শব্দ আৰু প্ৰকৃতি
শব্দ আৰু প্ৰকৃতি । Sabda Aru Prokriti
শব্দ আৰু প্ৰকৃতি
শব্দ (Word)
আমি আগতে শিকি আহিছোঁ যে মানুহৰ মুখৰ ধ্বনিক প্রতিনিধিত্ব কৰিবলৈ যিবোৰ সাংকেতিক চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবোৰকে বৰ্ণ বা আখৰ (Letter) বুলি কোৱা হয়। কিন্তু অকল এটা বৰ্ণ বা আখৰেৰে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰি। অৰ্থ প্ৰকাশ কৰিবলৈ বহু সময়ত এটাতকৈ অধিক বৰ্ণৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূেপ- ‘ক’ এটা বৰ্ণ। কিন্তু ই কোনো অৰ্থ প্ৰকাশ কৰিব পৰা নাই। আনহাতে ‘কাগজ’ – ইয়াত তিনিটা বৰ্ণ আছে। এই তিনিটা বৰ্ণই একেলগে এটা অৰ্থ প্ৰকাশ কৰিছে। গতিকে ই এটা শব্দ। সেয়ে ক’ব পাৰি যে এটা বা এটাতকৈ অধিক বৰ্ণ লগলাগি যেতিয়া কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক শব্দ (Word) বোলে। উদাহৰণ–
মানুহ, ল’ৰা, ছোৱালী, কৰ, ধৰ, পঢ়, কিতাপ, মেজ, ঘৰ, বিদ্যালয়, সূৰ্য, পৃথিৱী, গৰু, হাতী আদি একো একোটা শব্দ।
শব্দ আৰু প্ৰকৃতি । Sabda Aru Prokriti
(খ) শব্দমূল বা প্ৰকৃতি
শব্দৰ মূলকে শব্দমূল বা প্ৰকৃতি (Redical Form of Word) বো লে। উদাহৰণ স্বৰূেপ- কৰ, পঢ়, খেল, ল’ৰা, শিক্ষক আদি শব্দমূল বা প্ৰকৃতি। আমি উক্ত শব্দমূলৰ পৰা বহুতো শব্দ গঠণ কৰিব পাৰি। যেনে– ‘কৰ’- এই শব্দমূলৰ পৰা ‘কৰিছে’, ‘কৰিব’, ‘কৰিলো’ ‘কৰিম’ আদি আৰু ‘পঢ়’- এই মূলৰ পৰা ‘পঢ়িলো’, ‘পঢ়িছে’ ‘পঢ়িব’ আদি শব্দ গঠন কৰিব পাৰো। সেইদৰে ‘ল’ৰা’ -এই শব্দমূলৰ পৰা ‘ল’ৰাই’, ‘লৰাবোৰ’, ‘ল’ৰাজনে’ আদি শব্দ গঠন কৰিব পাৰো। সেয়ে কৰ, পঢ়, খেল, ল’ৰা, শিক্ষক আদি একো একোটা শব্দমূল বা প্ৰকৃতি।
শব্দমূল বা প্ৰকৃতিক দুই ভাগত ভাগ কৰিব পাৰি। যথা–
(১) ধাতু প্ৰকৃতি (Verbal Root) আৰু
(২) নাম প্ৰকৃতি বা প্ৰাতিপদিক (Nominal Stem)
ক্ৰিয়াৰ মূলকে ধাতু বা ধাতু প্ৰকৃতি বোলে। ওপৰত উল্লেখিত কৰ, পঢ়, খেল, আদি ক্ৰিয়াৰ মূল বাবে ইহঁত ধাতু প্ৰকৃতি। কিছুমান ধাতু প্ৰকৃতিৰ উদাহৰণ হ’ল– আহ, যা, থ, শো, বহ, খা, মাৰ, ধৰ, খেদ, কান্দ, দেখ, ভেদ, ফেল, আঁক, ৰাখ ইত্যাদি।
আনহাতে ধাতু প্ৰকৃতিৰ বাহিৰে আন সকলো শব্দমূলেই নাম প্ৰকৃতি বা প্ৰাতিপদিক। যেনে– ল’ৰা, ছোৱালী, ত’ৰা, পৃথিৱী, চন্দ্ৰ, গছ, কলম, কাগজ, ঘৰ, দুৱাৰ, আকাশ, বেলি, বিদ্যালয় ইত্যাদি।
শব্দ আৰু প্ৰকৃতি । Sabda Aru Prokriti
অনুশীলনী
(১) শব্দ কাক বোলে?
(২) শব্দমূল বা প্ৰকৃতি বুলিলে কি বুজা ?
(৩) শব্দমূল বা প্ৰকৃতিক কেই ভাগত ভাগ কৰা হৈছে?
(৪) ধাতু প্ৰকৃতি বুলিলে কি বুজা?
(৫) নাম প্ৰকৃতি বা প্ৰাতিপদিক বুলিলে কি বুজা?
(৬) তলত দিয়া প্রকৃতিবোৰৰ কোনটো কি প্ৰকৃতি কোৱাঃ
ধৰ, খেদ, দুৱাৰ, আকাশ, বেলি,ত’ৰা, ফেল, আঁক, ৰাখ, পৃথিৱী, উৰ, ঘূৰ, খা, মাৰ, বিদ্যালয়, ল’ৰা, ছোৱালী, আহ, যা, থ, শো, বহ, ঢাল, চন্দ্ৰ, গছ, নৌকা, কান্দ, দেখ, ভেদ। ০ ০ ০
শব্দ আৰু প্ৰকৃতি । Sabda Aru Prokriti
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: