ভাৰত ক্ৰীড়া কুইজ
ভাৰত ক্ৰীড়া কুইজ
ভাৰত ক্ৰীড়া কুইজ
প্ৰঃ ভাৰতীয় ফুটবল ফেডাৰেচন কেতিয়া স্থাপন হৈছিল?
উঃ 1937 চনত।
প্ৰঃ কোনগৰাকী ভাৰতীয় এথলিটক ‘সোণৰ ছোৱালী’ বুলি জনা যায়?
উঃ পি টি ঊষা।
প্ৰঃ বিশ্ব অপেচাদাৰী বিলিয়াৰ্ড খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় কোন?
উঃ উইলচন জনচ।
প্ৰঃ 1989 চনত সুনীত লাহা কোনবিধ খেলত সৰ্বপ্ৰথম ভাৰতীয় বিশ্ব চেম্পিয়ন হৈছিল?
উঃ ভাৰ উত্তোলন।
প্ৰঃ ভাৰতৰ কোনজন বিখ্যাত হকী খেলুৱৈৰ উপনাম ‘হকীৰ যাদুকৰ’?
উঃ ধ্যানচান্দ।
প্ৰঃ ‘গ্ৰেণ্ডমাষ্টাৰ’ উপাধি পোৱা ভাৰতৰ প্ৰথম দবা খেলুৱৈজনৰ নাম কি?
উঃ বিশ্বনাথন আনন্দ।
প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে পোন প্ৰথমবাৰৰ বাবে 100 টা উইকেট দখল কৰিছিল?
উঃ কপিল দেৱ।
প্ৰঃ কোনবিধ খেলত লিয়েণ্ডাৰ পেজৰ মাতৃ জেনিফাৰ পেজে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল?
উঃ বাস্কেট বল।
প্ৰঃ ৰণথীৰ সিং নামৰ এজন ভাৰতীয় খেলুৱৈয়ে 1976 চনত অনুষ্ঠিত এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰিছিল। তেওঁ কোনবিধ খেলত এই পদক পাইছিল?
উঃ শ্বুটিং।
ভাৰত ক্ৰীড়া কুইজ
প্ৰঃ লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল?
উঃ 1952 চনত।
প্ৰঃ ভলীবলৰ দল এটাত কিমানজন খেলুৱৈ থাকে?
উঃ 6 জন।
প্ৰঃ কোনজন ভাৰতীয় দবা খেলুৱৈয়ে মাত্ৰ বাৰটা মুভত খেল শেষ কৰি বিশ্ব অভিলেখ ভঙ্গ কৰে?
উঃ বিশ্বনাথন আনন্দ।
প্ৰঃ ‘ভাৰতীয় ফুটবল সংস্থা’ৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন?
উঃ নুৰুল আমিন।
প্ৰঃ অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন?
উঃ আৰ. জি. বৰুৱা।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন?
উঃ সুৰেণৰাম ফুকন।
প্ৰঃ ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক উপন্যাসখনৰ লিখক কোন?
উঃ শ্যামা প্ৰসাদ শৰ্মা।
ভাৰত ক্ৰীড়া কুইজ
প্ৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন?
উঃ চুচেন দাস।
প্ৰঃ ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন?
উঃ জাভেদ জামান।
প্ৰঃ ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন?
উঃ বীৰেন বড়ো।
প্ৰঃ কোন তাৰিখত ‘অসমত ‘ক্ৰীড়া দিৱস’ উদযাপন কৰা হয়?
উঃ 17 অক্টোবৰত।
প্ৰঃ ‘বৰদলৈ ট্ৰফী প্ৰতিযোগিতা’ৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল?
উঃ 1993 চনত।
প্ৰঃ কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?
উঃ 1983 চনত।
প্ৰঃ ভাৰতৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়?
উঃ জীয়া ভৰলীত (অসম)।
প্ৰঃ প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?
উঃ বাবুল বাৰ্মিজ।
ভাৰত ক্ৰীড়া কুইজ
প্ৰঃ গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।
প্ৰঃ অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন?
উঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।
প্ৰঃ ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন?
উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।
প্ৰঃ উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল?
উঃ উইলিয়াম মেগৰ দ্বাৰা।
প্ৰঃ বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?
উঃ পল্লৱী পৰাশ।
প্ৰঃ ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?
উঃ বিতোপন শইকীয়া।
প্ৰঃ 1996 চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন?
উঃ এলভিছ আলী হাজৰিকা।
ভাৰত ক্ৰীড়া কুইজ
প্ৰঃ অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন?
উঃ টালিমেৰণ আও (1948 চন)।
প্ৰঃ অসমৰ কোন গৰাকী সাঁতোৰবিদে 9 টা সোণৰ পদক পাইছিল?
উঃ এলভিচ আলী হাজৰিকা।
প্ৰঃ ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল?
উঃ মানস দাস (1989 চন)।
প্ৰঃ 1985 চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক Îপাৱা অসমীয়া খেলুৱৈজন কোন?
উঃ মিঠু বৰুৱা।
প্ৰঃ এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন?
উঃ ভোগেশ্বৰ বৰুৱা (1966 চন)।
প্ৰঃ অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত?
উঃ নিপ বৰুৱা।
প্ৰঃ 2001 চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি?
উঃ অংশুমান দত্ত (14 বছৰ বয়সত)।
প্ৰঃ 1994 চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?
উঃ দীপাংকৰ ভট্টাচাৰ্য।
প্ৰঃ 1985 চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন?
উঃ ফ্রান্সিচ বৰুৱা।
প্ৰঃ ভাৰতীয় টেবুল টেনিচ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?
উঃ নন্দিনী বৰুৱা। 0 0 0
ভাৰত ক্ৰীড়া কুইজ
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ
ভাৰত ক্ৰীড়া কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- অর্থবিজ্ঞান
- অর্থনীতি
- বিজ্ঞান কুইজ
- আৱিষ্কাৰ কুইজ
- পদার্থ বিজ্ঞান কুইজ
- ৰসায়ন বিজ্ঞানৰ কুইজ
- জীবন বিজ্ঞান কুইজ
- অসমীয়া চলচিত্ৰৰ কুইজ
- ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান
- খেল ধেমালি কুইজ ..