Home Quiz মল্লযুদ্ধ কুইজ | Wrestling Quiz

মল্লযুদ্ধ কুইজ | Wrestling Quiz

0

মল্লযুদ্ধ কুইজ | Wrestling Quiz

মল্লযুদ্ধ কুইজ  Wrestling Quiz

 

মল্লযুদ্ধ কুইজ,  Wrestling Quiz

মল্লযুদ্ধ কুইজ | Wrestling Quiz

 প্ৰঃ পৃথিৱীৰ প্ৰাচীনতম ক্ৰীড়াবিধ কি?

উঃ মল্লযুদ্ধ।

প্ৰঃ মল্লযুদ্ধৰ ‘আখৰা’ মানে কি?

উঃ মল্লযোদ্ধাসকলে অনুশীলন কৰা স্থান।

প্ৰঃ কোন চনত মল্লযুদ্ধ অলিম্পিক খেলত অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ 1896 চনত।

প্ৰঃ আন্তৰ্জাতিক প্ৰতিযোগিতাবোৰত প্ৰচলিত মল্লযুদ্ধৰ দুটা ষ্টাইলৰ নাম উল্লেখ কৰা।

উঃ ফ্রী  ষ্টাইল আৰু গ্ৰেকো-ৰোমান।

প্ৰঃ ‘ষ্টন ক’ল্ড’ উপনামেৰে খ্যাত বিশ্ব মল্লযুদ্ধ ফেডাৰেচনৰ সৈতে জড়িত ব্যক্তি গৰাকীৰ নাম কি?

উঃ ষ্টিভ অষ্টিন।

প্ৰঃ ভাৰতীয় মল্লযুদ্ধ ফেডাৰেছন কোন চনত স্থাপিত হৈছিল?

উঃ 1967 চনত।

প্ৰঃ মল্লযুদ্ধৰ সৈতে জড়িত ভাৰতৰ কেইটামান খিতাপৰ নাম কোৱা।

উঃ হিন্দ কেশৰী, ৰুস্তম-ই-পঞ্জাৱ, নাও শ্বেৰা, ৰুস্ত-ই-হিন্দ, ৰুস্তম-ই-জমানা আদি।

প্ৰঃ কোন দুটা চনৰ অলিম্পিক খেলত ভাৰতে মল্লযুদ্ধত ব্রঞ্জৰ পদক লাভ কৰিছিল?

উঃ 1952 চনত অনুষ্ঠিত হেলচিনকি আৰু 2008 চনৰ বেইজিং অলিম্পিকত।

মল্লযুদ্ধ কুইজ,  Wrestling Quiz

প্ৰঃ কোন চনত এচিয়ান গেমছত মল্লযুদ্ধক অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ 1954 চনত।

প্ৰঃ গ্ৰেকো-ৰোমান প্ৰকাৰৰ মল্লযুদ্ধৰ বাবে এজন মল্লযোদ্ধাৰ ওজন কমেও কিমান হ’ব লাগে?

উঃ 55 কি.গ্ৰাঃ।

প্ৰঃ 2006 চনৰ বিশ্বকাপ ফ্রী ষ্টাইল মল্লযুদ্ধত কোনখন দেশ বিজয়ী হৈছিল?

উঃ ইৰাণ।

প্ৰঃ 2006 চনৰ মহিলাৰ বিশ্বকাপ মল্লযুদ্ধ ক’ত অনুষ্ঠিত হৈছিল?

উঃ নগয়া (জাপান)।

প্ৰঃ 1952 আৰু 2004 চনৰ অলিম্পিক খেলত কোন দুজন ভাৰতীয়ই মল্লযুদ্ধত ব্রঞ্জৰ পদক লাভ কৰিছিল?

উঃ কে ডি যাদৱ আৰু সুনীল কুমাৰ।

প্ৰঃ ‘উৱেৰ কাপ’ মল্লযুদ্ধৰ সৈতে জড়িত হয় নে?

উঃ নহয়।

প্ৰঃ এজন ৰাছিয়ান মল্লযুদ্ধাৰ নাম কোৱা।

উঃ এলেক্সি মিচাইন।

প্ৰঃ আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰ আগৰ ক’ত মল্ল যুজাৰু পুৰুষৰ চিত্ৰ অংকন কৰা আছে?

উঃ মিছৰৰ পিৰামিডৰ বেৰত। 0 0 0

মল্লযুদ্ধ কুইজ,  Wrestling Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

মল্লযুদ্ধ কুইজ | Wrestling Quiz 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here