা ভণ্ড বুদ্ধিজীৱিৰ প্ৰকৃতি ব্যঙ্গাত্মকভাৱে কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰি কবি হিচাপে নিজৰ দায়িত্ব পালন কৰিছে আৰু ইয়াতেই কবিৰ প্ৰাগলভতা প্ৰকাশ পাইছে। কবিতাটি বিষয়-বস্তুৰ দিশৰ পৰা সময়োপযোগী হৈছে । ইয়াৰ ভাষা শৈলী সাধাৰণ গদ্যময়। ০ ০ ০

বহুৰঙী –এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here