স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা
স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা
স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা | School Alochani Aru Eyar Upyogita | School Magazine and Its Usefulness
আৰম্ভণি: ‘আলোচনী’ (Magazine) বুলিলে সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, ছয়মহীয়া, বছৰেকীয়া বা কোনো বিশেষ অনুষ্ঠানিকতা পালনৰ উদ্দেশ্যে বিভিন্ন লিখকৰ নিৰ্বাচিত লিখনি সন্নিবিষ্ট গ্ৰন্থক বুজায়। সংখ্যা হিচাপে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰকাশ পোৱা আলোচনীৰ জন্ম হয় জাৰ্মানীত। ১৬৬৩ চনত প্ৰথমতে জাৰ্মানীত সাহিত্যিক আৰু দৰ্শন সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনী প্ৰকাশ পায়। ইংৰাজী ভাষাত প্ৰথম আলোচনী প্ৰকাশ পায় ১৭৭১ চনত। আলোচনীখনৰ নাম আছিল ‘Gentlemen’s Magazine‘। আমেৰিকাৰ মিছনেৰীসকলে অসমীয়া ভাষাৰ প্ৰথম আলোচনী ‘অৰুণোদয়’ প্ৰকাশ কৰে ১৮৪৬ চনত। আনাহতে ১৯১৬ চনত ইংলণ্ডত স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীৰ লিখনি সন্নিবিষ্ট আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ হয়। ভাৰতবৰ্ষতো স্কুল-কলেজত আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰে ইংৰাজসকলে। বৰ্তমান উচ্চ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলেজ, ইউনিভাৰচিটি, কাৰিকৰী বিদ্যালয় আদি শিক্ষানুষ্ঠানত বছৰেকীয়া আলোচনী প্ৰকাশ কৰাটো এক পৰম্পৰাত পৰিণত হৈছে।
স্কুল আলোচনী প্ৰকাশৰ প্ৰয়োজনীয়তা: স্কুল-কলেজত আলোচনী প্ৰকাশৰ বিশেষ গুৰুত্ব আৰু প্ৰয়োজন আছে, যেনে :
প্ৰথম, আলোচনীত সৰহভাগ লিখনি ছাত্ৰ-ছাত্ৰীসকলে লিখিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লিখাৰ অভ্যাস বৃদ্ধি হয়।
দ্বিতীয়ত, যিকোনো লিখনিৰ বাবে তথ্য আহৰণ কৰিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলে তথ্য আহৰণৰ বাবে বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়াৰ প্ৰতি উদ্বুদ্ধ হয়।
তৃতীয়ত, আলোচনীত লিখা ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা শক্তি, ভাষা শক্তি, কল্পনা শক্তি, উদ্ভাৱন শক্তি আদিৰ বিকাশ ঘটে।
চতুৰ্থতে, আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা উন্মোচন কৰাৰ লগতে সৃষ্টিশীল কাৰ্য কৰাৰ বাবে উদ্যোগী হয়।
পঞ্চমতে, আলোচনীত বিভিন্ন ধৰণৰ লিখনি থাকে। সেইবোৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে একেখন কিতাপৰ পৰাই বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে।
ষষ্ঠতে, আলোচনী অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন অভ্যাস গঢ়ি তোলে।
সপ্তমতে, স্কুল-কলেজৰ আলোচনীত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰীসকল, কোনো প্রতিষ্ঠিত অতিথি লিখকৰ লিখনিও অন্তৰ্ভূক্ত কৰা হয়। বয়সীয়াল ব্যক্তিসকলৰ জ্ঞানগৰ্ভ লিখনি পঢ়ি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰে।
অষ্টমতে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে আলোচনীত লিখা-মেলা কৰে সিহঁতৰ বাবে ভৱিষ্যত সাহিত্যিক হোৱাৰ পথ মুকলি হয়।
নৱমতে, আলোচনী এখনৰ মানদণ্ডই বিদ্যালয় এখনৰ মানদণ্ডও নিৰূপণ কৰে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লিখনি মানদণ্ডসম্পন্ন হোৱাৰ বাবে শিক্ষকসকলে দিহা-পৰামৰ্শ প্ৰদান কৰে। ফলত ছাত্ৰ-ছাত্ৰসকলে সাহিত্যৰ প্ৰশিক্ষণ লাভ কৰে।
আলোচনী প্ৰকাশত সন্মুখীন হোৱা অসুবিধাসমূহ: শৈক্ষিক আৰু বৌদ্ধিক দিশৰ পৰা চাবলৈ গ’লে স্কুল আলোচনীৰ গুৰুত্ব যথেষ্ট যদিও আলোচনী এখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যেনেঃ
প্ৰথমত, আলোচনী এখনৰ বাবে মানসম্পন্ন লিখনিৰ প্ৰয়োজন হয়। কিন্তু বহু সময়ত দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলে লিখা লিখনিসমূহ মানসম্পন্ন নহয় আৰু আশা কৰা মতে লিখনিও পোৱা নাযায়। ফলত আলোচনী প্ৰকাশৰ বাবে প্ৰয়োজনীয় লিখনিৰ অভাৱত আলোচনী প্ৰকাশ কৰিব পৰা নাযায় বা আলোচনীৰ মানদণ্ড অতি নিম্ন মানৰ হয়।
দ্বিতীয়তে, আলোচনীত প্ৰকাশৰ বাবে সংগ্ৰহ হোৱা লিখনিসমূহ অভিজ্ঞ লোকৰ দ্বাৰা সম্পাদনা কৰাৰ প্ৰয়োজন হয়। এনে অভিজ্ঞ লোকৰ অভাৱ দেখা যায় । শিক্ষকসকলেও আলোচনী প্ৰকাশৰ কাম ছাত্ৰ-ছাত্ৰীসকলৰ বুলি ভাবি হেমাৰি দেখুৱায়।
তৃতীয়তে, বৰ্তমান স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰত অনুশীলন কৰিবলৈ দিয়া কাম বৃদ্ধি পাইছে। লগতে সময়ে সময়ে গোট পৰীক্ষা অনুষ্ঠিত হৈ থাকে। ফলত সিহঁতে আলোচনীৰ বাবে লিখনি প্ৰস্তুত কৰাৰ সময় নাপায়।
চতুৰ্থতে, আলোচনী প্ৰকাশৰ প্ৰধান অসুবিধাটো হৈছে ইয়াৰ বাবে প্ৰয়োজনী আৰ্থিক বাজেট। এই বাজেট ছাত্ৰ-ছাত্ৰীসকলেই যোগান ধৰিব লাগে। ফলত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই বোজাস্বৰূপ হয়।
সামৰণি: স্কুল আলোচনী প্ৰকাশৰ ক্ষেত্ৰত নানান অসুবিধাৰ সন্মুখীন হ’লেও নিয়মীতভাৱে আলোচনী প্ৰকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক লিখা-মেলাৰ কৰাৰ বাবে দিহা পৰামৰ্শ দিয়াৰ উপৰিও উদ্বুদ্ধ কৰিব লাগে। আলোচনী প্ৰকাশৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহত শিক্ষকসকলেও বৰঙণি আগবঢ়াব লাগে। ০ ০ ০
স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা
বি. দ্র. উক্ত ‘স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা | School Alochani Aru Eyar Upyogita’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
স্কুল আলোচনী আৰু ইয়াৰ উপযোগীতা
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- ছ’চিয়েলে মিডিয়া
- জনসংখ্যা বৃদ্ধিৰ সমস্যা