Home Essay মোৰ প্রিয় কাম | My Hobby Essay in Assamese

মোৰ প্রিয় কাম | My Hobby Essay in Assamese

1

মোৰ প্রিয় কাম

মোৰ প্রিয় কাম  My Hobby Essay in Assamese

মোৰ প্রিয় কাম | My Hobby

মোৰ প্রিয় কাম | My Hobby Essay in Assamese

আৰম্ভণি: দৈনন্দিন কাম-কাজ আৰু প্ৰধান কৰ্তব্যৰ  উপৰিও আনন্দৰ কাৰণে বা মনক সজীৱ ৰাখিবলৈ যি কাম কৰা হয তাকে এজনৰ প্ৰিয় কাম (hobby) বুলি কোৱা হয়। ব্যক্তি ভেদে  প্ৰিয় কাম ভিন ভিন হয়। মোৰো এটি প্ৰিয় কাম আছে আৰু ই হৈছে বাগিছাত কাম কৰা।

বিৱৰণ:  গছ মোৰ অতিকৈ প্ৰিয়। সেয়ে মই বাগিছা পতা কামটো মোৰ প্ৰিয় কাম হিহিচাপে  গ্ৰহণ কৰিছো। আমাৰ এটি আহল-বহল বাহিৰা চোতাল আছে।  মই চোতালখনক চাৰিটা ভাগত ভাগ কৰি লৈছো। ইয়াৰ উত্তৰ অংশটোত কিছুমান সৰল গছ ৰুইছো। সন্মুখৰ অংশটোত মই বিভিন্ন ধৰণৰ ঋতুজ ফুল গছ ৰুও। তৃতীয় অংশটোত শাক-পাচলিৰ খেতি কৰো আৰু চতুৰ্থ অংশটোত গছৰ পুলি উৎপাদন কৰো।

স্কুলৰ পৰা ওভতি আহি প্ৰত্যেক দিন সন্ধিয়া মই এঘন্টা সময় বগিছাখনত কাম কৰি কটাও। মই গছ-গছনিৰ গুৰিৰ ঘাঁহ বনবোৰ  চিকুনাই দিওঁ, গছৰ গুৰিত পানী দিওঁ আৰু আন আন আলপৈচান  ধৰো। মোৰ ভন্টিয়ে মাজে মাজে মোক সহায় কৰে। মোৰ বাগিছাখনে আমাক প্ৰয়োজনীয় শাক-পাঁচলিৰ যোগান ধৰে আৰু অতিৰিক্তখিনি বজাৰত বিক্ৰি কৰি কিছু বাহিৰা পইচা উপাৰ্জন কৰো।

প্ৰত্যেক দিন ৰাতিপুৱা মই বাগিছাখনত খোজ  কাঢ়ো  । যেতিয়া মই ফুলি থকা ফুলেবাৰ বতাহত নাচি থকা দেখো, তেতিয়া মোৰ হৃদয়খন আনন্দত নাচি উঠে। এনেদৰে বাগিছাত কাম কৰাটো মোৰ নিচা আৰু মনক সজীৱ কৰি ৰখাৰ শ্ৰেষ্ঠ  মাধ্যমত পৰিণত হৈছে। 

সামৰণি: মই ভাবো  প্ৰত্যেক মানুহৰে নিজৰ দৈনন্দিন কাম-কাজ আৰু প্ৰধান কৰ্তব্যৰ উপৰিও এটি প্ৰিয় কাম থাকিব লাগে আৰু সেই কাম বাগিছা পতা কাম হোৱা উচিত। 0 0 0

মোৰ প্রিয় কাম

Read More: অসমীয়া ৰচনা শিক্ষা

মোৰ প্রিয় কাম

বি. দ্র. উক্ত ‘মোৰ প্রিয় কাম | My Hobby Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। মোৰ প্রিয় কাম

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here