Home Essay শিক্ষা আৰু মূল্যবোধ | Education and Values-Essay in Assamese

শিক্ষা আৰু মূল্যবোধ | Education and Values-Essay in Assamese

0

আপুনি যদি ‘শিক্ষা আৰু মূল্যবোধ | Education and Values-Essay in Assamese’ শিৰোনামত এখন ৰচনা / নিবন্ধ বিচাৰি আছে, তেন্তে এইখন আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

শিক্ষা আৰু মূল্যবোধ

তলত ‘শিক্ষা আৰু মূল্যবোধ’ | ‘Education and Values-Essay in Assamese’ শিৰোনামেৰে দুটি ৰচনা দিয়া হ’ল । দুটাৰ পৰা আপোনাৰ বেছি ভাললগাটো বাচি লওক।

শিক্ষা আৰু মূল্যবোধ

শিক্ষা আৰু মূল্যবোধ | Shikha Aru Mulyabodh | Education and Values-Essay in Assamese

(ৰচনা ১)

আৰম্ভণি: ‘মূল্যবোধ’ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু  নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ—যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে। মানুহ সামাজিক জীৱ। মূল্যবোধক  সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। 

শিক্ষা আৰু মূল্যবোধ: শিক্ষা আৰু মূল্যবোধ ওতঃপ্ৰোতভাৱে জড়িত। কাল, সভ্যতাৰ বিকাশ, বৈজ্ঞানিক  আৱিষ্কাৰ, মানৱ চিন্তাৰ ধাৰা, সমাজৰ প্ৰয়োজন আদিৰ ওপৰত ভিত্তি  কৰি মূল্যবোধৰ পৰিৱৰ্তন হয়। শিক্ষানীতিয়ে সেই পৰিৱৰ্তনসমূহ বাস্তৱায়িত কৰে। কালেভদে মূল্যবোধক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে: প্ৰাচীন মূল্যবোধ আৰু আধুনিক মূল্যবোধ।

প্ৰাচীন শিক্ষা আৰু মূল্যবোধ: প্ৰাচীন মূল্যবোধ আধ্যাত্মিকতাৰ ওপৰত প্রতিষ্ঠিত আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা আছিল মূল্যবোধৰ শিক্ষা অৰ্থাৎ শিক্ষাৰ জৰিয়তে ব্যক্তিক সামাজিক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো জ্ঞান প্ৰদান কৰা হৈছিল। আন কথাত ভাৰতীয় মূল্যবোধ সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছিল। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা – ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। প্ৰাচীন ভাৰতীয় শিক্ষাই এই চাৰিটা দিশৰ সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। 

‘ধৰ্ম’ হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকিয়াই দিয়ে। এই মূল্যবোধ ‘অৰ্থ’ আৰু ‘কৰ্ম’তকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। ভাৰতীয় প্ৰাচীন মূল্যবোধ অনুসৰি, ‘অৰ্থ’ আৰু ‘কাম’ক পৰিচালিত কৰিব লাগে ধৰ্মই আৰু নৈতিকতাই। আন কথাত  ভাল আৰু বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। ভাৰতীয় মূল্যবোধ মতে ‘মোক্ষ” হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় – যি মানুহৰ আত্মবোধৰ ওপৰত প্রতিষ্ঠিত। আন কথাত কবলৈ গ’লে ভাৰতীয় মূল্যবোধৰ মূলমন্ত্র  হৈছে “সত্যম, শিৱম, সুন্দৰম”।

আধুনিক শিক্ষা আৰু মূল্যবোধ: ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়লৈকে ভাৰতবৰ্ষৰ শিক্ষানীতি সত্যম, শিৱম আৰু সুন্দৰম: এই  তিনিটা মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত আছিল । অৰ্থাৎ প্ৰাচীন ভাৰতীয় মূল্যবোধে প্ৰকৃতাৰ্থত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ইংৰাজৰ আমোলত ভাৰতবৰ্ষৰ পৰম্পৰাগত মূল্যবোধৰ ওপৰত কুঠাৰাগত পৰে। সিহঁতে আধুনিক প্ৰাশ্চাত্য  ভোগবাদী মূল্যবোধৰ প্ৰৱৰ্তন কৰে। এই মূল্যবোধে নৈতিকতা আৰু ধৰ্মৰ ওপৰত গুৰুত্ব নিদিয়ে। ই মানুহৰ বস্তুবাদী প্ৰয়োজন পূৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে ফলত মানুহৰ আধ্যাত্মিকতা হ্রাস পাবলৈ ধৰে। আকৌ ব্রিটিছসকলে এনে ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যাতে সেই শিক্ষাৰ দ্বাৰা শিক্ষিত লোকসকলে ইংৰাজসকলৰ শাসন কাৰ্যত সহায় কৰিব পাৰে। গতিকে  ইংৰাজসকলৰ শিক্ষা নীতি আছিল অফিচ-আদালতৰ বাবে চাকৰিজীৱি লোকৰ সৃষ্টি কৰা। এই নীতি ইংৰাজ শাসন চলি থকা সমসয়লৈকে আছিল যদিও আজিও ভাৰতীয় শিক্ষা ব্যৱস্থা ইংৰাজসকলৰ শিক্ষা নীতিৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই। বৰ্তমান শিক্ষাত মূল্যবোধৰ ওপৰত অকনো গুৰুত্ব দিয়া দেখা নাযায়। এনে শিক্ষানীতিৰ দ্বাৰা শিক্ষিত যুৱক-যুৱতীয়ে কোনো বাস্তৱ আৰু কৰ্মমুখী শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। তাৰোপৰি এনে শিক্ষাত মানৱীয় গুণ যেনে: নৈতিকতা, ধৰ্ম, পৰোপাকাৰীতা, সততা, সহিষ্ণুতা, দয়া আদি গুণৰ বিকাশৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহয়। ফলত সমাজৰ পৰা মানৱীয় গুণ  হ্রাস পাই আছে।

সামৰণি: মানৱ সভ্যতা জ্ঞান আৰু বৈষয়িক দিশত বহুত আগবাঢ়ি  আছে যদিও সমাজত মূল্যবোধৰ অৱক্ষয় হৈ আছে। এই অৱক্ষয় বাধা দিবলৈ আমাৰ এটা কৰণীয় কাম হৈছে সকলো মানুহেই নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব লাগিব। চৰকাৰে শিক্ষানীতি প্ৰস্তুত কৰোতে বিদ্যাৰ্থীসকলৰ তথ্যগত আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ লগে লগে নৈতিকতা আৰু আধ্যাত্মিকতা বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰি সেইমতে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব আৰু শিক্ষকসকলওে সিহঁতৰ আদৰ্শৰ দ্বাৰা বিদ্যাৰ্থীসকলক মানৱীয় প্ৰমূল্যৰ শিক্ষা প্ৰদান কৰা কাৰ্যত ব্রতী হ’ব লাগিব। কিয়নো ধন-সম্পদ, জ্ঞান আৰু পাণ্ডিত্যই নহয়, নৈতিকতা আৰু আধ্যাত্মিকতাইহে মানুহৰ মাজত মানৱীয় গুণৰ বিকাশ ঘটাব পাৰে। ০ ০ ০

আপুনি ভাল পাব পাৰে: অসমৰ কুটিৰ শিল্প 

শিক্ষা আৰু মূল্যবোধ (Education and Values-Essay in Assamese)

(ৰচনা ২)

শিক্ষা আৰু মূল্যবোধ

আৰম্ভণি

শিক্ষা খুবেই গুৰুত্বপূর্ণ। ই আমাক বহুতো কথা শিকায়। ইয়াৰ দ্বাৰা পঢ়িব, লিখিব, আৰু গণনা কৰিব শিকো। আমি পৃথিৱী সম্বন্ধে নানা কথা জানিব পাৰো। শিক্ষাই  আমাক বুদ্ধিমান কৰে। ই আমাক জীৱন বুজি পাবলৈ সহায় কৰে।

মূল্যবোধো গুৰুত্বপূর্ণ। মূল্যবোধ হৈছে সেই ভাল কথাবোৰ, যিবোৰ আমি শিকো। এইবোৰ আমাক শুদ্ধ কথা কোৱা আরও ভাল কাম কৰাত সহায় কৰে। সততা এটা মূল্যবোধ। এইবোৰ অৰ্থত, আমি সঁচা কথা কওঁ। মৰম এটা মূল্যবোধ। ই মানে, আমি আনক সহায় কৰো। সন্মান এটা মূল্যবোধ। ই মানে, আমি আনৰ সৈতে  ভাল ব্যৱহাৰ কৰো।

শিক্ষা আৰু মূল্যবোধৰ মিল

শিক্ষা আৰু মূল্যবোধ একে সোঁতত বয় । স্কুলত, আমি বহুত বিষয় শিকো। আমি মূল্যবোধো শিকো। শিক্ষকে আমাক ভাল হ’বলৈ শিকায়। তেওঁলোকে আমাক সৎ হ’বলৈ  কয়। তেওঁলোকে আমাক মৰমীয়াল হ’বলৈ কয়। তেওঁলোকে আমাক আনক সন্মান কৰিবলৈ কয়।

মূল্যবোধৰ প্ৰয়োজনীয়তা

যেতিয়া আমি মূল্যবোধ শিকো, আমি ভাল মানুহ হ’ও। ভাল মানুহে এটা ভাল সমাজ গঠন কৰে। এটা ভাল সমাজত এজনে আনজনক সহায় কৰে। তেওঁলোকে এজনে আনজনক বিশ্বাস কৰে। তেওঁলোকে একেলগে শান্তিত বাস কৰে।

মূল্যবোধে আমাক বহুত ভাৱে সহায় কৰে। যেতিয়া আমি সৎ হ’ও, মানুহে আমাক বিশ্বাস কৰে। যেতিয়া আমি মৰমীয়াল হ’ও, মানুহে আমাক ভাল পায়। যেতিয়া আমি আনক সন্মান কৰো, তেওঁলোকে আমাক সন্মান কৰে। এইবোৰে  আমাক সুখী কৰে। এইবোৰে আনকো সুখী কৰে।

উপসংহাৰ

মূল্যবোধবিহীন শিক্ষা অসম্পূৰ্ণ। আমি জীৱনত সফল হ’বলৈ দুইটাৰেই প্ৰয়োজন। আমি বুদ্ধিমান হ’ব লাগিব। আমি ভালো হ’ব লাগিব। বুদ্ধিমান মানুহে মূল্যবোধৰ সৈতে বহুত ডাঙৰ কাম কৰিব পাৰে। তেওঁলোকে আনক সহায় কৰিব পাৰে। তেওঁলোকে পৃথিৱীক ভাল ঠাই বনাব পাৰে।

সেয়ে, আহা আমি ভালকৈ শিকো। আমি ভাল মূল্যবোধ শিকো আৰু প্ৰয়োগ কৰো। এইবোৰে আমাক উজ্জ্বল ভবিষ্যৎলৈ লৈ যাব। ০ ০ ০

আপুনি ভাল পাব পাৰে: আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা

শিক্ষা আৰু মূল্যবোধ (Education and Values)

(ইংৰাজীত)

Education and Values

Education is essential. It helps us learn many things. We learn to read, write, and count. We also learn about the world. Education makes us smart. It helps us understand life better.

Values are also important. Values are the good things we learn. They guide us to do the right things. Honesty is a value. It means we tell the truth. Kindness is a value. It means we help others. Respect is a value. It means we treat others well.

Education and values go hand in hand. In school, we learn many subjects. We also learn values. Teachers teach us to be good. They tell us to be honest. They tell us to be kind. They tell us to respect others.

When we learn values, we become good people. Good people make a good society. In a good society, people help each other. They trust each other. They live in peace.

Values help us in many ways. When we are honest, people trust us. When we are kind, people like us. When we respect others, they respect us back. These things make us happy. They also make others happy.

Education without values is not complete. We need both to succeed in life. We need to be smart. We also need to be good. A smart person with values can achieve great things. They can help others. They can make the world a better place.

In conclusion, education and values are both important. They help us grow. They make us better people. They help us make the world a better place. So, let us learn well. Let us also practice good values. Together, they will lead us to a bright future. ০ ০ ০

আপুনি ভাল পাব পাৰে: স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা

বি. দ্র. উক্ত ‘শিক্ষা আৰু মূল্যবোধ | Shikha Aru Mulyabodh’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

নোট: যদি আপুনি এই  ‘শিক্ষা আৰু মূল্যবোধ | Education and Values-Essay in Assamese ৰচনাখন পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ ।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here