Home Kabita স্নেহাৰ্দ্ৰৰ নামত | Snehardor Namat

স্নেহাৰ্দ্ৰৰ নামত | Snehardor Namat

0

স্নেহাৰ্দ্ৰৰ নামত | Snehardor Namat

স্নেহাৰ্দ্ৰৰ নামত

স্নেহাৰ্দ্ৰৰ নামত

 স্নেহাৰ্দ্ৰৰ নামত

ৰাব্বি মছৰুৰ

 

(১)

তোমাক মই কি দিব পাৰো, বন্ধু

হাতৰ অঞ্জলি ভ’ৰাই মইতো দিব নোৱাৰো

কেঁচা তেজ অথবা বুকু ভ’ৰা ভালপোৱা

চকুৰ পতাত বিগলিত হৈ আছে শ্বাশত অশ্ৰু

লাগে যদি বন্ধু ওভোতাই নিয়া

সিবোৰ যে এদিন তুমিয়েই দিছিলা।

(২)

বতাহজাক এতিয়াও বলা নাই

তিমিৰ সিক্ত ৰক্তজবাই ক’লে

আলসুৱা বনত হালি-জালি থকা নাই

শুভ্ৰ শেৱালী

ই হেনো শৰতত ফুলে!

(৩)

পাতবোৰ তুমিয়েইতো সজীৱ কৰি তুলিছিলা

চকুলোৰ বানত ডুব গৈছিল

বাগিছাৰ প্ৰতিটো ফুলৰ মূলঃদেশ

নিথৰ দেহাত অৱগাহন কৰিছিল তোমাৰ বলিয়া দেহা

তাৰ পিছত সংগ্ৰাম

ক্ষুধাৰ স’তে। 

সংগ্ৰাম কৰি কৰিয়েই

তোমাৰ ৰাতি আহিল, ফাগুন আহিল,

বসন্ত আহিল, ফুল ফুলিল

সন্মুখত তোমাৰ হেজাৰ অনিদ্ৰ ৰাতিৰ কোৰ্হাল।

(৪)

নাঙঠ অসিহীন কাকতত জিলিকি উঠে 

ৰাতি সৰা তিমিৰৰ টোপাল

হয়! ইযে পোৰা সোণৰ দৰে উজ্জ্বল। ০ ০ ০

স্নেহাৰ্দ্ৰৰ নামত

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here