Home Quiz বিশ্ব বুৰঞ্জী কুইজ

বিশ্ব বুৰঞ্জী কুইজ

0

বিশ্ব বুৰঞ্জী কুইজ

বিশ্ব বুৰঞ্জী কুইজ

 

বিশ্ব বুৰঞ্জী কুইজ

বিশ্ব বুৰঞ্জী কুইজ

প্ৰঃ বুৰঞ্জী সাহিত্যৰ পিতৃ কোন?

উঃ  হিৰ’ডটাচ (গ্ৰীচ)

প্ৰঃ বুৰঞ্জী শব্দৰ অৰ্থ কি?

উঃ  নজনা কথা জনাৰ ভঁৰাল।

প্ৰঃ কিমান চনত স্পাৰ্টাৰ যুদ্ধ সংঘটিত হৈছিল?

উঃ  459 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ মাৰাথনৰ যুদ্ধ কিমান চনত হৈছিল?

উঃ  490 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ হেষ্টিংচৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উঃ  1066 চনত।

প্ৰঃ হেষ্টিংচৰ যুদ্ধত কোন পৰাজিত হৈছিল?

উঃ  ইংলণ্ডৰ ৰজা হেৰল্ড।

প্ৰঃ স্পাৰ্টাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উঃ  স্পাৰ্টা আৰু এথেঞ্চৰ মাজত।

প্ৰঃ বিখ্যাত টিউডৰ বংশৰ ৰজাসকলে ক’ত শাসন কৰিছিল?

উঃ  ইংলণ্ডত।

বিশ্ব বুৰঞ্জী কুইজ

প্ৰঃ নেপোলিয়ন কোন দেশৰ একনায়ক হৈছিল?

উঃ  ফ্রান্সৰ।

প্ৰঃ ইংৰাজসকলে নেপোলিয়নক কোন যুদ্ধত পৰাজিত কৰিছিল?

উঃ  ওৱাটাৰলুৰ যুদ্ধত।

প্ৰঃ কোন দেশৰ সম্ৰাটক ‘জাৰ’ বুলি কোৱা হৈছিল?

উঃ  ৰাছিয়া।

প্ৰঃ বুৰবন বংশৰ ৰজাসকলে ক’ত ৰাজত্ব কৰিছিল?

উঃ  ফ্রান্সত।

প্ৰঃ আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল?

উঃ খ্ৰীষ্টপূবৰ্ব 2000-1500  মাজত।

প্ৰঃ প্ৰাচীন ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয়?

উঃ সিন্ধু সভ্যতা।

প্ৰঃ মৌৰ্য সম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্ৰঃ মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

উঃ 327 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে?

উঃ খ্ৰীষ্টপূৰ্ব 321.

প্ৰঃ মগধ সম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?

উঃ বিম্বিসাৰ।

প্ৰঃ শ্রেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

বিশ্ব বুৰঞ্জী কুইজ

প্ৰঃ গুপ্তবংশৰ ৰাজত্বকালছোৱাত মগধৰ ৰাজধানী ক’ত আছিল ?

উঃ পাটলিপুত্ৰ।

প্ৰঃ কোনে সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল?

উঃ উপগুপ্ত নামৰ এজন বৌদ্ধ সন্নাসীয়ে।

প্ৰঃ কণিষ্ক কোন বংশৰ লোক আছিল?

উঃ কুষাণ বংশৰ।

প্ৰঃ কোনে ‘শকাব্দ’ নামৰ চনৰ প্ৰচলন কৰিছিল ?

উঃ কণিষ্কই।

প্ৰঃ ভাৰতৰ কোনজন সম্ৰাটক ‘ভাৰতৰ নেপোলিয়ন’ বুলি কোৱা হয়?

উঃ সমুদ্ৰগুপ্ত।

প্ৰঃ গুপ্ত বংশৰ কোনজন ৰজা সামৰিকি অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত?

উঃ সমুদ্ৰগুপ্ত।

প্ৰঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ বুলি কোৱা হয়?

উঃ  গুপ্তযুগক।

প্ৰঃ  ভাৰতৰ কোনজন ৰজাই ‘বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল?

উঃ  দ্বিতীয় চন্দ্ৰগুপ্ত।

প্ৰঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়?

উঃ গুপ্ত যুগক।

বিশ্ব বুৰঞ্জী কুইজ

প্ৰঃ ভাৰতৰ প্ৰাচীনতম ৰাজবংশটোৰ নাম কি?

উঃ মৌৰ্য বংশ।

প্ৰঃ কোনজন চীনা পৰিব্রাজকে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল?

উঃ  হিউৱেন-চাং।

বিশ্ব বুৰঞ্জী কুইজ

প্ৰঃ ভাৰতত কেতিয়া ‘বিক্ৰমী যুগ’ আৰম্ভ হয়?

উঃ খ্ৰীষ্টপূৰ্ব 58।

প্ৰঃ কোনে ভাৰতত পাল বংশ প্ৰতিষ্ঠা কৰে?

উঃ ৰজা গোপালে।

প্ৰঃ গুপ্ত বংশৰ শাসন কালত কোনটো বিদেশী জাতিয়ে ভাৰত আক্ৰমণ কৰিছিল?

উঃ  শূূণ জাতিয়ে।

প্ৰঃ গুপ্ত যুগত ভাৰতত কোন ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল?

উঃ হিন্দু ধৰ্ম।

প্ৰঃ কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?

উঃ খ্ৰীষ্টপূৰ্ব 487।

প্ৰঃ কোনজন ভাৰত শাসকক ‘অমিত্ৰঘাত’  আখ্যা দিয়া হৈছে?

উঃ বিন্দুসাৰ।

প্ৰঃ মহেঞ্জোদাৰো ক’ত অৱস্থিত?

উঃ পাকিস্থানৰ সিন্ধু প্ৰদেশত।

প্ৰঃ কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উঃ গুপ্ত বংশ।

প্ৰঃ চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

উঃ চেলিউকছ।

প্ৰঃ সিন্ধু উপত্যকাৰ সভ্যতা ধবংশ হোৱাৰ প্ৰধান কাৰণ কি আছিল?

উঃ বানপানী আৰু ধুমুহা।

প্ৰঃ বুদ্ধদেৱে সৰ্বপ্ৰথম ধৰ্মোপদেশ ক’ত দিছিল ?

উঃ ‘সাৰনাথ’ নামে ঠাইত।

প্ৰঃ ‘তৰাইনৰ যুদ্ধ’ কাৰ কাৰ মাজত সংঘঠিত হৈছিল ?

উঃ পৃথিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

প্ৰঃ তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল?

উঃ 1191 খ্ৰীষ্টাব্দত।

প্ৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?

উঃ 1192 খ্ৰীষ্ট্ৰাব্দত।

প্ৰঃ কুতুবুদ্দিন আইবাকে স্থাপন কৰা ৰাজবংশটোক কিয় ‘দাস’ বংশ বুলি কোৱা হয়?

উঃ কুতুবুদ্দিন ঘজনীৰ চুলতান মহম্মদ ঘোৰীৰ এজন দাস আছিল বাবে তেওঁ স্থাপন কৰা ৰাজ বংশক ইতিহাসত ‘দাস বংশ’ বুলি কোৱা হয়।

প্ৰঃ ভাৰতত কোনে দাস বংশ প্ৰতিষ্ঠা কৰিছিল?

উঃ কুতুবুদ্দিন আইবাকে।

বিশ্ব বুৰঞ্জী কুইজ

প্ৰঃ কুতুবুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল?

উঃ 4 বছৰ।

প্ৰঃ দাস বংশৰ কোনজন চুলতানক ‘লাখ বক্স’ বুলি কোৱা হয়?

উঃ কুতুবুদ্দিন আইবাকক ‘লাখবক্স’ বুলি কোৱা হৈছিল কাৰণ তেওঁ লাখ লাখ টকা দান কৰিছিল।

প্ৰঃ দাস বংশৰ তৃতীয়জন চুলতানৰ নাম কি?

উঃ ইলতুৎমিছ।

প্ৰঃ চেঙ্গিজ খাই কিমান চনত ভাৰত আক্ৰমণ কৰিছিল?

উঃ 1221 খ্ৰীষ্টাব্দত।

প্ৰঃ ইতিহাস প্ৰসিদ্ধ ‘কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰে আৰু কোনে সমাপ্ত কৰে?

উঃ কুতুবমিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে কুতুবুদ্দিনে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে ইলতুৎমিছে।

প্ৰঃ কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই ‘চুলতান-ই- আলম’ উপাধি প্ৰদান কৰিছিল?

উঃ ইলতুৎমিছক ।

প্ৰঃ কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ কি আছিল?

উঃ ইলতুৎমিছ কুতুবুদ্দিনৰ জোঁৱায়েক আছিল।

প্ৰঃ দাস বংশৰ শ্রেষ্ঠ চুলতানজন কোন আছিল?

উঃ ইলতুৎমিছ।

প্ৰঃ কাৰ ৰাজত্ব কালত চেঙ্গিজ খাঁই ভাৰত আক্ৰমণ কৰিছিল?

উঃ দিল্লীৰ চুলতান ইলতুৎমিছৰ ৰাজত্ব কালত। ০ ০ ০

বিশ্ব বুৰঞ্জী কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

বিশ্ব বুৰঞ্জী কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here