Home Quiz হজৰত মুছা আৰু হাৰুণ কুইজ

হজৰত মুছা আৰু হাৰুণ কুইজ

0

হজৰত মুছা আৰু হাৰুণ কুইজ

হজৰত মুছা আৰু হাৰুণ কুইজ

 

হজৰত মুছা আৰু হাৰুণ কুইজ

হজৰত মুছা আৰু হাৰুণ কুইজ

প্ৰঃ হজৰত মুছা আৰু হাৰুণ (আঃ) আজিৰ পৰা কিমান বছৰ পূর্বে জন্ম গ্ৰহণ কৰিছিল?

উঃ 1600 বা 1700 খ্ৰীষ্টপূৰ্বত, হজৰত ইব্রাহিম (আঃ)ৰ পত্নী ছাৰাৰ গৰ্ভজাত পুত্ৰ ইছহাকৰ বংশত।

প্ৰঃ হজৰত মুছা আৰু হজৰত হাৰুণ (আঃ)ৰ মাকৰ নাম কি আছিল?

উঃ ইউহান্না।

প্ৰঃ মুছা শব্দৰ অৰ্থ কি? 

উঃ পানীত ভাঁহি অহা।

প্ৰঃ হজৰত মুছাৰ সমসামিয়ক ফিৰাউন (মিছৰৰ বাদশা) ৰ প্ৰকৃত নাম কি আছিল?

উঃ দ্বিতীয় ৰামাছিছ।

প্ৰঃ ফিৰাউনে কি সপোন দেখিছিল?

উঃ মুছা (আঃ) জন্ম গ্ৰহণ কৰাৰ আগে আগে ফিৰাউন এদিনাখন সপোনত দেখা পাইছিল যে জেৰুজালেমৰ পৰা এক অগ্নি শিখা উৎপত্তি হৈ মিছৰলৈ আহি সকলো মিছৰীয়াসকলক পুৰি পেলালে কিন্তু ইস্ৰাইলসকলৰ কোনো ক্ষতি নকৰিলে।

প্ৰঃ সপোন দেখি ফিৰাউনে কি কৰিলে?

উঃ স্বপ্ন দেখা পাই ফিৰাউনে ইস্ৰাইলী সকলো শিশু পুত্রসকলক হত্যা কৰা আৰু  কন্যা সন্তানসকলক জীৱিত ৰখাৰ আদেশ জাৰি কৰিছিল।

প্ৰঃ মুছা (আঃ) আৰু হাৰুণ (আঃ) কোন বছৰ জন্ম গ্ৰহণ কৰিছিল?

উঃ সপোন দেখি ফিৰাউনে ইস্ৰাইল সম্প্ৰদায়ৰ সকলো নৱজাত শিশুক হত্যা কৰি যোৱাত এদিনাখন এজন মিছৰীয় লোক আহি ফিৰাউনক ক’লে যে যদি এইভাৱে  ইস্ৰাইল সম্প্ৰদায়ৰ শিশু সন্তানসকলক হত্যা কৰি থকা হয়, তেন্তে এটা সময়ত ইস্ৰাইল সম্প্ৰদায়ৰ কোনো অস্তিত্ব নাথাকিব। তেতিয়া মিছৰীয়া (অনা ইস্ৰাইল) সকলে চাকৰ বা দাসত্বৰ কাম কৰিব লাগিব। এই কথা শুনি ফিৰাউনে এক বছৰ হত্যা যজ্ঞ চলাই তাৰ পিছৰ বছৰ হত্যা যজ্ঞ বন্ধ কৰে। হত্যা যজ্ঞ বন্ধ কৰা বছৰত মুছা (আঃ)ৰ ভাই হাৰুণৰ জন্ম হয়।

প্ৰঃ হজৰত মুছা  (আঃ)ফিৰাউনৰ ঘৰত কিমান বছৰ আছিল?

উঃ 30 বছৰ।

প্ৰঃ এদিনাখন মুছা (আঃ) এক চৰ (থাপ্পৰ) মাৰি এজন মিছৰবাসীক মাৰি পেলাই ক’লৈ হিজৰত কৰিছিল?

উঃ মিছৰৰ পৰা তিনিদিনৰ পথ মাদায়েনলৈ।

প্ৰঃ মুছা (আঃ) য়ে আল্লাহ পৰা পোৱা গ্ৰন্থখনৰ নাম কি?

উঃ তৌৰাত (তাওৰাত)।

প্ৰঃ ‘তৌৰাত’ শব্দৰ অৰ্থ কি?

উঃ আইন।

প্ৰঃ কেইজন মিছৰীয়াই হজৰত মুছা (আঃ)ৰ দ্বীন  (ধৰ্ম)ৰ প্ৰতি বিশ্বাস স্থাপন কৰিছিল?

উঃ  ফেৰাউনৰ স্ত্ৰী আছিয়া আৰু দুজন ব্যক্তি।

প্ৰঃ মুছা (আঃ) য়ে কিমানজন লোকক লৈ মিছৰ ত্যাগ কৰিছিল?

উঃ 60,000। 

প্ৰঃ ইস্ৰাইলীসকল কিমান বছৰ মিছৰত আছিল?

উঃ 426 বছৰ।

প্ৰঃ হজৰত মুছা  (আঃ)ৰ মাজিজা কেইটা আছিল?

উঃ 9 টা।

প্ৰঃ মুছা (আঃ)ৰ মাজিজাৰ ভিতৰত বিখ্যাত কোনটো আছিল?

উঃ  নিজৰ লাঠিটো সাপত পৰিণত কৰা।

প্ৰঃ মুছা (আঃ)ক লাঠিটো কোনে দিছিল?

উঃ হজৰত শুৱাইৰ (আঃ)।

প্ৰঃ হজৰত মুছাৰ কোন ভাই নবী হৈছিল?

উঃ হাৰুণ (আঃ)।

প্ৰঃ ছিনা বা তীহ নামে ঠাইত মুছা (আঃ) আৰু ইস্ৰাইলসকলে কিমান দিন অৱস্থান কৰিছিল?

উঃ 40 বছৰ।

প্ৰঃ ‘তীহ’ শব্দৰ অৰ্থ কি?

উঃ দিকভ্ৰান্ত হৈ ঘূৰি থকা।

প্ৰঃ ‘মান্না’ আৰু ‘ছালোৱা’ কি?

উঃ ‘মান্না’ মানে জান্নাতী (স্বৰ্গীয় / আল্লাহ প্ৰদত্ত) সুস্বাদু খাদ্য আৰু ‘ছালোৱা’ মানে চৰাই।

প্ৰঃ হজৰত মুছা  (আঃ) আৰু হাৰুণ (আঃ)ৰ মৃত্যু ক’ত হৈছিল?

উঃ তাহ প্ৰান্তৰত অৱস্থান কালত হাৰুণৰ মৃত্যু হয় আৰু তাৰ দুই বছৰ পিছত একে ঠাইতে মুছা (আঃ) ইন্তেকাল কৰে।

প্ৰঃ কোন সম্প্ৰদায়ে দামুৰি পূজা কৰিছিল?

উঃ চুমেৰীয়সকলৰ প্ৰৰোচনাত বনি ইস্ৰাইল সম্প্ৰদায়ে।

প্ৰঃ গো-পূজাৰীসকলৰ কিমান জন নিজৰ মাজত খুনাখুনি হৈ মৃত্যু বৰণ কৰিছিল?

উঃ 70,000  অন্য মতে 3,000 জন।

প্ৰঃ মুছা (আঃ) সোণৰ দামুৰিটোক কি কৰিছিল?

উঃ ভষ্মীভূত কৰি সমুদ্ৰত নিক্ষেপ কৰিছিল।

প্ৰঃ হজৰত মুছা (আঃ)ৰ যুগত কোনজনব্যক্তি শ্রেষ্ঠ ধনপতি আৰু কুখ্যাত কৃপণ আছিল?

উঃ মুছা (আঃ)ৰ খুৰায়েকৰ এক পুত্ৰ।

প্ৰঃ ফিৰাউনে (দ্বিতীয় ৰামেছাছ)ৰ মৃতদেহ এতিয়া ক’ত আছে?

উঃ কায়ৰোৰ যাদুঘৰত।

প্ৰঃ হুজুৰ (ছাঃ) য়ে কাক কালৰ ফেৰাউন বুলি কৈছিল?

উঃ নিজৰ খুৰা আবু জাহিলক।

প্ৰঃ মুছা (আঃ) কাক লগত লৈ খিজিৰ (আঃ)ৰ সন্ধানত বাহিৰ হৈছিল?

উঃ ইউশা বিন নূন বিন আফৰাহিম বিন ইউছুফ (আঃ)ক লগত লৈ। 0 0 0

হজৰত মুছা আৰু হাৰুণ কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here