Home Literary Criticism যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Yudhor Birudhe

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Yudhor Birudhe

0

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Yudhor Birudhe

 

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ

কবিসকল শান্তি প্ৰিয়। শান্তিৰ প্ৰতি কবিসকলৰ আজন্ম শ্ৰদ্ধা। কবি ইছমাইল হোছেইনো শান্তিপ্ৰিয়। তেওঁ যুদ্ধ নিবিচাৰে। ‘যুদ্ধৰ বিৰুদ্ধে’ কবিতাটি কবিৰ শান্তিৰ প্ৰতি অগাধ বিশ্বাস আৰু যুদ্ধৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ পোৱা কবিতা।  কবিতাটিত দুটা পৰস্পৰ বিৰোধী ভাৱ প্ৰকাশ পাইছে – এটা যুদ্ধত উন্মত্ত  পৃথিৱী আৰু  আনটো কবিৰ শান্তিৰ প্ৰতি বিশ্বাস। কবিতাটি সম্পূৰ্ণভাবেই আশাবাদী কবিতা- কিয়নো কবিয়ে যুদ্ধৰ মাজতো নিৰাশ নহৈ আশাৰে শান্তিৰ প্ৰতীক ‘পাৰ চৰাই’ক নিজান পুৱা বাঁহীত ফু দি মাতিছে। সম্ভৱতঃ কবিতাটি ইৰাক আৰু আমেৰিকাৰ মাজত ১৯৯১ চনত হোৱা যুদ্ধৰ পটভূমিতেই ৰচিত।

কবি ইমানেই আশাবাদী যে যুদ্ধ যিমানেই হওঁক এবাৰ নহয় এবাৰ শান্তি আহিবই অৰ্থাৎ শান্তি অৱশ্যম্ভাৱী। সেয়ে বাৰুদৰ ধোঁৱাত আকাশ যেতিয়া অন্ধকাৰ হয, তেতিয়াও কবিয়ে নিৰাশ নহৈ আশাবাদী মনলৈ পাৰ চৰাই (শান্তিৰ প্ৰতীক) ক আহ্বান  কৰে।  শান্তিৰ প্ৰতীক পাৰ চৰাইয়ো শান্তি বিলাবলৈ ইচ্ছুক। সেয়ে কবিয়ে ‘শুকুলা পাৰ চৰাই’ক মাত দিয়াৰ লগে লগে পাৰ চৰাইটি ৰুণ দি দি আনন্দত নাচি থাকে। কবিৰ ভাষাত ঃ

“বাৰুদৰ ধোঁৱাত যেতিয়া আকাশ অন্ধকাৰ

নিজান পুৱাত বাঁহীত ফু দি মাতো

এজনী শুকুলা পাৰ চৰাই।

ৰুণ দি দি ৰংঢালী সাজেৰে

নাচি থাকে তাই।”

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ

দ্বিতীয় স্তৱকটিত যুদ্ধত উন্মত্ত মাৰ্কিন বাহিনীৰ মূৰ্খামিৰ কথা উনুকিয়াইছে। যেতিয়া গুলি বাৰুদৰ ধোঁৱাই আকাশ ধোঁৱা-কুৱা হৈ যায় তেতিয়াও মাৰ্কিন বাহিণীয়ে সেই ধবংস যজ্ঞৰ মাজতেই যুদ্ধৰ সংলাপ বকে। কবিয়ে কৈছে ঃ

“যুদ্ধত আহত যেতিয়া সোণালী আকাশ

ধবংশ যজ্ঞত গুমৰি বাজে মাৰ্কিনী সংলাপ।”

আৰু যুদ্ধত আহত বা নিহতসকলৰ তেজৰ নৈত ‘শ্বাসৰুদ্ধ সাপ’ (যুদ্ধত আতংকিত মানুহৰ প্ৰতীক)  ভটিয়াই যায়। তাকে লক্ষ্য কৰি কবিয়ে কৈছে ঃ

“তেজৰ নদীৰে ভটিয়াই যায় 

এটি শ্বাসৰুদ্ধ সাপ।”

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ

কবিতাটিৰ কাব্যিক সৌন্দৰ্যৰ বিশেষ দিশটি হ’ল ইয়াত প্ৰয়োগ কৰা তিনিটা আটক ধুনীয়া কল্পচিত্ৰ আৰু ‘শুকুলা পাৰ চৰাই’ আৰু ‘এটি শ্বাসৰুদ্ধ সাপ’ নামৰ  প্ৰতীক দুটি। বিষয়-বস্তুৰ বাস্তৱতা, ৰচনা শৈলীৰ যুক্তিযুক্ততা, ভাষাৰ সাৱলীলতা, স্পন্দিত ছন্দৰ স্বতঃস্ফূর্ততা, কল্পচিত্ৰৰ আকৰ্ষণীয়তা আৰু প্ৰতীকৰ যথাযথ অৰ্থ প্ৰকাশৰ দিশৰ পৰা ‘যুদ্ধৰ বিৰুদ্ধে’ নামৰ এই কবিতাটি কবি ইছমাইল হোছেইনৰ এটি শ্রেষ্ঠ আধুনিক কবিতা। ০ ০ ০

যুদ্ধৰ বিৰুদ্ধে-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here