Home Literary Criticism সনন্ত তাঁতিৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Sananta Tantir Kabita | Poetry of...

সনন্ত তাঁতিৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Sananta Tantir Kabita | Poetry of Sananta Tanti

সনন্ত তাঁতিৰ কবিতা

0

সনন্ত তাঁতিৰ কবিতা-এক বৈশিষ্ট্যমূলক আলোচনা

 

সনন্ত তাঁতিৰ কবিতা

সনন্ত তাঁতিৰ কবিতা

সনন্ত তাঁতিৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

গতানুগতিক বিষয়-বস্তুত নতুন উৎসাহ-উদ্দীপনা আৰু বৈপ্লবিক দৃষ্টিভঙ্গী সানি এক মৌলিক আৰু অভিনৱ আঙ্গিক লৈ বিংশ শতাব্দীৰ শেষ লগ্নত কাব্য জগতত প্ৰৱেশ কৰা কবি সনন্ত তাঁতি হৈছে আধুনিক অসমীয় কাব্য কাননত পুষ্প চম্পা সদৃশ। । কবি সবৰ্বহাৰা জনগণৰ প্ৰতি সহানুভূতিশীল আৰু তথাকথিত শাসক আৰু অভিজাত শ্ৰেণীৰ প্ৰতি কটাক্ষ দৃষ্টি তেওঁৰ মানবতাবাদী কবিতাবোৰত সদা সচেতনভাবে প্ৰকাশ পাইছে। তেওঁৰ স্বদেশপ্ৰেমমূলক কবিতাবোৰ আন আন কবিৰ স্বদেশপ্ৰেমমূলক কবিতাৰ দৰে সহজাত নহৈ কিছু পৰিমাণে উগ্ৰ আৰু  পাৰ ভাঙি ওলাই অহা বন্ধ পুখুৰীৰ পানীৰ দৰে তেওঁৰ কবিতাত ধৰা দিছে। তেওঁ সমাজবাদত বিশ্বাসী আৰু দেশত সমাজবাদ প্রতিষ্ঠাৰ বাবে তেওঁৰ বিপ্লৱী মনোভাৱ কবিতাত ৰামধেনুৰ বিচিত্ৰতাৰে  ৰূপায়ন কৰিছে। তেওঁৰ কবিতাৰ প্ৰতি শব্দে শব্দে আৰু শাৰীয়ে শাৰীয়ে যি বক্তব্য প্ৰকাশ পাইছে সেয়া হৈছে অত্যাচাৰিত, শোষিত, লাঞ্চিত, বঞ্চিত, নিপীড়িত জনগণৰ হৃদয়ৰ অভিব্যক্তি। মুঠতে মানবতাবাদ, স্বদেশপ্ৰেম,  সমাজবাদ আৰু বিপ্লৱ তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু।

কবি জন দৰদী। সেয়ে উগ্ৰ সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলক কবিয়ে সোঁৱৰণ কৰিছে আৰু সিহঁতৰ বাবে শোক কৰি পতাকা নমাই থৈ কৈছে–

“তোমালোকৰ সোঁৱৰণত নমাই থলো মোৰ পতাকা

…………………..

তথাপি বতাহত  মই শুনা পাওঁ তোমালোকৰ মৃত চিৎকাৰ

বতাহত মই গোন্ধ পাওঁ তোমালোকৰ পুৰি যোৱা জীৱনৰ।”

কবিৰ স্বদেশ হেজাৰ স্বহীদৰ তেজেৰে ৰক্তাপ্লুত। সেয়ে কবিৰ হৃদয় স্বদেশৰ হকে কান্দি উঠিছে আৰু শোকাকুল হৈ চিঞৰি উঠিছে–

“উভতি চালেই তোমাৰ মুখ আই মোৰ আৰু উভতি চালেই

মোৰ ৰক্তাপ্লুত স্বদেশ।”

কবিৰ প্ৰতিটো চিত্ৰই শোষক আৰু শোষিত শ্ৰেণীৰ মাজত দ্বন্দ্ব আৰু সংঘাতৰ চিত্ৰ। তেওঁ কবিতাৰে শোষক শ্ৰেণীৰ বিৰুদ্ধে বিপ্লৱ কৰিছে আৰু নিজেও সগর্বে অনাবিল স্পৰ্ধাৰে বিপ্লৱৰ হকে শোভাযাত্ৰা উলিয়াই কৈছে–

“আপাততঃ তাৰ পৰাই আৰম্ভ হওঁক যুদ্ধ আপাতত–

তাৰ পৰাই সমৃদ্ধ হওঁক সময়

আমাৰ মাংসেপশী আৰু তেজ উদ্ভাসিত কৰি

বিপুল জয়ৰ সম্ভৱনাত য’ৰ পৰা থামি গৈছে সুখৰ  শোভাযাত্ৰা।”

কবিয়ে দেখা পাইছে যে ভাৰতে স্বাধীনতা পালেও সবৰ্বহাৰা জনগণে স্বাৰ্থান্বেষীসকলৰ হাতত সেই স্বাধীনতা হেৰুৱাইছে। সেয়ে কবিয়ে  স্বাধীনতাৰ হকে চিঞৰি কৈছে–

“আৰু এক স্বাধীনতাৰ বাবে

আৰু এক যুদ্ধৰ আয়োজন মোৰ ভিতৰে ভিতৰে।”

কবি ভীষণ সাহসী। তেওঁ অৰ্থনৈতিকভাবে দুবৰ্বল হ’ব পাৰে নাইবা সমাজত তেওঁৰ প্ৰভাৱ নাথাকিব পাৰে; কিন্তু তেওঁ কেতিয়াও সমাজৰ বিৰুদ্ধ শক্তিবোৰৰ ওচৰত হাৰ মনা নাই। তেওঁ সিহঁতৰ বিৰুদ্ধে যুঁজ কৰি গৈছে আৰু সিহঁতক কুকুৰৰ লগত তুলনা কৰি কৈছে–

“কুত্তাহঁতৰ ওচৰত মই কেতিয়াও নতি স্বীকাৰ কৰা নাই

কেতিয়াও নতজানু হোৱা নাই

যিদৰে অন্ধকাৰৰ ওচৰত যিদৰে ধবংসমুখী পতনৰ ওচৰত

মোৰ উদ্ভাসিত পৃথিৱীত থিয় হৈ প্ৰত্যাহ্বান জনাইছো অকলেই।”

কবিৰ মতে বিপ্লৱ মানে কেৱল ক্ষমতাৰ হস্থান্তৰ নহয়; বিপ্লৱ মানে আমূল পৰিৱৰ্তন আৰু  জনগণৰ আশা-আকাঙ্খাৰ বাস্তৱৰূপ। কবিয়ে কৈছে–

“বিপ্লৱ মানে যিসকলে ভাৱে কেৱল ক্ষমতাৰ হস্থান্তৰ

মই তেওঁলোকৰ দলত নাই

বিপ্লৱ মানে শ্ৰেণী সংগ্ৰামত জয়ী মানুহৰ

উষ্ণ হিৰন্ময় মুখবোৰ।”

কবি কেৱল নিজে বিপ্লৱ কৰিয়েই ক্ষান্ত থকা নাই; তেওঁ জনসাধাৰণক বিপ্লৱৰ প্ৰতি অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাই অভিমানেৰে কৈছে–

“যদি বিপ্লৱ নুবুজে 

মই উচ্চাৰণ নকৰো কিহৰ বাবে আৰু কিহৰ কাৰণে 

এতিয়া অন্ধকাৰ।”

ভাষা আৰু আংগিকৰ দিশত কবি সনন্ত মৌলিক আৰু অভিনৱ যদিও তেওঁ তেওঁৰ কবিতাত যিবোৰ কল্পচিত্ৰৰ অৱতাৰণা কৰিছে সিবোৰ কেতিয়াবা  সীমা চেৰাই গৈ আমনিদায়ক আৰু কৃত্ৰিম হৈ পৰিছে। ফলস্বৰূপে কেতিয়াবা কেতিয়াবা তেওঁৰ বক্তব্য বিষয় ম্লান পৰি গৈছে। উদাহৰণস্বৰূপে তলত উদ্ধৃত কৰা কবিতা কেইশাৰীলৈ উনুকিয়াব পাৰি–

“নিথৰ পাথৰটোৰ ওপৰত পৰি থকা শব্দটোৰ দৰে

বন্দীশালত বন্ধী মাছটোৰ দৰে কৰাঘাততো স্থিৰ

দুটা দৃষ্টিৰ দৰে অনুভৱময়, বিৰহ আৰু দুখেৰে ম্ৰিয়মান আৰু কাতৰ

থমকি যোৱা এটি কিশোৰৰ দৰে সি মোৰ হৃদয়ত।’

তেওঁৰ কবিতাত উপৰ্যুপৰি উপমা অলংকাৰৰ প্ৰয়োগ সততে পোৱা যায়। উদাহৰণ–

(ক) ছুৰিৰ ধাৰৰ দৰে সি ৰক্তাক্ত কৰে সময়ক।

(খ) নির্বিকাৰ শক্তিমান প্ৰৱল জলবৃষ্টিৰ দৰে নিৰাকাৰ।

(গ) শৰৎকালৰ মেঘ আৰু বৰষুণহীন সুনীল আকাশৰ অনন্ত দীপ্ততাৰ দৰে।

আঙ্গিকৰ যিটো দিশে তেওঁৰ কবিতাক জটিলতা দান কৰিছে সি হৈছে বিশেষণৰ অত্যধিক ব্যৱহাৰ। উদাহৰণ–

(ক) বাৰিষা কাতৰ ৰাতিৰ ক্ৰন্দনত স্নিগ্ধ জোনাক।

(খ) নিদাৰুন দীনতাৰ কৰুণ ইতিহাস।

(গ) যন্ত্ৰণাকাতৰ কণ্ঠস্বৰৰ অমোঘ ঘোষণা। ইত্যাদি।

মুঠতে কবি সনন্ত তাঁতিৰ কবিতাই বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত অনুকৰণীয় নতুনত্ব আনয়ন কৰি আধুনিক অসমীয়া কবিতাৰ এক নতুন স্পন্দনময় দিগন্তৰ সূচনা কৰিছে।০ ০ ০

সনন্ত তাঁতিৰ কবিতা 

বি. দ্র. উক্ত ‘সনন্ত তাঁতিৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Sananta Tantir Kabita | Poetry of Sananta Tanti’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে। সনন্ত তাঁতিৰ কবিতা 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here