Home All হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita

Critical Essays on the Poetry of Hiren Bhattacharya

0
হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন  Hiren Bhattacharyar Kabita

 


হীৰেন ভট্টাচাৰ্যৰ  কবিতাঃ

এক বিশ্লেষণাত্মক অধ্যয়ন

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

 

ৰাব্বি  মছৰুৰ

 

গ্র’হিলচ্‌ পাব্লিশিং

কমলপুৰ, বৰেপটা (অসম)

 

Hiren Bhattacharyar Kabita: Ek Bishlekhnatmak Adhayan,  A collection of critical essays on the poetry of Hiren Bhattacharya by Rabbi Masur, Published by Growhills Publishing. 

Rights Reserved

Price: Rs. ……… 

D. T. P. By 

Rabbi Masrur

Printed at:

আগকথা

মোৰ প্ৰিয় কবিসকলৰ নাম ল’বলৈ হ’লে প্ৰথমেই যাৰ নাম  ল’ব লাগিব সেইজন হৈছে বিংশ শতাব্দীৰ শেষ দহককেইটাত অনিৰ্বচনীয় কবিতাৰে  অসমীয়া কাব্যমোদী পাঠকৰ মন-প্ৰাণত স্থান লাভ কৰিবলৈ সক্ষম হোৱা  প্ৰভাৱশালী কবি হীৰেন ভট্টাচাৰ্য। মই  এজন পাঠক হিচাপে কবিতাৰ প্ৰেমত পৰাৰ মূহুৰ্তৰ পৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এজন নিয়মীয়া পাঠক। তেওঁৰ আটাইবোৰ কবিতা পুথি বিশেষকৈ ‘সুগন্ধি পখিলা‘  শিৰোনামৰ নিৰ্বাচিত কাব্য সংকলনখনৰ কবিতাবোৰে মোক ইমানেই মোহাবদ্ধ কৰি ৰাখিছে যে  কবিতা পুথিখনৰ প্ৰায় সকলোবোৰ কবিতাই  মোৰ মুখস্থ। কবিতাবোৰ  পঢ়াৰ আঁৰে আঁৰে কবিতাবোৰৰ ওপৰত  বিশ্লেষণাত্মক আলোচনা লিখি গৈছিলোঁ। অনুভৱৰ চিৰন্ময়তা আৰু প্ৰকাশভংগীৰ অভিনৱত্বৰ দিশৰ পৰা কবি হীৰেন ভট্টাচাৰ্য এজন মৌলিক কবি। এনে এজন মৌলিক কবিৰ কবিতাৰ আলোচনা হোৱাটো নিত্যান্তই  জৰুৰী বিষয়। কিন্তু দুখৰ বিষয় যে তেওঁৰ কবিতাৰ ওপৰত আজিলৈকে কোনো গৱেষণাত্মক আলোচনা-সমালোচনা হোৱা বুলি  মোৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়ে  হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিশ্লেষণ সম্পূৰ্ণভাৱেই মোৰ নিজস্ব দৃষ্টিভংগীৰ পৰাই কৰা হৈছে। বিশ্লেষণত যদি কিবা আসোঁৱাহ ৰৈ গৈছে সেয়া একান্তভাৱেই তেওঁৰ কবিতাৰ আলোচক হিচাপে মোৰেই দুবৰ্বলতা। আশা ৰাখিছো পুথিখন পঢ়ি পাঠক সমাজে হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ বিষয়-বস্তু আৰু আংগিকৰ লগত পৰিচিত হ’ব পাৰিব। ইতি,

ৰাব্বি  মছৰুৰ

কমলপুৰ, বৰপটো (অসম)

২০১৯ ইংৰাজী চন।  

সূচীপত্ৰ

হীৰেন ভট্টাচাৰ্যৰ  কবিতাঃ এক বিশ্লেষণাত্মক অধ্যয়ন

 

হীৰেন ভট্টাচাৰ্যৰ কবিতা ‘মোৰ দেশ’- এক বিশ্লেষণ

বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকত অসমীয়া কাব্য শিল্পক প্ৰতিনিধিত্ব কৰা আৰু  কাব্যমোদী পাঠকৰ হৃদয়-মন জয় কৰা সৰ্বজন বিদিত অসমীয়া কবিজনৰ নাম হীৰেন ভট্টাচাৰ্য। কবি হীৰেন ভট্টাচাৰ্য মূলতঃ প্ৰেমৰ কবি- প্ৰেম বাৰিধিত অনাবিল প্ৰেমৰ মুখামূখি হৈ উঠি ভাঁহি যাব নোৱাৰাৰ বেদনাত ক্লান্ত তেওঁৰ প্ৰেমানুভূতি। স্বদেশপ্ৰেম, প্ৰকৃতি প্ৰেম আৰু মানৱ প্ৰেম তেওঁৰ কবিতাত প্ৰকাশ পোৱা প্ৰেমৰ তিনিটা প্ৰধান সুঁতি। প্ৰেমৰ এই তিনিটা সুঁতিৰ ভিতৰত যি সুঁতিটিয়ে সকলো বাধা-বিঘিনী অতিক্ৰমি প্ৰেম সাগৰৰ অতল থলি পাইছেগৈ সেই প্ৰেম সুঁতিটোৰ নাম স্বদেশপ্ৰেম। কবি হীৰেন ভট্টাচাৰ্যই বহুতো স্বদেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছে যদিও সেইবোৰৰ ভিতৰত ‘মোৰ দেশ’ শিৰোনামেৰে লিখা কবিতাটি  এক অনন্য উৎকৃষ্ট স্বদেশপ্ৰেমমূলক কবিতা যি কবিতাটিৰ মাজেদি কবি ভট্টাচাৰ্যই তেওঁৰ হৃদয় মানসত স্বতঃস্ফুর্তভাৱে জাগি উঠা স্বদেশপ্ৰেমৰ অকপট উচ্ছাস সহজ, সৰল, বাস্তৱধৰ্মী ফটফটীয়া কল্পচিত্ৰৰ সহায়ত হৃদয়-মন আলোড়িত কৰিব পৰা স্পন্দিত ছন্দত ৰচনা কৰিছে।

কবিতাটি পাঁচোটা অনুেচ্ছদত বিভক্ত। প্ৰথম অনুচ্ছেদৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ কাব্যিক অনুভৱ প্ৰকাশ কৰিছে। কবিৰ মতে তেওঁৰ স্বদেশপ্ৰেমৰ অনুভূতি তেওঁৰ অন্তৰাত্মাৰ লগতে তেওঁৰ বাহ্যিক ক্ৰিয়াকাণ্ডৰ লগতো জড়িত। সেয়ে তেওঁৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই স্বদেশৰ সোণোৱালী ভৱিষ্যতৰ ইঙ্গিত বহন কৰে। তেওঁৰ জীৱনৰ আঁহে-আঁহে, যৌৱনৰ কোঁহে-কোঁহে সেই সোণোৱালী সপোনৰ কলৰোল বাজি উঠিছে। কবিৰ ভাষাতঃ 

“মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে-আঁহে 

মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল।”

দ্বিতীয় অনুচ্ছেদত কবিয়ে বিদেশত থকা সময়খিনিত স্বদেশৰ প্ৰতি উদয় হোৱা প্ৰাণৰ আকৰ্ষণ প্ৰকাশ কৰি কৈছে যে তেওঁ বহুতো দেশ ভ্ৰমণ কৰিছে।  বহু দেশৰ অৰঙে -দৰঙে বহু বন্ধুৰ হাতত ধৰা-ধৰিকৈ ঘূৰি ফূৰিছে। কেতিয়াবা খেজুৰ তলত, কেতিয়াবা সাগৰ পাৰত অথবা পাহাৰৰ তলিত খন্তেক জিৰণি লৈছে কিন্তু ক’তো যেন তেওঁ শান্তি পোৱা নাই। সেয়ে আকৌ যাত্ৰা কৰিছে যি যাত্ৰাৰ শেষ কবিৰ স্বদেশ। অৰ্থাৎ কবিৰ স্বদেশখনেই  হৈছে কবিৰ সৰ্বশেষ আশ্ৰয়। কবিৰ ভাষাতঃ

“দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে -দৰঙে

মই ঘূৰিছো। বহু বন্ধুৰ স’তে হাতে-হাতে হাত ধৰি ফুৰিছো। 

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰ তলিত ক্ষন্তেক জিৰাইছো। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ 

কথা পাতিছো। তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা।”

কবিয়ে কেৱল কাব্যিক আৱেগৰ তাড়ণাতেই যে স্বদেশক ভাল পায় তেনে নহয়; কবিয়ে স্বদেশক প্ৰাণ ভৰি ভালপোৱাৰ বৈষয়িক কাৰণো আছে। তৃতীয় পৰিচ্ছেদত কবিয়ে নিজৰ দেশক ভালপোৱাৰ এই কাৰণবোৰ উল্লেখ কৰি কৈছে  যে স্বদেশৰ মাটিয়ে কবিক ভালপোৱাৰ আনন্দ দিয়ে, দিয়ে যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ। স্বদেশৰ প্ৰতিটো পুৱাই আৰু প্ৰতিটো সন্ধিয়াই কবিৰ জীৱনলৈ  ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আৰু স্নিগ্ধ ফুলৰ সুভাস কঢ়িয়াই আনে। আনকি প্ৰতিটো  ঋতুৱে কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। কবিৰ ভাষাতঃ

“এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অৰ্থ। 

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুভাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ।”

কবি অকল নিজৰ বাবে জীয়াই থকাৰ পক্ষপাতী নহয়। তেওঁ জীয়াই আছে আৰু জীয়াই থাকিব স্বদেশৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধনৰ বাবে। কবি ভট্টাচাৰ্যই চতুৰ্থ অনুচ্ছেদত তেওঁ জীয়াই থকাৰ কাৰণবোৰ উল্লেখ কৰি কৈছে যে কবিৰ অস্তিত্ব দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত। কবি নিজৰ দেশৰ বাবে ৰণুৱা, বনুৱা, হালোৱা সকলোৰে মাজত সাৰ্বজনীনভাবে বিৰাজমান। কবি জীয়াই আছে অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনাৰ প্ৰতীক হৈ। কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে স্বদেশৰ আহ্বান শুনিছে আৰু শত্রূ-মিত্ৰ সকলোকে জয় কৰি শান্তিৰ পাৰ চৰাইক আঁজলি ভৰাই ভঁৰালৰ এমুঠি ধান দি শান্তিৰ প্ৰতি কবিৰ গভীৰ আস্থা প্ৰকাশ কৰিছে। কবিৰ ভাষাত–

”এই দেশৰ বাবে মই জীয়াই আছো। এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰুণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত মই আছো- মোৰ দেশৰ বাবে । অনৈক্যৰ

মাজত ঐক্য হৈ,বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো।

জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছো।

শত্রূ-মিত্ৰ সকলোকে মই চিনিছো। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে 

জিনিছো। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছো- ভঁৰালৰ 

এমুঠি ধান, পৰাণৰ একোটি গান।

আৰুতো মোৰ একো নাই।”

পঞ্চম অনুেচ্ছদত কবিয়ে কৈছে যে স্বদেশৰ প্ৰতি থকা প্ৰেমানুভূতিয়ে তেওঁক ক্ৰমে আদৰ্শৰ পৰা শ্রেষ্ঠতম আদৰ্শলৈ আগুৱাই লৈ গৈ আছে। কবিৰ ভাষাত–

“মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ 

কঠিন পৰ্বত-মূললৈ…..”

কবিতাটি গদ্য ছন্দত ৰচিত যদিও এই গদ্য স্বতঃস্ফুর্ত  স্পন্দন যুক্ত। প্ৰতিটো শাৰী উচ্চাৰণ কৰাৰ লগে লগে হৃদয় আৰু মন দুয়ো তন্ত্ৰীত আলোড়ণ জাগি উঠে আৰু হৃদয়-মন অজান আনন্দ আৰু আবেগেৰে পুলকিত হৈ নাচি উঠে।

কবিতাটিৰ ভাষা আৰু শব্দ চয়ন সৰল আৰু সাৱলীল। অৱশ্যে কবিয়ে কিছুমান ঘৰুৱা শব্দ প্ৰয়োগ কৰিও কবিতাটিৰ সাৰ্বজনীন আবেদন বৃদ্ধি কৰিছে। ‘আঁহে-আঁহে’, ‘কোঁহে-কোঁহে’, ‘অৰঙে-দৰঙে’, হাতে-হাতে’ ইত্যাদি নিশ্চয় বহুলভাবে ব্যৱহাৰ হোৱা ঘৰুৱা অনুকাৰ আৰু অনুৰূপ শব্দ।

কবিতাটি কল্পচিত্ৰ সৰ্বস্ব যদিও কল্পচিত্রবোৰ জটিল সাহিত্যিক মেৰপাকত দুর্বোধ্য নহৈ সহজ আৰু ঘৰুৱা হৈ  পৰিছে। কবিতাটিৰ দ্বিতীয় অনুচ্ছেদটি ঘৰুৱা আৰু বাস্তৱ কল্পচিত্ৰৰ উৎকৃষ্ট উদাহৰণ।

অসমীয়া ভাষাত স্বদেশপ্ৰেমৰ কবিতা তাকৰ যদিও যিকেইটা উৎকৃষ্ট দেশপ্ৰেমমূলক কবিতা আছে সেই কেইটাৰ ভিতৰত হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ শিৰোনামৰ এই কবিতাটি এক উল্লেখযোগ্য দেশপ্ৰেমমূলক কবিতা। স্বদেশপ্ৰেমৰ দৰে প্ৰশংসনীয় প্ৰসংগ, সহজ সৰল শব্দ বিন্যাস, উচ্চ স্তৰৰ স্পন্দিত ছন্দৰ প্ৰয়োগ আৰু বাস্তৱ কল্পচিত্ৰৰ ব্যৱহাৰত কবিতাটি ইমানেই সাৰ্বজনীন আৰু আবেদনশীল হৈ উঠিছে যে এই কবিতাটি অসমীয়া ভাষাত কবি হীৰেন ভট্টাচাৰ্যৰ হৃদয়াকাশত উদয় হৈ কাপৰ মুখেদি নিগৰিত হোৱা এটি অনন্য আৰু উপমাহীন শ্রেষ্ঠতম দেশপ্ৰেমমূলক কবিতা।

অৱশেষত কব পাৰি যে ১৯৬২ চনত ৰচিত কবি হীৰেন ভট্টাচাৰ্যৰ এই কবিতাটি ইমানেই পঠনযোগ্য আৰু সাৰ্বজনীন আবেদনময়ী যে অসমীয়া ভাষা থাকে মানে এই কবিতাটিয়ে অসমীয়া কাব্যপ্ৰেমী ৰাইজৰ হৃদয়-মনত দোলা দি থাকিব। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজ চিত্ৰ

শিল্পী-সাহিত্যিকসকল সমাজৰ প্ৰতিনিধি স্বৰূপ। সমাজৰ বিভিন্ন বাস্তৱ দিশ শিল্পসন্মতভাৱে দাঙি ধৰাৰ ওপৰতেই সিহঁতৰ শিল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে। হীৰেন ভট্টাচাৰ্য সমাজ সচেতন কবি। সেয়ে তেওঁৰ কবিতাত সমাজৰ নানান দিশ স্পষ্টকৈ ফুটি উঠিছে। তেওঁৰ কবিতাৰ পাতে পাতে, স্তৱকে স্তৱকে অসমীয়া সমাজৰ নিৰাপত্তাহীনতাৰ চিত্ৰ, বিশৃঙ্খলাৰ চিত্ৰ, শোষণৰ চিত্ৰ, সন্ত্ৰাসৰ চিত্ৰ,  মানৱতাৰ অৱক্ষয়ৰ চিত্ৰ,  কলা ধনৰ পয়োভৰৰ চিত্ৰ, অসমীয়া ৰোৱনী-দাৱনীসকলৰ চিত্ৰ আদি নানান চিত্ৰ অকনো কেনা নলগাকৈয়ে সৰল আৰু পঠনযোগ্য ভাষিক মাধুৰ্যতাৰে ফুটি উঠিছে।

অসমত আজি নিৰাপত্তাৰ অভাৱ। অসমীয়া সমাজক আজি নিৰাপত্তাহীনতাৰ ভয়ে কুহুকি কুহুকি খাইছে। দিনৰ ভাগতো জনসাধাৰণে নিৰাপত্তাহীনতাৰ ভয়ত দুৱাৰ-খিৰিকী বন্ধ কৰি শংকাতুৰহৈ বহি থাকিব লগা হয়। কবি নিজেই এই অভিজ্ঞতাৰ মুখামুখি হৈ কৈছে-

“মই দুৱাৰ খিৰিকী বন্ধ কৰি 

দিলো। হৃদয়ৰ দীনতাৰ দাহনত

অকলে অকলে মই কান্দো-

কি যে ভয়াবহভাৱে আমি অসহায়!”   (সি)

অসমত আজি কোন কাৰ হাতত নিহত হয় তাৰ কোনো ইয়ত্তা নাই। সমাজত অবাধে হত্যা লীলা চলে। কবিয়ে এই হত্যালীলাৰ দিশটোলৈ দৃষ্টি দি লিখিছে–

“মোৰ দেশৰ ক্লিষ্ট দেহত

পতাকাখনৰ জৰী গছেৰে

তেজৰ টোপাল নিগৰি পৰিছে।

সুদূৰত 

মোৰ পতাকাখন 

দপদপাই জ্বলিছে ………… ।”  (পতাকা)

কবিয়ে লক্ষ্য কৰিছে যে অসমীয়া সমাজৰ চিৰাচৰিত সংহতিৰ বান্ধোন ছিঙি গৈছে। ইয়াত অবাঞ্ছীতভাৱেই  বহুত কিবা কিবি ঘটি থাকে। নিমিষতে নগৰত জুই জ্বলি উঠিব পাৰে। নিমিষতে সকলো শৃঙ্খলতাক পুৰি  নিঃশেষ কৰিব পাৰে। কবিৰ ভাষাত– 

“নগৰখন নিমিষতে 

দপদপাই জ্বলি উঠিল।

ভস্মীভূত নগৰৰ

ছায়ে পুতি থলে

শেষ নিশাৰ শেঁতা জোন।”    (নিয়তি)

অসমীয়া সমাজত উচ্চ-নীচৰ ভেদ-ভাৱ ক্ৰমান্বয়ে বাঢ়ি  আহিছে। দুখীয়াসকল ধনীসকলৰ শোষণৰ বলি হৈছে। কৃষক-বনুৱাই হাড়ভগা পৰিশ্ৰম কৰি পথাৰত সোণ ফলিয়ায় যদিও ধানৰ ডাঙৰি গোট খায় ডাঙৰীয়াৰ চোতালত। কবিয়ে অতি প্ৰাঞ্জল আৰু অকনো লুক-ঢাক নকৰাকৈ এই চিত্ৰটো ফুটাই তুলিবলৈ গৈ লিখিছে–

“মেটমৰা ধানৰ ডাঙৰি 

ডাঙৰীয়াৰ চোতালত থ’লো।

এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া। 

আইজনীৰ মাকৰ গাত লেঠা, 

এই বেলি ল’ৰা এটা হ’লে ভাল হয় বৰ। 

জানাইতো খেতিয়কৰ ল’ৰাৰ

হাত বৰ চিধা।”  (লখিমী)

অসমৰ গাঁৱে-ভূয়ে, নগৰে-চহৰে, বাটে-পথে সকলোতে সন্ত্ৰাসৰ ৰাজত্ব। সন্ত্ৰাসবাদীয়ে অবাধে হত্যা কৰি আছে সহজ সৰল হোজা নাগৰিকসকলক। বনৰীয়া পশু-পক্ষীও অবাধে ধবংস-যজ্ঞৰ চিকাৰ হৈছে। কবিয়ে  এই দিশটোৰ চিত্ৰ দাঙি ধৰিবলৈ গৈ লিখিছে–

“আহা! কি নিৰ্ভুল 

চিকাৰী হাত!

এটা বনৰ চৰাইৰ 

সাতোটা গুলিৰে 

হৰিলা মাত!

আহা! কি নিৰ্দয় 

চিকাৰী দাঁত!” (চিকাৰী)

অসমীয়া মানুহৰ হৃদয়ৰ পৰা মানৱতােবাধ কেনিবা উৰি গৈছে। মানুহবোৰ হৈ উঠিছে পৰস্পৰে পৰস্পৰৰ প্ৰতি হিংসুক আৰু নিৰ্দয়। কবিয়ে অৱক্ষয়মান মানৱতাৰ চিত্ৰ আঁকিবলৈ গৈ লিখিছে–

“গছৰ পৰা ছাঁ 

এনেকৈ তেনেকৈ উৰি গৈছে

যেন ক’ৰবালৈ গুচি যাব …….

গছৰ পৰা ছাঁ

এনেকৈ যেনেকৈ উৰি গৈছে

যেন আন ছায়াত মুখ থৈ ক’ব–

বুকুখন মোৰ মৰুভূমি

হাতদি চোৱা তুমি–পুৰি নিব।” (ছাঁ )

ভাৰতৰ আন আন প্রদেশবোৰৰ  দৰে অসমতো কলা ধনৰ প্ৰয়োভৰে ছানি ধৰিছে । অফিচ-আদালত, গাওঁ-ভূই সকলোতে উৎকোচ  প্ৰথা যেন আইনসন্মত বেহা। কবিয়ে  এই দিশটো অৱলোকন কৰি বিপ্লৱী কণ্ঠেৰে গৰ্জি উঠিছে–

“…….. উছন গ’ল গাওঁ। নষ্ট নগৰ। 

মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ। পাপ মুদ্ৰাৰ পয়োভৰ।

হে সময়, গৰ্জি উঠা নিয়োজিত কৰা সর্বোত্তমপ্ৰতিভা।” (সংকট দিন)

অসমীয়া সমাজ দৰিদ্ৰ-পীড়িত। গোটেই দিন পৰিশ্ৰম কৰাজনে দুবেলা দুমুঠি পেট-ভৰাই খাবলৈ নাপায়। সেয়ে কবিয়ে ভোগালীতেও লঘোণে থাকিব লগা গৰখীয়া ল’ৰাটোক উদ্দেশ্যি কৈছে–

“ভাই! সময় বুজি আহিবি এদিন, ফু মাৰি চোতালত 

লগে-ভাগে খাম দুখৰ ধানৰ এসাজ ভাত।” (গৰখীয়া ল’ৰাৰ গীত শুনি)

অসমীয়া তিৰোতাসকলে পথাৰত পুৰুষৰ সমানে কঠিয়া ৰুৱা আনকি ধান দাৱনিৰ কামো কৰে পুৱাৰ পৰা সন্ধিয়ালৈকে অথচ সিহঁতৰ পেট উদং। কবিয়ে লিখিছে–

“শস্যৰ সময়। ৰোৱনীৰ ভৰি উঠে বুকু!

বেলি বুৰ দিবলৈহে পালে

ধানৰ শীহে- শীহে সুহুৰি বজাই বৈ গ’ল

বতাহৰ নিছিগা ধাৰ।

সাঁজৰ এন্ধাৰে মোৰ বাহুত মূৰ থৈ

যিমানলৈ চাব পাৰে চালে-

ৰোৱনীৰ ধুক্‌ ধুক্‌ বুকুৰ শব্দই শব্দই কঁপি উঠে

গোটেই পথাৰ।” (পথাৰ)

উপৰি উক্ত আলোচনাৰ পৰা দেখা গ’ল যে কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত অসমীয়া সমাজৰ প্ৰায় প্ৰতিটি দিশেই মূৰ্তমান হৈ ধ’ৰা দিছে। তেওঁৰ যিকোনো কবিতা সংকলনৰ  পাত লুটিয়ালেই কবিৰ যুগৰ অসমীয়া সমাজৰ সম্পূৰ্ণ পৰিচয় পাব পাৰি। সেয়ে ক’ব পাৰি হীৰেন ভট্টাচাৰ্যৰ কবিতাবোৰ বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকৰ অসমীয়া সমাজৰ বিভিন্ন দিশৰ ফটোৰ চলন্ত চিত্ৰহে। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

সমস্যা জৰ্জৰিত এইখন মানৱ পৃথিৱীত কৰ্তব্য পথত আগবাঢ়ি যোৱাৰ প্ৰথম আৰু প্ৰধান প্ৰেৰণা হৈছে জীৱনৰ প্ৰতি এক আশাবাদী দৃষ্টিভঙ্গী। জীৱনৰ প্ৰতি আশা নথকা ব্যক্তি এজনৰ কোনো দৰ্শন নাই, জীৱনৰ কোনো মাদকতা নাই আৰু জীৱনৰ প্ৰতি যাৰ মাদকতা নাই সি জীয়াই থকাৰো যোগ্য নহয়। শত সমস্যাত পোত খাই থকা মানৱ সমাজক আশাবাদৰ জিলিঙনিৰে জীয়াই ৰাখে শিল্পী সাহিত্যিকসকলে। কাৰণ সমাজৰ প্ৰতি সিহঁতৰ এক সুকীয়া দায়বদ্ধতা আছে। সেয়ে সিহঁতে সমাজত আশাবাদৰ প্ৰতিনিধিত্ব কৰে। হতাশাত ভোগা জাতি এটাক নিৰাশাৰ বাণীৰে জগাব নোৱাৰি; পাৰি আশাৰ সঞ্জীৱনী মহামন্ত্ৰৰেহে। কবি হীৰেন ভট্টাচাৰ্য সমাজৰ কবি। মানৱ সমাজক সুখ শান্তিৰে ভ’ৰা এখন সাম্য-মৈত্ৰীৰ আদৰ্শ সমাজলৈ আগুৱাই লৈ যোৱাই তেওঁৰ লক্ষ্য। সেয়ে তেওঁৰ কবিতাত নিৰাশা আৰু হতাশাৰ ছবি থকাৰ লগে লগে সুন্দৰ ভৱিষ্যতৰ প্ৰতি সবল আশাৰ ৰেঙনিও আছে। তেওঁৰ আশাবাদ হৈছে সাম্যবাদী সমাজবাদৰ সপক্ষে।

কবি সমাজৰ বিভিন্ন অৱক্ষয়মান দিশৰ প্ৰতি সচেতন। তেওঁ নিজেও জীৱন পথত খোজ পেলাওঁতে হতাশাৰ গ্ৰাসত পৰিছে যদিও এক উজ্জ্বল ভৱিষ্যতৰ আশা এৰা নাই।  তেওঁ আশা কৰিছে  ভৱিষ্যতত নিশ্চয় সমাজ কলুষমুক্ত হ’ব অৰ্থাৎ জনসাধাৰণ সচেতন হৈ সাম্যবাদৰ পক্ষে বিপ্লৱ কৰিব আৰু এক শ্ৰেণীহীন সাম্য-মৈত্ৰীৰ সমাজ প্রতিষ্ঠা হ’ব। কবিয়ে সেয়ে কৈছে–

“কলঘৰৰ কলা ধোঁৱাই 

এদিন আকাশত বিজুলী জ্বলাব, 

ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই 

জীৱনৰ বাটে বাটে ফুল ফুলাব, 

ব্যধিগ্ৰস্ত এই নগৰে এদিন

আকাশলৈ মূৰ তুলি চাব- আকাশ ইমান বহল!

দ-কৈ উশাহ লৈ ক’ব- বতাহ ইমান কোমল!” (নাগৰিক)

কবি বিপ্লৱত বিশ্বাসী। তেওঁ বিশ্বাস কৰে যে বিপ্লৱৰ পৰিণাম নিশ্চয় সাম্যবাদী সমাজ। সেয়ে তেওঁ বিপ্লৱৰ শেষত অপৰূপ পৃথিৱীৰ সপোন দেখি লিখিছে–

“এই জুইকুৰা ময়েই জ্বলালো

জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব 

পৃথিৱীৰ অপৰূপ ৰূপ

সেয়ে জুইকুৰা ময়েই জ্বলালো।” (শোভাযাত্ৰাত নিহতজনৰ কবিতা)

হীৰেন ভট্টাচাৰ্য সমাজৰহে কবি। সমাজৰ অৱক্ষয়মান দিশ কবিতাৰ মাজেৰে মূৰ্ত কৰি জনগণৰ আগত দাঙি ধৰি সিহঁতক সমাজ সচেতন কৰি তোলাই তেওঁৰ কবিতাৰ  উদ্দেশ্য। সেয়ে তেওঁৰ কবিতাত আশাবাদৰ সুৰ বিদ্যমান। কিন্তু তেওঁৰ আশাবাদী কবিতাৰ সংখ্যা তেনেই তাকৰ। শেষত ক’ব পাৰি যে কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদৰ চিত্ৰ সণ্ঢালনিকৈ নাথাকিলেও তেওঁৰ কবিতাই পাঠকসকলক  ভৱিষ্যতৰ প্ৰতি আশাবাদী দৃষ্টিভঙ্গী গ্ৰহণ কৰাত উদ্বুদ্ধ কৰি তোলে। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ

মানৱ মন, মানৱ আচৰণ আৰু মানৱ সমাজৰ লগত সম্পৰ্ক থকা যিকোনো অৰ্থপূৰ্ণ ভাষিক অভিব্যক্তিয়েই সাহিত্য। সাহিত্যৰ বিভিন্ন বিভাগ বা শাখা আছে যেনে – কবিতা, গল্প, প্ৰৱন্ধ, উপন্যাস, সমালোচনা ইত্যাদি। এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন, সাৰ্বজনীন আৰু বেছি বিতৰ্কিত শাখাটোৱেই হৈছে কবিতা। কিন্তু কবিতা কি? ইয়াৰ এক সাৰ্বজনীন সংজ্ঞা দিবলৈ বিভিন্ন যুগত বিভিন্ন কবি তথা পণ্ডিতে চেষ্টা কৰিছে যদিও সকলো যুগৰ সকলো কবিতাৰ লগত খাপ খাব পৰাকৈ আজিলৈকে কোনেও এটি বিতৰ্কহীন সাৰ্বজনীন সংজ্ঞা আগবঢ়াবলৈ সক্ষম হোৱা নাই। অৱশ্যে আজিলৈকে এই প্ৰচেষ্টাৰ অন্তও পৰা নাই। বহু কবিয়ে সিহঁতৰ কবিতাৰ মাজেৰে কবি বা কবিতাৰ সংজ্ঞা বা ধাৰণা আগবঢ়াইছে। অসমীয়া ভাষাত সূৰ্যকুমাৰ ভূঞা আৰু ৰত্নকান্ত বৰকাকতীয়ে যথাক্ৰমে ‘কবিপ্ৰাণ’ আৰু ‘কবিৰস্থান’  নামৰ কবিতাৰ মাজেৰে কবি বা কবিতাৰ সাধাৰণ বৈশিষ্ট্য দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কবি সূৰ্য কুমাৰ ভূঞাৰ মতে কবিসকল সমাজৰে প্ৰাণী যদিও  সিহঁতৰ অন্তৰ আৰু অনুভূতি সৰ্বসাধাৰণ মানুহৰ পৰা কিছু পৃথক। কবিৰ অন্তৰখন অতি আলসুৱা, সিহঁতৰ অন্তৰ ৰহস্যঘন  সৌন্দৰ্যৰ প্ৰতি যুক্তিহীন ভক্তিৰে পৰিপূৰ্ণ। সিহঁতৰ অন্তৰখন সকলো ধৰণৰ যুক্তি-তৰ্ক আৰু জ্ঞান-গৰ্বৰ পৰা মুক্ত। তেওঁৰ মতে সাধাৰণ মানুহে ঢুকি নোপোৱা ৰহস্যৰ সম্ভেদ কবিসকলে পায়। সিহঁতৰ অন্তৰ সকলো ধৰণৰ পঙ্কিলতাৰ পৰা আঁতৰত। কবি সূৰ্যকুমাৰ ভূঞাই কৈছে–

“কবিৰ অন্তৰখনি আলসুৱা অতি

তুমি তাত নিদিবা যাতন

কবিৰ প্ৰাণৰ কথা বুজিবা কি তুমি

তোমাৰ যে উপৰুৱা মন।”

কবিয়ে কবিৰ অন্তৰখনৰ বিষয়ে আকৌ একে কবিতাটোতে কৈছে-

“হে তাৰ্কিক, জ্ঞানগবৰ্বী নেচাপিবা কাষ

তোমাৰ সি তৰ্কজাল লৈ

কবিৰ অন্তৰখনি পুণ্য তপোবন 

যুক্তিহীন ভকতি আলয়।”

কবি ৰত্নকান্ত বৰকাকতিৰ ‘কবিৰ স্থান’ কবিতাটিও কবিৰ সংজ্ঞা জ্ঞাপক কবিতা। কবি ৰত্নকান্ত বৰকাকতিয়ে স্বীকাৰ কৰিছে যে  কবিসকল সৰ্বসাধাৰণ মানুহৰ পৰা স্বতন্ত্ৰ। সিহঁত বস্তু জগততকৈ বস্তু জগতৰ আৰঁত থকা  ৰহস্যঘন জগতখনৰ প্ৰতিহে বেছি আকৰ্ষিত। সিহঁতে ধন-সম্পদ নাইবা বিষয়-বৈভৱৰ প্ৰতি উদাসীন। সিহঁত মুকলি আকাশৰ তলত বহি নাইবা কুল কুল সুৰেৰে বৈ যোৱা তটিনীৰ পাৰত বহি সৃষ্টিৰ অসীম ৰহস্য অনুভূতিশীল হৃদয়েৰে হৃদয়ঙ্গম কৰিবলৈ ব্যকুল। ৰাজদৰবাৰ, কোমল শৰ্য্যা বা বিলাসী জীৱন-যাপনৰ প্ৰতি সিহঁতৰ কোনো মোহ নাই। কবিয়ে কৈছে–

“সি অসীম তত্ত্ব অনাদি কালৰ

অভেদ মধুৰ ৰহস্য দ্বাৰ

মোকলাই ধৰে মুকলি কবিয়ে

মুকলি হিয়াৰ বজাই তাঁৰ।”

বিংশ শতাব্দীৰ কাব্যমোদী পাঠক সমাজৰ প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যয়ো কবি আৰু কবিতা প্ৰসঙ্গক লৈ কেইবাটাও কবিতা ৰচনা কৰিছে- যাৰ মাজেদি কবি গৰাকীয়ে কবিৰ স্বৰূপ অৰ্থাৎ কবিৰ বৈশিষ্ট্য আৰু কবিতাত শব্দ বিন্যাসৰ গুৰুত্ব সম্পৰ্কে কবিৰ নিজা বক্তব্য দাঙি ধৰিছে। অন্যান্য কবিৰ দৰে কবি হীৰেন ভট্টাচাৰ্যয়ো স্বীকাৰ কৰিছে যে কবিসকল সৰ্বসাধাৰণ মানুহতকৈ প্ৰকৃতি বা স্বভাৱত পৃথক। কবি আৰু কবিতাক মূল বিষয় হিচাপে লৈ তেওঁ যিকেইটা কবিতা ৰচনা কৰিছে সেয়া বিচাৰ কৰিলে কবি এজনৰ, থাকিবলগা (তলত আলোচনা কৰা) বৈশিষ্ট্যসমূহ ওলাই পৰে– 

প্ৰথমতে কবি ভট্টাচাৰ্যই অনুধাৱন কৰিছে যে কবিৰ অন্তৰ অতি অনুভূতিশীল আৰু স্পৰ্শকাতৰ। সেয়ে সমাজত ঘটা প্ৰতিটো শোকাত্মক  ঘটনাৰ  প্ৰতিফলন কবিসকলৰ অন্তৰত দ্ৰুতগতিত হয়।  কবিয়ে কৈছে–

“মই কবি 

বহি আছিলো

বা তিৰবিৰ ৰ’দৰ ছাঁত

নেজানো কেনেকৈ 

মোৰ কলিজাত 

লাগিল তেজৰ দাগ।” (চিকাৰী)

কবিসকল সত্য প্ৰয়াসী। এই সত্য জীৱনৰ সত্য, সৌন্দৰ্যৰ সত্য বা ৰহস্যৰ সত্য। কিন্তু এই সত্য পুনাপুনি ধ’ৰা নিদিয়ে; ই ব্যৰ্থতাৰ মাজেদিহে ধ’ৰা দিয়ে। অৰ্থাৎ ব্যৰ্থতাক গ্ৰহণ কৰিব পৰা জনেহে  কবি হ’ব পাৰে। তেওঁ স্বীকাৰ কৰিছে-

“কবি মই নাছিলো কোনো কালে

ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো 

সত্যক সহজে ল’বলৈ শিকালে।”  (তেজৰ আখৰেৰে)

কবি ভট্টাচাৰ্যৰ মতে কবি এজনৰ তৃতীয় স্বৰূপটো হ’ল তেওঁৰ সামৰ্থ্য সীমিত। কবি এজনে সমাজৰ পৰা বুটলা অভিজ্ঞতাসমূহ কবিতাৰ মাজেৰে ব্যক্ত কৰে। কবিয়ে কৈছে–

“মই কবি সীমিত মোৰ সামৰ্থ্য

আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ

কৃতঘ্ন পিতলৰ সুহুৰিয়ে 

বিপৰ্যপ্ত কৰে মোৰ কাব্যৰ অৰ্থ।” (লাঞ্ছিত সূৰ্য)

কবিসকল সমাজৰ অতন্দ্ৰ প্ৰহৰী। সিহঁতে সমাজৰ নানান কেৰোণ লগা দিশবোৰৰ বিৰুদ্ধে বিক্ষোভৰ গৰ্জন তোলে। অৰ্থাৎ কবিসকলৰ কবিতা অসামাজিক শক্তিবোৰৰ বিৰুদ্ধে চোকা তৰোৱাল। কবিৰ ভাষাত–

“মোৰ শব্দৰ শোভাযাত্ৰা হওঁক

স্কূৰ  কুটিল ৰাতিৰ প্ৰহৰী হওঁক

তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল

টলমল শব্দৰ উচ্ছসিত তেজৰ প্ৰবাহে প্ৰবাহে।”

(দেশ আৰু অন্যান্য বিষয়ক)

কবিসকলৰ হৃদয় প্ৰেমৰ মহা সিন্ধু যদিও আৰ্থিক দৈন্যতা সিহঁতৰ চিৰ লগৰীয়া। সিহঁতে দৈন্যতাৰ মাজেদিয়ে প্ৰেমৰ উপলব্ধি কৰে। কবিয়ে সেয়ে নিজৰ অৱস্থালৈ আঙুলিয়াই কৈছে–

“তুমিতো জানাই

এই কবিৰ আৰু একো নাই

এটাই মাথো কামিজ

তাৰো ছিগো ছিগো চিলাই

প্ৰেম নিশ্চয় এনেকুৱাই

আবৰণ খুলি হৃদয় জুৰায়।” (ভোগালি)

কবিসকল আনন্দ প্ৰয়াসী।  দুখ আৰু কাৰুণ্যৰ মাজেদি  আনন্দ উপলব্ধি কৰাৰ সামৰ্থ কবিসকলৰ আছে। কবিয়ে কৈছে–

“তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসঙ্গতা

লগৰীয়াৰ চকুত ধূলি দি বালিঘৰ সাজি একান্তমনে

উমলি থকা ল’ৰাটোৰ দৰে

এক অদ্ভুত  আনন্দবোধত মুগ্ধ।” (মোৰ আৰু পৃথিৱীৰ)

কবিসকল আশাবাদী। কবিসকলে বুকুত ব্যৰ্থতাৰ বোজা সাৱটি ভৱিষ্যতৰ ৰঙীন সপোন ৰচাত পাকৈত। অৰ্থাৎ কবি ভট্টাচাৰ্যৰ  মতে কবিৰ বুকুত হাহাকাৰ কৰি থকা শূণ্যতা থাকিলেও কবিসকল ভৱিষ্যতৰ প্ৰতি আশাবাদী। কবিয়ে সেয়ে ভৱিষ্যতত আশাৰ সোণালী কাৰেং কল্পনা কৰি চিঞৰি উঠিছে-

“আমি অদূৰত বহি খেলি আছো, সাঁথৰ ভঙাৰ খেল,

দৈৱবিপাক বুকুৰ শেল টানি আনি

লিখিছো কবিতা– বালি হাঁহজাক উৰি যাব, 

উৰি যাব পলসুৱা মাটিত এৰি থৈ কোমল ছাঁ।

কবিৰ সমৰ্পিত জীৱন হাহাকাৰ কৰি তোলা শূন্যতা।”

(কবিৰ সভাত)

এনেদৰে কবি হীৰেন ভট্টাচাৰ্যই কবিতাৰ মাজেদি কবিৰ স্বৰূপ প্ৰকাশ কৰিছে। অৰ্থাৎ কবি কোন, কবিৰ স্বভাৱ কি – তাৰ এক সংজ্ঞাত উপনীত হোৱাৰ চেষ্টা কৰিছে যদিও কবিয়ে সম্পূৰ্ণ স্পষ্টভাবে কতো কবিৰ সংজ্ঞা দিয়া নাই। তেওঁৰ বিভিন্ন কবিতাত প্ৰকাশ পোৱা কবি সম্পৰ্কে তেওঁৰ দৃষ্টিভঙ্গীক একত্ৰিত কৰি আমি এক সংজ্ঞাত উপনীত হ’ব পাৰি যে যিজনৰ অন্তৰ স্পৰ্শকাতৰ, অতি অনুভূতিশীল, সত্য প্ৰয়াসী, সমাজ সচেতন, হৃদয় কোমল আৰু প্ৰেমেৰে পৰিপূৰ্ণ, দুখ আৰু কাৰুণ্যৰ মাজতো যিজন আনন্দপ্ৰয়াসী, ভৱিষ্যতৰ প্ৰতি আশাবাদী, বিলাসীতাৰ প্ৰতি ভীতশ্ৰদ্ধ  আৰু আৰ্থিক অৱস্থা সীমিত সেইজনেই কবি।

কবি হীৰেন ভট্টাচাৰ্য অকল কবি সম্পৰ্কে তেওঁৰ ধাৰণা অৰ্থাৎ দৰ্শন প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাই; কবিতা সম্পৰ্কেও তেওঁৰ দৰ্শন  বিভিন্ন কবিতাত সিঁচৰতি কৰি দিছে। 

কবি ভট্টাচাৰ্যৰ মতে কবিতা অভিজ্ঞতাৰ দলিল।  এই অভিজ্ঞতা দুখ, শোক, কষ্ট, লাঞ্ছনা ভোগাৰ মাজেদি উপলব্ধ হয়। কবিয়ে কৈছে–

“মই সাধাৰণ কবি

কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত

মানুহৰ নিদাৰুণ অভিজ্ঞতা বুৰঞ্জীৰ নিষ্ঠুৰ আঁচোৰ।”

 (মোৰ এই শব্দবোৰত)

কবিতা যৌৱনৰ দূত। যৌৱনৰ কোনোবা এটি সময়ত মানৱ মনত সুপ্ত হৈ থকা কবিত্ব ভাৱ প্রস্ফূটিত  হয়। কবিয়ে কৈছে–

“কবিতা যৌৱনৰ দূত,

নীলিমাৰ অমল দৰ্পণ আকুল

মোৰ স্মিত উদ্যানত

তুমি প্ৰতিদিনেই একো একোটা ফুল।”  (জোনাকী মন)

কবিতা দুখৰ ঋতুত আনন্দ আৰু সৌন্দৰ্যৰ প্ৰতীক। কবিয়ে কৈছে–

“ভঙা কলিজাত কোনে বিনায়-

কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাই।”  (জোনাকী মন)

কবিয়ে কেৱল কবিতাৰ বিষয়-বস্তুৰ বিষয়ে ব্যক্ত কৰিয়েই ক্ষান্ত থকা নাই কবিতাৰ আঙ্গিক অৰ্থাৎ কবিতাৰ ভাষা আৰু শব্দ প্ৰয়োগৰ বিষয়েও কৈছে যে কবিতাত শব্দই আচল বস্তু। অৰ্থাৎ উপযুক্ত শব্দ নিৰ্বাচনেহে  কবিৰ ভাবক অৰ্থপূৰ্ণ কৰি তোলে।। কবিয়ে কৈছে–

“স্বপ্নৰ উদ্যান চুই অহা মোৰ এই 

শব্দবোৰত জীৱন ধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ট উত্তাপ,

মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক, 

মই শব্দবোৰ জিভাত দি চাওঁ

কিমান তপত

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ 

তেজঃদীপ্ত সন্তান।”   (মোৰ এই শব্দবোৰত)

কবিতাত শব্দৰ গুৰুত্বৰ ওপৰত জোৰ দি কবিয়ে আকৌ কৈছে–

“মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছো

বুৰঞ্জীৰ বহু ভয়ঙ্কৰ দিন। 

শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃঙ্খলা,

নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে প্ৰয়োজনত পুনৰ প্রতিষ্ঠা কৰিছো

বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ।

শব্দ মোৰ শুভঙ্কৰ সঙ্গীত

কিম্বা উচ্চতৰ গণিত।”   (স্বদেশ স্বকাল)

সামৰণিত ক’ব পাৰি যে কবি হীৰেন ভট্টাচাৰ্যই কবি সম্পৰ্কে তেওঁৰ যি দৰ্শন  কবিতাৰ মাজেদি দাঙি ধৰিছে সেয়া অন্যান্য কবি বা পণ্ডিতে দাঙি ধৰা দৰ্শনৰ লগত মিল আছে। অৰ্থাৎ কবি সম্পৰ্কে  বিভিন্ন কবিতাত ব্যক্ত হোৱা কবি ভট্টাচাৰ্যৰ দৰ্শনৰ সাৰ্বজনীনতা আছে। কবিয়ে কবিতাত শব্দ নিৰ্বাচন সম্পৰ্কে যি বক্তব্য দাঙি ধৰিছে সেয়া নিশ্চয় যুগুত যদিও শব্দই কবিতা নহয়। তেওঁৰ বহুত কবিতাত জটিল শব্দৰ কুজ-কাৱাচ আছে যিবোৰৰ প্ৰয়োগে কবিৰ ভাৱৰাশিক অধিক জটিল আৰু অবোধগম্য কৰি তুলিছে। উদাহৰণস্বৰূপে  তলত দিয়া উদ্ধৃতি কেইটাই যথেষ্ট। যেনে–

“মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম, উদগ্ৰ জীৱন

শক্তিত  স্ফীত শাখা-প্ৰশাখাত উৎসাৱন্ত ধুমুহাৰ কোলাহল,

মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ।”

 (মোৰ আৰু পৃথিৱীৰ)

কবি ভট্টাচাৰ্যৰ কবিতাৰ দুর্বোধ্যতাৰ আৰু এটি উদাহৰণ দিব পাৰি। যেনে–

মোক অভয় দিয়া পৰিচিত শব্দবোৰৰ নিৰ্লিপ্ততা ভাঙি-ছিঙি 

হাতুৰীৰে চুৰমাৰ কৰাৰ, অথবা ৰক্তস্বল্পতাত মুমূৰ্ষু নিষ্ফল বাস্তৱ

টুকুৰা- টুকুৰ কৰা দুৰ্দ্ধৰ্ষ তৰোৱালৰ বিচক্ষণ তেজস্বিতা।”

( কবিতাৰ কাৰণে–একক প্ৰাৰ্থনা) ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ

যেতিয়া কোনো এক প্ৰাণী, বস্তু বা চিহ্নই এইটোৰ সাধাৰণ অৰ্থৰ উপৰিও আন কিবা অৰ্থ বা তাৎপৰ্য বুজায়। তেতিয়া সেই প্ৰাণী, বস্তু বা চিহ্নক ‘প্ৰতীক‘ (Symbol) বোলে। সহজ কথাত প্ৰতীক হৈছে কোনো এটা বস্তু যিটোৱে অইন কিবা বুজায়। সাহিত্যত প্ৰতীকৰ ব্যৱহাৰ কোনো নতুন বস্তু নহয়।  প্ৰাচীন ভাৰতীয় সাহিত্যিকসকলে প্ৰকৃতিৰ কিছুমান বস্তুক নিৰ্দিষ্ট কিছুমান অৰ্থ বা তাৎপৰ্য প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু তেনেবোৰ  বস্তুৰ সংখ্যা নিচেই কম আছিল আৰু সিবিলাকৰ প্ৰতীকি অর্থবোৰ  আছিল গতানুগতিক আৰু নিৰ্দিষ্ট। সেইবোৰৰ ব্যৱহাৰ পৰম্পৰাগতভাৱে সাহিত্যত চলি আহিছিল। যেনে -‘সূৰ্য’ পোহৰৰ প্ৰতীক ‘বাঘ’ বা ‘সিংহ’ হিংস্ৰতাৰ প্ৰতীক। এনেবোৰ প্ৰতীকক পৰম্পৰাগত প্ৰতীক (Traditional/Conventional) বুলি ক’ব পাৰি।  কিন্তু ১৮৫৭চনত ফ্রান্সত শিল্প সাহিত্যত প্ৰতীকবাদৰ আন্দোলন আৰম্ভ হয়। ফলস্বৰূপে ‘প্ৰতীকবাদী সাহিত্য’ নামেৰে এক স্বতন্ত্ৰ সাহিত্য-শাখাৰ সৃষ্টি হয়।  এনেবোৰ সাহিত্যত প্ৰতীকৰ বহুল আৰু উভৈনদী ব্যৱহাৰ লক্ষণীয়। এই আন্দোলনে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ইউৰোপৰ শিল্প-সাহিত্যক প্ৰভাৱিত কৰাৰ লগতে সাহিত্যৰ গতিও সলনি কৰে। এই প্ৰভাৱ কবিতাৰ ওপৰতো সণ্ঢালনিকৈ পৰিবলৈ আৰম্ভ কৰে। এই প্ৰতীকবাদী আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হোৱা কবি সাহিত্যিকসকলে  পৰম্পৰাগতভাৱে চলি অহা প্রতীকবোৰৰ বাহিৰেও গাইগুটিয়াকৈ যাৰ যি ইচ্ছা তেনেকৈয়ে নতুন নতুন তাৎপৰ্যৰ সৈতে নতুন নতুন প্ৰতীকৰ জন্ম দিয়ে।  এটা বস্তুই বিভিন্ন শিল্পী সাহিত্যিকৰ শিল্পত বিভিন্ন অৰ্থত ব্যৱহাৰ হ’বলৈ ধৰে। ফলত প্ৰতীকৰ আন এটি শাখাৰ জন্ম হয় যি শাখাক  ‘ব্যক্তিগত প্ৰতীক’ (Persoanl Symbol) বুলি ক’ব পাৰি। বিংশ শতাব্দীৰ অসমীয়া কাব্য সাহিত্যতো এই প্ৰতীকবাদৰ  প্ৰভাৱ পৰে। অসমীয়া কবিসকলৰ ভিতৰত নীলমণি ফুকন, নৱকান্ত বৰুৱা, অজিত বৰুৱা আদি কবিসকলৰ কবিতাত এই প্ৰতীকবাদৰ প্ৰভাৱ অতি স্পষ্ট। বিংশ শতাব্দীৰ শেষৰ পাঁচোটা দহকত যিজন কবিয়ে অসমীয়া কাব্য সাহিত্যৰ মঞ্চত কবিতা-প্ৰিয় পাঠকৰ মন-প্ৰাণ মোহিত কৰি ৰাখিছে সেইজন কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাতো  প্ৰতীকৰ সণ্ঢালনি প্ৰয়োগ দেখা যায়।  কিন্তু তেওঁ ব্যৱহাৰ কৰা সৰহভাগ প্ৰতীকেই পৰম্পৰাগত; ব্যক্তিগত প্ৰতীকৰ ব্যৱহাৰৰ সোৱাদ তেওঁৰ কবিতাত কমেই পোৱা যায়। ভট্টাচাৰ্যই তেওঁৰ কবিতাত পোহৰ আৰু অন্ধকাৰ, আশা আৰু নিৰাশা বা শান্তি আৰু অশান্তি আদি বুজাবলৈ নানান প্ৰতীকৰ  ব্যৱহাৰ কৰিছে। কবিয়ে নীলা ৰং, ছাঁ, ফুল, চৰাই, সূৰ্য আদিক পোহৰ  আৰু শান্তিৰ প্ৰতীক আৰু বসন্ত, সাপ, বৰ্ষা, ৰাতি আদিক অশান্তি, বিশৃঙ্খলতা, এন্ধাৰ আদিৰ প্ৰতীক হিচাপে  ব্যৱহাৰ কৰিছে।

কবিয়ে ‘আশ্ৰয়’ শিৰোনামেৰে লিখা কবিতাত ‘নীলা’ ৰংটো শান্তিৰ প্ৰতীক হিচাপে  ব্যৱহাৰ কৰি লিখিছে–

“এদিন ৰাতি মই এখন নতুন দেশলৈ গৈছিলো। 

সেই দেশৰ হৃদয় জুৰি আছিল তাৰকা খচিত

উজ্জ্বল নীলা এখন পতাকা।”  (আশ্ৰয়)

কবিয়ে ব্যৱহাৰ কৰা পোহৰ বা শান্তি বা আশাৰ আন এটি প্ৰতীক হৈছে ‘ছাঁ’।  কবিয়ে লক্ষ্য কৰিছে যে সমাজৰ পৰা ছাঁ’ অৰ্থাৎ  শান্তি বা নিৰাপত্তা ক্ৰমান্বয়ে আঁতৰি আছে। তেওঁ কৈছে–

“গছৰ পৰা ছাঁ

পাতৰ পৰা ছাঁ

ছাঁ মাটিৰ পৰা

উৰি গৈছে।”  (ছাঁ)

কবিয়ে বৰ্তমান অৱক্ষয়মান সমাজৰ চিত্ৰ দাঙি ধৰিবলৈ অৰ্থাৎ সমাজৰ এন্ধাৰ ফালটো উদংকৈ দেখুৱাবলৈ  কিছুমান প্ৰতীক ব্যৱহাৰ কৰিছে। তাৰ ভিতৰত  ‘কুঁৱলি’ক এন্ধাৰ অৰ্থত ব্যৱহাৰ কৰি কবিয়ে লিখিছে–

“কালি ৰাতি খুব কুঁৱলী পৰিছিল।

পাহাৰ তলিত

এটা চৰায়ে ওৰে ৰাতি

গান গাই গাই আকাশখনক কন্দুৱাইছিল।”

বসন্ত ঋতুটোক সাধাৰণতে আনন্দৰ প্ৰতীক হিচাপে পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে যদিও কবিয়ে বসন্ত ঋতুক দুখ বা মৃত্যুৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে।  এয়া কবি মনৰ নতুনত্ব নহয; ই সামাজিক পৰিস্থিতিৰহে  পৰিবৰ্তন।  কবিয়ে কৈছে যে বসন্ত ঋতুত শান্তি আৰু সৌন্দৰ্যৰ পৰিৱৰ্তে হত্যা, মৰা-মৰি আদিৰহে ৰাজত্ব চলে। কবিৰ ভাষাত–

“এতিয়া বসন্ত কাল

‘ফুলতকৈ কাঁইটেই ভাল’

এই বুলি কৈ মোৰ কোলাত 

আহি পৰিল

তেজ ৰঙা বুলবুলি এহাল।”  (বসন্তৰ স্তৱক)

বৰ্তমান সমাজ আৰু সমাজৰ গতিশীলতাক কবিয়ে সাপৰ প্ৰতীকেৰে বুজাবলৈ চেষ্টা কৰি কৈছে যে সমাজখনৰ লগতে কবিয়েও মৃত্যুৰ গৰাহলৈকে আগবাঢ়ি গৈ আছে। কবিৰ ভাষাত-

মই এন্ধাৰ সোপানেৰে

গৈ আছোঁ গোপনে-গোপনে

গৈ আছোঁ ……..

সমুখত 

আকবাক এডাল সাপ।

আৰু এটা ঢাপ

আৰু এটা মাথোন ঢাপ ……….

পাৰ হ’ম

বগা- ক’লা পাহ কটা সাপ।”  (এন্ধাৰত সাপ)

অসমৰ বৰ্ষা ঋ তুটো দুখ-দুৰ্দ্দশা আৰু হতাশা-নিৰাশাৰ প্ৰতীক। কবিয়ে বৰ্ষাক পৰম্পৰাগত প্ৰতীকি অৰ্থত ব্যৱহাৰ কৰি লিখিছে–

“শাল বনেৰে বৈ আছে বতাহৰ

কুল কুল বাঁহী।

বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,

বুকু ভৰি থাকে দুখ, দুখৰ সৰল হাঁহি।”  (বৰ্ষা)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ আছে যদিও কবি নীলমণি ফুকন বা নৱকান্ত বৰুৱাৰ দৰে প্ৰতীক সবৰ্বস্ব কবি তেওঁ নহয়। তেওঁ সমাজৰ কবি, সমাজবাদৰ প্ৰতিনিধিত্বশীল কবি।  তেওঁৰ সমসাময়িক অসমীয়া সমাজৰ অৱক্ষয়মান দিশটো জনসাধাৰণৰ আগত দাঙি ধ’ৰাই তেওঁৰ কবিতাৰ উদ্দেশ্য। সেয়ে আন আন প্ৰতীকবাদী কবিসকলৰ দৰে বিশৃঙ্খল প্ৰতীকৰ দুর্বোধ্যতাৰ   পৰা তেওঁৰ কবিতা মুক্ত। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন ভট্টাচাৰ্যৰ কবিতাত কৰুণ ৰস

মানৱ জীৱনটো জন্মৰ পৰা মৃত্যুলৈকে কাৰুণ্যৰ এক নিৰৱচ্ছিন্ন প্ৰৱাহ মাথোন। মানৱ শিশু এটাই জন্মৰ সময়তে কান্দি কান্দি চকুলোৰে তিতি ভূমিষ্ট হয় আৰু মৃত্যুৰ সময়তো বহুতো পোৱা আৰু নোপোৱাৰ বেদনা বুকুত সাবটি প্ৰজন্মক কন্দুুৱাই মৃত্যুত শৰণ লয়। দেখা যায় মানৱ জীৱনে কেতিয়াও কান্দোনৰ পৰা হাত সাৰিব নোৱাৰে।  জন্মৰ সময়ত কৰা কান্দোন আৰু  মৃত্যুৰ সময়ত প্ৰজন্মক কন্দুৱাই যোৱাটোক যদিও আমি সহজাত বা স্বাভাৱিক বুলি কওঁ তথাপি এই জন্ম আৰু মৃত্যুৰ সময়ছোৱাত মানুহে  নকন্দাকৈ থাকিব নোৱাৰে। বাঞ্চিত বা অবাঞ্চিতভাবেই মানুহৰ কাৰুণ্য বা কান্দোনৰ বিভাৱ (Substantial/Cause of Pathos) ধ’ৰা দিয়ে। কিন্তু এই কান্দোনৰ বাহ্যিক, আনুভূতিক, সামাজিক বা মানসিক কাৰণ থাকে। মানৱ জীৱন বহুতো পোৱা আৰু নোপোৱাৰ স’তে অবিৰতভাবে চলা সংগ্ৰামৰ সমষ্টি। সেয়ে মানৱ জীৱনত কাৰুণ্য অৱধাৰিত। কিছুমান কাৰুণ্য বা কান্দোন সমাজৰ পৰা  কোনো ব্যক্তি বা ব্যক্তিসমষ্টিৰ ওপৰত জাপি দিয়া হয়।  উদাহৰণ হিচাপে উনুকিয়াব পাৰি বৰ্ণ বৈষম্য বা ধৰ্ম বৈষম্যৰ বাবে  এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহৰ ওপৰত চলোৱা বৈষম্যমূলক আচৰণ বা নিৰ্যাতন।  আন এক কাৰণ হ’ল -মানসিক কাৰণ। মানুহে জীৱনত বহুত কিবা-কিবি পোৱাৰ হাবিয়াস কৰে।  কিন্তু তাৰ ভিতৰত যি পায় তাক এৰি  যি নাপায় তাৰ বাবে নৈৰাশ্য বা দীৰ্ঘ নিশ্বাসত ভূগে।  পৰিণামস্বৰূপে অবাঞ্চিতভাৱেই কাৰুণ্যই মন আৰু শৰীৰত বাঁহ বান্ধে, চকুত চকুলোৰ সোঁত বয়।  গতিকে দেখা যায় যে কোনো মানুহেই কাৰুণ্যৰ পৰা হাত সাৰিব নোৱাৰে।  কিন্তু এই কাৰুণ্যক কিছুমান মানুহে  ভাগ্যৰ লিখন বুলি  কপালক ধিয়াই জীয়াই থকাৰ প্ৰেৰণা আৰু কৰ্তব্যনিষ্ঠাক পাহৰি  হা-হুতাশত দগ্ধ হৈ  দুর্বিহ জ্বালা-যন্ত্ৰণা বুকুত লৈ জীৱন কটায়। আন কিছুমান মানুহে এই কাৰুণ্যক বা জীৱনৰ বিফলতাসমূহক সাবটি বহি নাথাকি নৱ উদ্দীপনা আৰু কৰ্তব্য নিষ্ঠাৰে জীৱন পথত অগ্ৰসৰ হয়। এইসকল লোকেই জীৱনত সফলতা আনয়ন কৰে আৰু বালিৰ  পৰা সোণৰ চেকুৰা বিচাৰি লয়। 

সাহিত্য হৈছে সমাজৰ দাপোণ। মানৱ সমাজ তথা মানৱ আচৰণ আৰু মানৱ চৰিত্ৰ সাহিত্যত প্ৰতিফলিত কৰাই যিহেতু সাহিত্যিকৰ ধৰ্ম সেয়ে সাহিত্যত মানৱ জীৱনৰ হতাশা, নিৰাশা, কান্দোন, দুখ-দুৰ্দ্দশা ফুটি উঠাটো সাহিত্যৰ স্বাভাৱিক ধৰ্ম আৰু যিসকল সাহিত্যিকে এইবোৰ বাস্তৱ দিশ সাহিত্যত ফুটাই তুলিব পাৰে সেইসকল সাহিত্যিকেই সফল সাহিত্যিক হিচাপে জনসাধাৰণৰ আপোন হয়। বিশ্বৰ কালজয়ী সাহিত্য অধ্যয়ন কৰিলে দেখা যায় যে  সেইবোৰ মানৱ জীৱনৰ দুখ-দুৰ্দ্দশা, হাঁহি-কান্দোনৰ প্ৰতিচ্ছবিহে। সাহিত্যিকে যেতিয়া এই দুখ-কষ্ট, জীৱনত পোৱা-নোপোৱাৰ হা-হুতাশ সাহিত্যত কলাত্মকভাৱে ফুটাই তোলাত সমৰ্থ হয় তেতিয়া সি কৰুণ ৰসত পৰিণত হয়। হাঁহিতকৈ কান্দোনেহে  মানৱ মনৰ অনুভূতিক গভীৰভাবে আৰু স্থায়ীভাবে প্ৰভাৱিত কৰে। সেয়ে সাহিত্যত কৰুণ ৰসৰ সোৱাদ লোৱাৰ প্ৰতি মানুহৰ এক সহজাত প্ৰৱণতা আছে।

আধুনিক যুগ হতাশা আৰু নিৰাশাৰ যুগ, নোপোৱাৰ বেদনাৰে জৰ্জৰিত হোৱা নৈৰাশ্যৰ যুগ, চকুলোৰে জীৱনত বাট তিয়াই জীৱন বাটৰ সৈতে চলোৱা সংগ্ৰামৰ যুগ। এক কথাত প্ৰকাশ কৰিবলৈ গ’লে আধুনিক যুগ হৈছে কাৰুণ্যৰ যুগ। কবি সাহিত্যিকসকলে সমাজৰ এই কাৰুণ্যময় দিশটো ফুটাই তুলিবলৈ চেষ্টাৰ ত্রূটি কৰা নাই যদিও সাহিত্যত মানৱ জীৱনৰ কৰুণতাক বা কাৰুণ্যৰ দিশবোৰ ফুটাই তোলাত কিছু সংখ্যক সাহিত্যিকেহে সফল হৈছে। বিংশ শতাব্দীৰ যিসকল কবিৰ  কবিতাত সমাজ তথা মানৱ জীৱনৰ কাৰুণ্যময় দিশটো  ফুটি উঠি কৰুণ ৰসলৈ উন্নীত হৈছে সেইসকল কবিৰ ভিতৰত কবি হীৰেন ভট্টাচাৰ্য অন্যতম। তেওঁৰ কবিতাত ব্যক্তিগত জীৱনৰ হা-হুতাশ, দুখ, শোক আদি কৰুণ দিশবোৰ  ফুটি উঠাৰ লগে লগে সমাজৰো কাৰুণ্যময় দিশৰ প্ৰতিফলন ঘটিছে। কিন্তু তেওঁৰ কৰুণ ৰসৰ অভিব্যক্তি উগ্ৰ নহয়, ই নমনীয়। কবিয়ে জীৱনৰ হাঁহি-কান্দোনত ভাগি পৰি কৰ্তব্য পথৰ পৰা বিচলিত নহৈ কাৰুণ্যক সহজভাবে গ্ৰহণ কৰি জীৱনৰ বাটত অগ্ৰসৰ হৈছে। অৰ্থাৎ তেওঁৰ মতে কৰুণতা জীৱনৰ কৰ্তব্য পথত অন্তৰায় নহয়; ই কৰ্তব্য পথত সবল প্ৰেৰণাহে।

কৰুণতা কবিৰ বাবে চাৰিও দিশৰ পৰা আগুৰি ধৰিব পৰা এক শক্তিহে। কবিয়ে কিন্তু এই কাৰুণ্যক অভিশাপ দি আঁতৰ কৰিব বিচৰা নাই। তেওঁ সেই কাৰুণ্যক সহজে মানি লৈ তাৰ পৰা নৱ সৃষ্টিৰ প্ৰেৰণাহে লাভ কৰিছে। তেওঁ কৈছে-

“মেঘৰ মাজেৰেও 

বগাই আহে 

সোণোৱালী সাপ!

সহজ কথাত-

দুৰ্যোগৰ দুর্বিপাকেই 

মোৰ বহাগ।

মোৰ সমস্ত সত্বাক 

আহত কৰি

বাজি উঠে তাৰ ৰাগ।” (কতনা বহাগ)

কবিয়ে বুজি পায় যে কাৰুণ্যক কোনেও লগ নোপোৱাকৈ থাকিব নোৱাৰে। তেওঁ  আৰু জানে যে ব্যৰ্থতাই মানৱ জীৱনলৈ অন্ধকাৰ অৰ্থাৎ কাৰুণ্য নমাই আনে। কবিৰ ভাষাত-

“ব্যৰ্থতাৰ আন নাম কি

মই নেজানো, হয়তো

এখন অনুজ্জ্বল 

আকাশ।”  (ব্যৰ্থতা)

কাৰুণ্যক  গ্ৰহণ কৰিব পৰা জনৰ বাবে কাৰুণ্য এক অমোঘ মন্ত্ৰ; ই মানৱ হৃদয়ক  ধুই পখালি নিকা কৰে। কবিয়ে কৈছে–

“মই সুধিছিলো 

দেৱতাৰ মন্দিৰৰ বাট কেনি?

তাই আগবঢ়াই দিলে 

চকুলোৰে সেমেকা হাতখনি।” (কৰুণ হাত)

কবি ভট্টাচাৰ্যই যিকোনো দুখ বহন কৰিবলৈ সাজু। সেয়ে তেওঁ কৈছে –

“যি দুখকেই দিয়া

মই বহন কৰিব পাৰো সেই দাহন।

অটল কৰ্ষিত অমৰ্ত্যৰ মাটিৰে

পূৰ্ণ মোৰ অবাক অৱগাহন।” (জোনাকী মন)

কবিয়ে কাৰুণ্য অৰ্থাৎ দুখক এৰাই চলিব পৰা নাই; যিমানেই সুখৰ ফুলনিলৈ হাত আগবঢ়ায় সিমানেই সি হুলৰ আঘাত পায়। তথাপি কবি কাৰুণ্যত ভাগি পৰা নাই। তেওঁ দুখক ‘ভালপোৱা’ বুলি গ্ৰহণ কৰি লৈছে। কবিৰ ভাষাত–

“গোঁৱাৰ মৗমাখিটোৰ দৰে

উৰি গৈ বাৰে বাৰে ফুল বুলি হুলতেই পৰে

মোৰ দুখ, মোৰ ভালপোৱা।”

(জোনাকী মন)

কবিৰ বাবে  দুখ সহজ আৰু সুনিশ্চিত। সেয়ে কবিয়ে নিজৰ দুখৰ স্বৰূপৰ বিষয়ে কৈছে–

সহজ এন্ধাৰ, সহজতৰ মোৰ সহজাত দুখ,

প্ৰকৃততে দুখবোৰ সজ, সহজ আৰু সুনিশ্চিত।” (জোনাকী মন)

কবিয়ে দুখত ভাগি নপৰি দুখৰ মাজতেই ভৱিষ্যতৰ সোণালী সপোন ৰচনা কৰিছে। কবিয়ে কৈছে-

“দুখৰ মাটিত মই শুই আছো-

শিতানত মোৰ সপোনৰ সঁচাৰ কাঠি,

মেহগনি ৰঙৰ আকাশখনত এখুজি দুখুজি

খোজ গণি গণি ৰাতি

দেও দি আহে ৰূপালী ৰঙৰ

হৰিণা পোৱালি।”  (জোনাকী মন)

কবিয়ে দুখৰ সংগ্ৰাম কৰি কৰিয়েই জীৱনৰ বাটত আগবাঢ়ি আছে । এই সংগ্ৰামেই তেওঁৰ আনন্দ; হাৰ-জিতৰ কোনো প্ৰশ্ন নাই। সেয়ে কবিয়ে ক’ব পাৰিছে-

“মই দুখৰ লগত খেলো

জিকোৱেই বা হাৰো

অবিচলিত মোৰ আনন্দ।” (স্বপ্নৰ স’তে)

বিষাদৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। ই স্বতঃস্ফূর্তভাবে  বন্ধুৰ দৰে আগবাঢ়ি আহে কবিৰ নিচেই কাষলৈ–

”কেতিয়াবা যে বিষাদ

জীৱনৰ ইমান কাষ চাপি আহে বন্ধুৰ দৰে

ম্লান হাতত তাৰ অন্য পাণ্ডুলিপি।” (অন্য পাণ্ডুলিপি)

কবিয়ে বিষন্নতাক আঁতৰি যাবলৈ কোৱা নাই। তেওঁ বিষন্নতাক অভিনন্দনহে জনাইছে–

“বিষণ্ণতা!

মোক নিৰ্ভৰ কৰা

এনেকৈয়ে গালে মুখে হাত দি বহি নেথাকিবি,

মোৰ মন মৰি যায়।”  (বিষণ্ণতা প্ৰমুখ অন্যান্য)

কবিৰ সুখৰ কোনো প্ৰতিদ্বন্ধী নাই; নাই দুখৰো। কবিয়ে কৈছে–

“কবিতা নামৰ স্তব্ধতাত মোৰ শুকান ওঁঠ

মোৰ সুখৰ কোনো প্ৰতিদ্বন্ধী নাই

দুখৰো।”    (গানৰ দীঘল সুৰ)

কবিয়ে জীৱনত অনেক ৰং-বিৰঙৰ স্বপ্ন ৰচনা কৰিছিল যদিও স্বপ্নবোৰ অকল স্বপ্ন হৈয়ে থাকিল। সেয়ে কবিয়ে সকৰুণ কণ্ঠে চিয়ঁৰি উঠিছে–

“ৰক্তস্ৰাৱী হৃদয়ৰ সোনোৱালী ছাঁ

ক্ৰমে সৰ্পিল ৰেখা হৈ

আকাশৰ ইফালে সিফালে বগাই গৈছে।

যৌৱনৰ স্তম্ভিত স্তূপত

থিয় দি মই ভাবিছো-

এদিন মেঘ হ’ব খুজিছিলো।” (ধুমুহা)

কবিৰ কৰুণতা কেৱল নিজৰ পৰাই উদ্ভৱ হোৱা নাই; দেশৰ অৱক্ষয়মান অস্থিৰ অৱস্থাৰ অৱলোকনৰ মাজেদিও কবিয়ে কৰুণতাক উপলব্ধি কৰিছে। কবিৰ ভাষাত-

“মোৰ দেশত ক্লিষ্ট দেহত

পতাকাখনৰ জৰী গছেৰে

তেজৰ টোপাল নিগৰি পৰিছে।” (পতাকা)

কবিৰ কাৰুণ্য প্ৰকাশক কবিতাবোৰত ধীৰ-স্থিৰ আৰু সংযমী কাৰুণ্যৰ প্ৰকাশ আছে; কিন্ত কাৰুণ্য উদয়ৰ বিভাৱ (Substantial) নাই। কাৰুণ্যৰ বিভাৱবোৰ  বহু সময়ত উহ্য আছে। অৰ্থাৎ কবিৰ কৰুণ ৰসেৰে সিক্ত কবিতাবোৰৰ পটভূমি প্ৰধানকৈ কবিয়ে বাস কৰি থকা সমাজখনেই। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  সমাজবাদ আৰু বিপ্লৱ

ধনী আৰু  দুখীয়া অৰ্থাৎ পুঁজিপতি আৰু বনুৱা শ্ৰেণীৰ মাজত চলি থকা অৰ্থনৈতিক বৈষম্য দূৰ কৰণৰ উপায় চিন্তি উনবিংশ শতাব্দীৰ শেষ ভাগত জাৰ্মানীত জন্ম গ্ৰহণ কৰা কাৰ্ল মাৰ্ক্সয়ে “সাম্যবাদী সমাজবাদ তত্ত্ব” ৰ অবতাৰণা কৰে। ধনী আৰু দুখীয়া অৰ্থাৎ পুঁজিপতি আৰু উৎপাদক শ্ৰেণীৰ মাজত সম্পদৰ সম বিতৰণ আৰু ৰাষ্ট্ৰৰ সকলো সম্পদ উমৈহতীয়াভাবে সমাজৰ হাতত অৰ্পণ অৰ্থাৎ উৎপাদনৰ আহিলাক সামাজিকীকৰণ কৰাই এই সাম্যবাদী সমাজবাদ তত্ত্বৰ মূল আদৰ্শ। কাৰ্লমাৰ্ক্সৰ এই সমাজবাদৰ তত্ত্ব ‘দাচ কেপিটেল’ আৰু ‘কমিউনিষ্ট মেনিফেষ্ট’ নামৰ গ্ৰন্থ দুখনত প্ৰকাশ পোৱাৰ লগে লগেই  বিশ্বৰ পুঁজিপতি শ্ৰেণীৰ হাতত যুগ যুগ ধৰি শোষিত হৈ থকা কৃষক, বনুৱা শ্ৰেণীৰ দৃষ্টি আকৰ্ষণ কৰে। সৰ্বসাধাৰণৰ হৈ মাত মতা শিল্পী-সাহিত্যিক সকলো এই সাম্যবাদী সমাজবাদৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়ে সিহঁতৰ সৃষ্ট শিল্প সাহিত্যতো এই আদৰ্শৰ ঢৌ উঠে। প্ৰথমতে ইংৰাজী, ফঁৰাচী আৰু ৰুছ সাহিত্যত সমাজবাদৰ সপক্ষে দুন্দুভি ধবনিৰ অনুৰণন আৰম্ভ হয়  যদিও ক্ৰমে ক্ৰমে এই আদৰ্শ বিশ্ব সাহিত্যত পৰিবলৈ ধৰে। ভাৰতৰ শিল্পী-সাহিত্যিকসকলো এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সিহঁতৰ শিল্প-সাহিত্যৰ জৰিয়তে সমাজবাদী আদৰ্শত সমাজ গঢ়াৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰে। বিংশ শতাব্দীৰ দ্বিতীয় দহকৰ পৰা  ইংৰাজী আৰু বঙালী সাহিত্যৰ যোগেদি  অসমীয়া সাহিত্যত এই সমাজবাদী আদৰ্শৰ আনয়ন হয়। লগে লগে কেইবাজনো অসমীয়া সাহিত্যিকে সমাজবাদী আদৰ্শৰ ভিত্তিত  সমাজ গঠনৰ হকে সাহিত্যৰ যোগেদি বিপ্লৱ আৰম্ভ কৰে। বিষ্ণুৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা সেইসকলৰ মাজৰ অগ্ৰদূত। অসমত এই দুজন কবিৰ আঁত ধৰিয়েই  পৰবৰ্তী বহুতো কবিয়ে সমাজবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য ৰচনাত মনোনিৱেশ কৰে। বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকত হীৰেন ভট্টাচাৰ্য নামৰ কবিজনেও এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কবিতা ৰচনাত হাত দিয়ে।  তেওঁ ভৰিৰ পৰা মূৰলৈকে সমাজবাদী কবি। তেওঁৰ কবিতাৰ শাৰীয়ে শাৰীয়ে, শব্দে শব্দে, সমাজবাদৰ প্ৰতি থকা কবিৰ আন্তৰিক বিশ্বাস, শ্ৰদ্ধা আৰু ভক্তি প্ৰাগলভ কণ্ঠত প্ৰকাশ পাইছে। কবিৰ পূৰ্বৱৰ্তী কবি বিষ্ণুৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে কবি হীৰেন ভট্টাচাৰ্যয়ো বিশ্বাস কৰে যে সমাজৰ পৰা দৰিদ্ৰতা আৰু বৰ্ণ-বৈষম্য দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে সাম্যবাদী সমাজ প্রতিষ্ঠা কৰা। তেওঁ আৰু বিশ্বাস কৰে যে এই সমাজবাদী আদৰ্শৰ সমাজ প্রতিষ্ঠা কৰাৰ বাবে শিল্পী সমাজ আগবাঢ়ি আহিব লাগিব আৰু সিহঁতে কৃষক, বনুৱা, হালোৱা শ্ৰেণীটোক এই আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ কৰিব লাগিব। তেওঁ অকল কাৰ্ল মাৰ্ক্সৰ সমাজবাদী তত্ত্বত বিশাসী নহৈ লেলিনৰ প্ৰায়োগিক সমাজবাদ প্রতিষ্ঠাৰ ওপৰত জোৰ দিছে।  ফলত তেওঁৰ সমাজবাদী কবিতাসমূহ হৈ উঠিছে বিপ্লৱধৰ্মী। তেওঁ বিপ্লৱ কৰিছে সমাজৰ সৰ্বহাৰা বনুৱা, কৃষক আৰু দুখীয়া নিচলাসকলৰ সপক্ষে। কবি হীৰেন ভট্টাচাৰ্য একান্তভাৱেই বিশ্বাস কৰে যে সমাজবাদেই দুখীয়া শ্ৰেণীৰ মুক্তিৰ শেষ উপায়। সেয়ে এই শ্ৰেণীটো সমাজবাদৰ সপক্ষে সৰৱ হৈ উঠিলে এদিন ৰাষ্ট্ৰত সমাজবাদ প্রতিষ্ঠা হ’ব আৰু সমাজৰ পৰা শ্ৰেণী বৈষম্য আঁতৰ হ’ব।

কবি জ্যোতি প্ৰসাদ আগৰৱালাৰ সমাজবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজৰ সংকীৰ্ণ গণ্ডিৰ পৰা ওলাই আহি সমাজবাদৰ হকে দুৰ্বাৰ প্ৰতিবাদত বজ্ৰকণ্ঠে গান গাবলৈ কবি  হাবিয়াস কৰিছে। কবিৰ ভাষাত–

“মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধ’ৰা

তোমাৰ স’তে গাবলৈ দিয়া

ধুমুহাৰ গান, বজ্ৰৰ গান।”  (জ্যোতি, সেই জ্যোতি)

কবি আশাবাদী। তেওঁ নিশ্চয় সপোন দেখিছে যে জনগণে সমাজবাদী আদৰ্শ হৃদয়ঙ্গম কৰিছে আৰু এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ  সিহঁতৰ কিছুমানে প্ৰতিবাদ কৰা আৰম্ভ কৰিছে। কবিয়ে কৈছে–

“কাল সমুদ্ৰত আহিছে জোঁৱাৰ

যেন ক্ষুব্ধ অজগৰ।

জনতাৰ প্ৰগলভ কণ্ঠত

দুৰ্মদ প্ৰতিবাদ।”  (যন্ত্ৰণা)

শোষণৰ বাঘজৰী ছিঙি মুক্ত হোৱাৰ শেষ আশ্ৰয় সমাজবাদ সেয়া কবিয়ে উপলব্ধি কৰিছে এই আদশৰ্ৰ দ্বাৰা যে আফ্রিকা, তেলতেঙ্গনাৰ জনসাধাৰণো প্ৰভাৱিত এই আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছে। কবিয়ে সেই কথা স্বীকাৰ কৰি লিখিছে–

“……. মই কেতিয়াবা

এতিয়াও পোহৰত সাৰ পাই উঠো

আফ্রিকা নে তেলেঙ্গানা ক’ৰবাত

সেই ঘোঁৰা যেন হিলদ’ল ভাঙি লৰিছে।” (শৰ সন্ধান)

কবিয়ে সমাজত দেখা পাইছে যে এদল যুৱক ইতিমধ্যে সমাজবাদৰ সপক্ষে বিষ্ফোৰণ আৰম্ভ কৰিছেই। সেয়ে কবিয়ে ক’ব পাৰিছে–

“আজি মই 

অনাৰ্বত বহাগৰ স্তব্দতাত

ওঁঠ থৈ  সগৰ্ভা পৃথিৱীৰ

গৰ্ভ সঞ্চাৰিত ইচ্ছাৰ 

যি বিষ্ফোৰণ দেখিছো

তাৰ আঘাতত থানবান হৈ যোৱা মোৰ পৌৰুষ

নক্ষত্ৰ তৰংগেৰে যেন

জ্বলি উঠিছে।   (স্তম্ভিত বিদ্যুত)

কবিয়ে ভাৱে যে বিপ্লৱৰ দ্বাৰা পৰিবৰ্তন সম্ভৱ। সেয়ে কবিয়ে নিজেই সুন্দৰ পৃথিৱী  গঢ়াৰ মানসেৰে বিপ্লৱৰ জুই জ্বলাইছে। কবিৰ ভাষাত–

“জানো আই, এই জুইৰ পোহৰত 

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ 

উঠিব পৃথিৱীৰ অপৰূপ ৰূপ।

সেয়ে জুইকুৰা ময়েই জ্বলালো।

(শোভাযাত্ৰাত নিহতজনৰ কবিতা)

কবিয়ে জানে যে দুখীয়া শ্ৰেণীৰ সুখ-শান্তিৰ প্ৰধান অন্তৰায় হৈছে ধনী অৰ্থাং পুঁজিপতিসকল। এই পুঁজিপতি শ্ৰেণীৰ হাতত কৃষক-বনুৱা শ্ৰেণী বন্দী। সেয়ে কবিয়ে দুৰ্বাৰ খঙত চিঞৰি উঠিছে–

“মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা।

কেতিয়াবা ভাবো খুন কৰো, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত।

মোৰ তেজৰ শিখাত বাৰুদ ভ’ৰা স্বপ্নৰ যন্ত্ৰণা।”  (প্ৰস্তাৱনা)

আজি সমাজ ব্যৱস্থাৰ পৰিসীমা সোলোক-ঢোলোক। চাৰিওফালে কেৱল দুৰ্নীতি। অশ্লীল বণিজ, পাপ মুদ্ৰাৰ অবাধ বিচৰণ। এইবোৰৰ পৰা সমাজক ৰক্ষা কৰিবলৈ কবিয়ে কৈছে–

’‘উচন গ’ল গাঁও। নষ্ট নগৰ

মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ।

পাপ মুদ্ৰাৰ পয়োভৰ।

হে সময় গৰ্জি উঠা, 

নিয়োজিত কৰা সর্বোত্তম প্ৰতিভা।” (সংকট দিন)

কবিতা মাথো শিল্প নহয়। ই হৈছে সমাজবাদৰ সপক্ষে চোকা অস্ত্ৰ। সেয়ে তেওঁৰ কবিতা বিপ্লৱী আদৰ্শৰ দ্বাৰা সিক্ত। কবিৰ ভাষাত–

“কাব্যতো নহয় সহজ পণ্য,

অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ,

তেজত প্ৰতিবাদ,সত্ত্বাত বিপ্লৱ।” (প্ৰয়াত কবিৰ স্মৰণত)

কবি হীৰেন ভট্টাচাৰ্য মূলত সমাজবাদী কবি আৰু কবিতাৰ দ্বাৰা তেওঁ সমাজত যি সমাজবাদ প্রতিষ্ঠা কৰাৰ সপোন দেখিছে সেয়া নিশ্চয় প্ৰশংসনীয় যদিও আজি বিশ্বত সাম্যবাদী ঢৌ উঠিবৰ এক শতাব্দী পাৰ হৈ গ’ল তথাপি পৃথিৱীৰ কোনো দেশত পৰিপূৰ্ণ ৰূপত  সাম্যবাদী সমাজবাদ প্রতিষ্ঠা নহ’ল আৰু ধনী-দুখীয়াৰ বৈষম্যও আঁতৰ নহ’ল। কবি হীৰেন ভট্টাচার্য সমাজবাদৰ হকে কবিতা লিখি শিল্পী হিচাপে সফল হ’লেও আদৰ্শ প্রতিষ্ঠা কৰাত সফল হ’ব পৰা নাই । অৱশ্যে কবি সকলৰ সেয়া দায়িত্বও নহয়। সমাজবাদী কবিসকলে মানৱ সমাজক সমাজবাদী আদৰ্শৰৰ প্ৰতি সচেতনহে কৰিব বিচাৰে যাতে সৰ্বহাৰা জনসাধাৰণে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তৎপৰ হয়। অৱশেষত ক’ব পাৰি সমাজবাদী বিপ্লৱী কবি হিচাপে হীৰেন ভট্টাচাৰ্য এজন সফল কবি। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবিজনৰ আত্ম কথা

কৰ্মময় মানৱ জীৱনৰ দুটা দিশ বা গতি আছে – এটা বাহ্যিক অৰ্থাৎ শাৰীৰিক আৰু আনটো মানসিক। সহজ কথাত ক’বলৈ গ’লে এটা লোকচক্ষুৰ সন্মুখত সামাজিক জীৱন আনটো লোকচক্ষুৰ অন্তৰালত থকা মানসিক অনুভৱৰ জীৱন। প্ৰতিজন শিল্পী সাহিত্যিকৰ সৃষ্টিত এই দুটা গতি বা দিশেই  প্ৰত্যক্ষ বা পৰোক্ষভাৱে জানিত বা অজানিতভাৱে প্ৰকাশ পায়। কিয়নো কোনো শিল্পী-সাহিত্যিকেই জীৱনৰ পৰা আঁতৰি থাকিব নোৱাৰে।  গতিকে শিল্প সাহিত্য মানে জীৱনৰ অভিব্যক্তি- সি শাৰীৰিক বা বাস্তৱ কৰ্মময় জীৱনৰ অভিব্যক্তি হ’ব পাৰে বা মানসিক (চিন্তা, অনুভৱ)  জগতৰ অভিব্যক্তি হ’ব পাৰে। যেতিয়া কোনো ব্যক্তিয়ে নিজৰ বাস্তৱ কৰ্মময় জীৱনৰ  অৰ্থাৎ লোকচক্ষুৰ আগত থকা সামাজিক জীৱনৰ কাহিনী বা ঘটনা ভাষাৰ মাধ্যমেদি প্ৰকাশ কৰে তেতিয়া তাক ‘আত্মজীৱনী‘ (Autobiography) বুলি কোৱা হয়। কিন্তু এনে কিছুমান শিল্প-সাহিত্য আছে যিবোৰত শিল্পীজনৰ কৰ্মময় বাস্তৱ জীৱনৰ  কাহিনী প্ৰকাশ পোৱাৰ পৰিবৰ্তে লোকচক্ষুৰ অন্তৰালত থকা  আনুভূতিক আৰু চিন্তা জগতৰ কথা প্ৰকাশ পায়- যিবোৰ তেওঁৰেই জীৱনৰ অবিচ্ছেদ্য অংগ।  কিন্তু দুখৰ বিষয় এই যে  তেনে সাহিত্যক আত্ম জীৱনীৰ শ্ৰেণীত পেলোৱাৰ কোনো প্ৰচেষ্টা আজিলৈকে হোৱা নাই।  কাৰ্ল মাৰ্ক্সৰ ‘ডাচ কেপিটেল’ নামৰ গ্ৰন্থখনত লিখকজনৰ  বাস্তৱ কৰ্মময় জীৱনৰ কোনো কথা নাই যদিও কিতাপখন তেওঁৰ মানসিক চিন্তা জগতৰ উৎকৃষ্ট নিদৰ্শন।  কিন্তু সাহিত্যত যেহেতু লিখকৰ আনুভূতিক জগতৰ কথা নুই কৰিব নোৱাৰি গতিকে পৃথিৱীৰ যিকোনো ভাষাৰ যিকোনো কবিতাই মানসিক জীৱনৰ খণ্ড জীৱনী বুলি ক’ব পাৰি। বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকৰ অসমীয়া কবিতাৰ সাম্ৰাজ্যত এক বিশেষ আসন দখল কৰা কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাও কবিজনৰ জীৱনৰ অঙ্গ। কিন্তু তেওঁৰ কবিতাত তেওঁৰ কৰ্মময় সাংসাৰিক জীৱনৰ কথা প্ৰকাশ পোৱাতকৈ  তেওঁৰ আনুভূতিক জীৱনৰ কথাহে  প্ৰকটভাৱে প্ৰকাশ পাইছে। সৰ্বহাৰা দৰিদ্ৰ কৃষক-বনুৱাহতঁৰ আৰ্থিক দূৰৱস্থাৰ প্ৰতি অনুভৱশীল মনৰ অনুভূতি, স্বদেশৰ প্ৰতি থকা কবিৰ আত্মিক ভালপোৱা, প্ৰকৃতিৰ প্ৰতি কবিমনৰ সৌন্দৰ্যসুলভ অনুভৱ আদি মানসিক দিশটো তেওঁৰ কবিতাৰ পাতে পাতে স্বচ্ছ স্ফুটিক ধাৰাত প্ৰবাহিত হৈছে। অৱশ্যে কবিজনৰ নিজৰ জীৱনত মুখামুখি হোৱা কিছু কিছু বিক্ষিপ্ত ঘটনাও কাব্যিক ৰূপ লৈছে। বিশেষকৈ তেওঁ যে ধনীক শ্ৰেণীৰ হাতত সৰ্বহাৰা নাগৰিকসকলৰ দৰে অৰ্থনৈতিক শোষণৰ বলি হৈছে  তাৰো বাস্তৱ চিত্ৰ কবিজনাই তেওঁৰ কবিতাত ফুটাই তুলিছে।

কবিয়ে বাস্তৱ কৰ্মময় জীৱনত অনেক দুখ বেদনাৰ মুখামুখি হৈছে। কবিয়ে তাৰ এক খণ্ড চিত্ৰ কবিতাৰ মাজেৰে এনেদৰে ফুটাই তুলিছে–

“এনেকৈয়ে আছো– দুখ মোৰ কোলাৰ কেঁচুৱা

বাৰে বাৰে দুহাতেৰে দাঙি ল’ব লাগে।

জিভাত দুখৰ ঘৰৰ লোণ 

ওকালিত ওলাই আহে ভাতৰ নিসনি।”  (মোৰ আৰু পৃথিৱীৰ) 

দুখ কবিৰ জীৱনৰ লগৰীয়া। জীৱনৰ বাটত তেওঁ মাথো দুখকেই পাইছে আৰু দৰিদ্ৰ বেশেই জীৱন-যাপন কৰিব লগা হৈছে।  কবিয়ে এই বাস্তৱ দিশটো কবিতাৰ মাজেদি প্ৰকাশ কৰিছে, এইদৰে–

“কামিজৰ সিঁয়নিত দুখ, দুখৰ স্তুতি,

মোৰ গাত হাত থলেই পাবা

হীৰেন নামৰ কবি

পদাচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি।”

(মোৰ আৰু পৃথিৱীৰ)

কবি দুখৰ মাজতে শুই আছে যদিও সুখৰ সপোন ৰচিবলৈ পাহৰা নাই। কবিয়ে কৈছে–

“দুখৰ মাটিত মই শুই আছো–

শিতানত মোৰ সপোনৰ সঁচাৰ কাঠি।”  (মোৰ আৰু পৃথিৱীৰ)

কবিয়ে জীৱনত দৰিদ্ৰতা দূৰকৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে যদিও দৰিদ্ৰতাক আঁতৰ কৰিব পৰা নাই। সেয়ে গৰখীয়া ল’ৰাৰ গীত শুনি গৰখীয়াজনক  উদ্দ্যেশি কৈছে–

“ভাই সময় বুজি আহিবা এদিন

ফু মাৰি চোতালত 

লগে ভাগে খাম

দুখৰ ধানৰ এসাজ ভাত” (গৰখীয়া ল’ৰাৰ গীত শুনি)

আন এটি কবিতাত কবিয়ে নিজৰ আৰ্থিক দৈন্যতাৰ কথা প্ৰকাশ কৰিছে  এনেদৰে–

“তুমিতো জানাই 

এই কবিৰ আৰু একো নাই।

এটাই মাথো কামিজ

তাৰো ছিগো-ছিগো চিলাই।

প্ৰেম নিশ্চয় এনেকুৱাই

আবৰণ খুলি হৃদয় জুৰায়।”   (ভোগালী)

কবি ইমানেই দৰিদ্ৰ-পীড়িত যে ৰেহাই মূল্যতো খদ্দৰ কিনাৰ সামৰ্থ তেওঁৰ নাই। কবিয়ে এই বাস্তৱ দিশটো অংকন কৰি লিখিছে–

“অক্ষমতাক ক্ষমা কৰিব

মইতো নেজানো।

ৰেহাই মূল্যতো খদ্দৰ কিনাৰ সামৰ্থ মোৰ নাই।”  (আত্মপক্ষ)

কবিয়ে প্ৰকৃতি প্রদত্ত বয়স গচকি গচকি বৃদ্ধ অৱস্থা পোৱাৰ লগে লগে শাৰীৰিক শক্তিও কমি আহিছে। সেয়ে কবিয়ে নিজৰ শাৰীৰিক দুবৰ্বলতাক স্বীকাৰ কৰি লিখিছে–

“মোৰ দেখোন আজিকালি 

বৰ অলপতে হাত ভৰি কঁপে।

বন্দুকতো দূৰৰ কথা

ধনু কাঁড়ো জুৰিব নোৱাৰো।”  (লখিমী)

কবিতা হৈছে হৃদয়ৰ বস্তু। মনত উদয় হোৱা অনুভূতিৰ শব্দময় অভিব্যক্তিযেই কবিতা। ই বাস্তৱ কৰ্মময় জীৱনৰ হুবহু ডায়েৰী বা কাহিনী নহয়।  সেয়ে কবিতাত বাস্তৱ জীৱনৰ কাহিনী বিচাৰি যোৱা মানেই আকাশত জোনাক ধৰিবলৈ যোৱাৰ দৰেই অবাস্তৱ। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাও তেনে।  তেওঁৰ কবিতাত তেওঁৰ মনৰ আনুভূতিক দিশটোৰহে প্ৰতিফলন  ঘটিছে। অৰ্থাৎ তেওঁৰ কবিতা কবিজনৰ মানসিক অনুভৱ জগতৰ খণ্ড চিত্ৰহে, সঁচা অৰ্থত আত্মজীৱনী নহয়। ০ ০ ০ 

হীৰেন ভট্টাচাৰ্যৰ কবিতা এক বিশ্লেষণাত্মক অধ্যয়ন | Hiren Bhattacharyar Kabita Ek Bishlekhanatmak Adhyan

হীৰেন ভট্টাচাৰ্যৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা

বিংশ শতাব্দীৰ অসমীয়া কাব্যমোদী পাঠকসমাজৰ সহানুভূতি, মৰম আৰু শ্ৰদ্ধা বুটলি ল’বলৈ সমৰ্থ হোৱা এজন জনপ্ৰিয় কবি হ’ল হীৰেন ভট্টাচাৰ্য। ভাৱ আৰু বিষয়বস্তুত তেওঁ তেওঁৰ নিকটপূৰ্ব আৰু সমসাময়িক কবিসকলৰ  স’তে খোজ মিলাই গতি কৰিলেও আধুনিক অসমীয়া কবিতাত ভাষা আৰু শব্দ প্ৰয়োগৰ দৃষ্টিভঙ্গীত তেওঁ এক নতুনত্ব আনয়ন কৰে। স্বদেশপ্ৰেম, সাম্যবাদ প্রতিষ্ঠাৰ হকে বিপ্লৱ, প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম, ৰঙীন ভৱিষ্যতৰ প্ৰতি আশাবাদ আদি তেওঁৰ কবিতাৰ বিষয়বস্তু। তলত এই বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল।

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ পাত লুটিয়ালেই যিটো বৈশিষ্ট্যই পাঠকৰ আগত স্পষ্টকৈ ধ’ৰা দিয়ে সেয়া হৈছে তেওঁৰ অনুভৱশীল মনৰ শিৰাই শিৰাই প্ৰতিধবনিত হোৱা স্বদেশপ্ৰেম। কবিয়ে স্বদেশক ভাল পায়। কিন্তু তেওঁৰ এই ভালপোৱা অকল অনুভূতিশীল মনৰ কোঠাতেই আবদ্ধ হৈ থকা নাই; ই বাঢ়নী পানীৰ দৰে উত্তাল আৰু বলিয়া হৈ  উদাত্ত কণ্ঠত প্ৰকাশ পাইছে। কবিয়ে স্বদেশক ইমানেই ভাল পায় যে তেওঁ মাত্ৰ নিজৰ দেশৰ বাবেই যেন  জীয়াই আছে। কবিৰ বাবে তেওঁৰ স্বদেশ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ। কবিয়ে কৈছে–

”মোৰ প্ৰাণৰো প্ৰাণৰ,  মোৰ গানৰো গানৰ, মোৰ দেশ।

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী  ভৱিষ্যতৰ সপোন, মোৰ জীৱনৰ আঁহে আঁহে

মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল।

…………………

এই দেশৰ বাবে মই জীয়াই আছো। এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত মই আছো – মোৰ দেশৰ বাবে । অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো।”

(মোৰ দেশ)

কবিয়ে আন এটি কবিতাত কৈছে যে কবিয়ে দেশৰ বাবে সংগ্ৰাম কৰিবলৈ আৰু  জীৱন দান কৰিবলৈ প্ৰস্তুত। কবিৰ ভাষাত–

“দেশ বুলি ক’লে আদেশ নালাগে,

মোৰ তুমৰুলি তেজত টগবগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোঁৰা।”   (দেশ আৰু অন্যান্য বিষয়ক)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ দ্বিতীয় বৈশিষ্ট্যটি হৈছে দেশৰ নিঃস্ব, নিষ্পেষিত, দৰিদ্ৰ, শোষিত আৰু লাঞ্ছিত জনসাধাৰণৰ হকে শোষক শ্ৰেণীৰ বিৰুদ্ধে স্পৰ্ধাময় কণ্ঠত প্ৰকাশ কৰা বিপ্লৱৰ সুৰ। তেওঁৰ বিপ্লৱ সাম্যবাদী সমাজ  গঠনৰ সপক্ষে। কবিয়ে ভাবে যে সাম্যবাদী সমাজ গঠন সম্ভৱ অকল বিপ্লৱৰ দ্বাৰাহে।  কবিয়ে কৈছে–

“জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব

পৃথিৱীৰ অপৰূপ ৰূপ

সেয়ে জুইকুৰা ময়েই জ্বলালো।”

 (শোভাযাত্ৰাত নিহতজনৰ কবিতা)

কবিয়ে শোষক শ্ৰেণীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আকৌ প্ৰাগলভ কণ্ঠত গৰ্জি উঠিছে–

“মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা।

কেতিয়াবাভাবো খুন কৰো, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত।

মোৰ তেজৰ শিখাত বাৰুদ ভ’ৰা স্বপ্নৰ যন্ত্ৰণা।” (প্ৰস্তাৱনা)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ তৃতীয় বৈশিষ্ট্যটি হৈছে প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম। কিন্তু এই প্ৰেম স্বদেশৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ দৰে উদাত্ত নহয়; ই মলয়াৰ দৰে শীতল আৰু ফুলৰ দৰে কোমল। তেওঁৰ বহুতো কবিতাত  প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমভাৱৰ  ঝনঝননি আছে যদিও বহু ক্ষেত্ৰত প্ৰকৃতিৰ দৃশ্যৰাজিক প্ৰতীকি অৰ্থতহে ব্যৱহাৰ কৰিছে।  কবি প্ৰকৃতিৰ নানান সুন্দৰ ৰূপ চাই মোহিত, কিন্তু কবিয়ে তেওঁৰ কবিতাত এই অনুভৱটো প্ৰকাশ কৰাত কৃপণতা কৰা যেন দেখা যায়। কিন্তু তেওঁ যে প্ৰকৃতিক অকৃত্ৰিমভাৱে ভাল পায় তলত উধ্বৃত কবিতা ফাঁকিয়ে তাৰ সাক্ষৰ বহন কৰে।

“গুন গুন যেন এজাক মৌমাখি,

মোৰ গাঁৱৰ সিখনি নদী,

যাৰ- সুৱদি সোঁতত

পলৰীয়া মন মোৰ বন্ধী।” (সেই নদী)

তেওঁৰ কবিতাৰ আন এক প্ৰশংসনীয়  বৈশিষ্ট্য হৈছে  এন্ধাৰৰ জোলোঙাৰে ভৱিষ্যতৰ প্ৰতি সোণালী আশাবাদ। তেওঁৰ আশাবাদ সমাজৰ দুখীয়া, নিচলা, দৰিদ্ৰ-পীড়িত সৰ্বসাধাৰণৰ হকে। কবিয়ে আশা কৰে যে যদি জনসাধাৰণ সিহঁতৰ সামাজিক অৱস্থাৰ প্ৰতি সচেতন হয় তেন্তে নিশ্চয় এদিন সমাজত সমাজবাদ প্রতিষ্ঠা হ’ব। সমাজত সাম্য, মৈত্ৰী আৰু শান্তি বিৰাজ কৰিব। কবিয়ে আশা কৰিছে–

“কলঘৰৰ ক’লা ধোঁৱাই

এদিন আকাশত বিজুলী জ্বলাব

ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই 

জীৱনৰ বাটে বাটে ফুল ফুলাব।

ব্যাধিগ্ৰস্ত এই নগৰে এদিন

আকাশলৈ মূৰ তুলি চাব–

আকাশ ইমান বহল!

দকৈ উশাহ লৈ ক’ব–

বতাহ ইমান কোমল।”  (নাগৰিক)

বিষয়-বস্তুৰ পিনৰ পৰা কবি হীৰেনৰ কবিতা যুগোপযোগী আৰু তেওঁৰ সমসাময়িক কবিসকলৰ লগত একেডাল সুৰ আৰু সূতাঁৰে গ্ৰথিত যদিও ভাষাশৈলী আৰু প্ৰকাশভঙ্গীৰ পিনৰ পৰা তেওঁ স্বতন্ত্ৰ, অনন্য আৰু মৌলিক।  তেওঁ কবিতাত ভাৱ আৰু ভাষাৰ মাজত ঐক্য সাধনৰ প্ৰতি অত্যন্ত মনোযোগী আৰু সতৰ্কশীল। কবিতাত তেওঁৰ বাবে শব্দ নিৰ্বাচন অতীব প্ৰয়োজনীয় দিশ বুলি ভাৱে। ভাৱৰ লগত মিলি যোৱকৈ উপযুক্ত আৰু উপাদেয় শব্দ নিৰ্বাচনত গুৰুত্ব দি কবিয়ে লিখিছে–

“স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত

জীৱন ধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ঠ  উত্তাপ

মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক,

মই শব্দবোৰ জিভাত দি চাওঁ

কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ

কিমান তপত।

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ 

তেজ-দীপ্ত সন্তান।”  (মোৰ এই শব্দবোৰ)

কবি হীৰেন ভট্টাচাৰ্যই শব্দ নিৰ্বাচনত  ইমানেই গুৰুত্ব দিছে যে তেওঁৰ বহু কবিতাই জটিল শব্দৰ আখৰা যেনহে  লাগে।  তেওঁৰ বহু কবিতাত জটিল শব্দৰ প্ৰয়োগে তেওঁৰ কবিতাৰ ভাৱ আৰু অৰ্থক স্পষ্ট কৰাৰ পৰিবৰ্তে অস্পষ্ট আৰু অবোধগম্যহে কৰি তুলিছে। উদাহৰণস্বৰূপে তলৰ উদ্ধৃত কেইশাৰীমান কবিতালৈ আঙুলিয়াব পাৰি–

“মোৰ অসহায় চকুৰ আগত বিশাল

শব্দকল্পদ্ৰুম, উদগ্ৰ জীৱন

শক্তিত স্ফীত শাখা প্ৰশাখাত

উৎসৱান্ত ধুমুহাৰ কোলাহল,

মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী 

বজ্ৰৰ নিৰ্ঘোষ।”  (মোৰ আৰু পৃথিৱীৰ)

ওপৰুদ্ধৃত কবিতা কেইফাঁকি পঢ়িবলৈ বা আবৃতি কৰিবলৈ ভাললগা যদিও সাধাৰণ পাঠকৰ বাবে  বোধগম্যতাৰ পিনৰ পৰা জটিল।

তেওঁৰ কবিতাৰ সৰহভাগেই জটিল শব্দৰ ভিৰত ভাৰাক্ৰান্ত যদিও কবিয়ে উপমা, ৰূপক, প্ৰতীক, অনাষক্ত বিশেষণ, অনুপ্ৰাস আদি অৰ্থালংকাৰ আৰু শব্দালংকাৰেৰে  কবিতাক অলংকৃত কৰিছে। উপমাৰ উদাহৰণ হিচাপে তলত উদ্ধৃত কবিতা কেইশাৰীলৈ আঙুলিয়াব পাৰি–

(ক) কাল সমুদ্ৰত আহিছে জোঁৱাৰ

যেন ক্ষুব্ধ অজগৰ।

(খ) মোৰ শৰীৰৰ চেঁচা তেজত 

ফুটুকী হৰিণীৰ দৰে

হঠাৎ জপিয়াই পৰে 

এচেৰেঙা ৰ’দ– উদগ্ৰীৱ, উৎসুক।

(গ) সংগোপনে মই মোৰ জীৱন 

মোৰ বন্ধুৰ হাতত তুলি দিলো

যিদৰে আলফুলে প্ৰিয়াৰ খোপাত

পিন্ধাও এপাহ গোলাপ।

ৰূপকৰ উদাহৰণ হিচাপে তলত দিয়া শাৰী কেইটা আগবঢ়াব  পাৰি–

(ক) দেহৰ হুলত এতিয়া মোৰ 

লাগি আছে মাটিৰ কোলাহল।

(খ) ৰোষৰ তেজাল আঙুৰ

সৰে থোকে থোকে।

কবি হীৰেন ভট্টাচাৰ্যই আশা, শান্তি আৰু পোহৰৰ প্ৰতীক হিচােপ ছাঁ, নীলা ৰং, পাৰ চৰাই, ফুল, সূৰ্য আদিক ব্যৱহাৰ কৰিছে  আৰু সাপ, কুঁৱলী, বসন্ত ঋতু, বৰ্ষা আদিক এন্ধাৰ বা অশান্তিৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে।

কবি হীৰেনৰ কবিতাৰ শব্দ আৰু অৰ্থালংকাৰৰ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে অনাষক্ত বিশেষণৰ প্ৰয়োগ, যেনে – ‘ৰাতিৰ নিটোল শৰীৰ’, ‘চেতনা থৰ থৰ অন্ধকাৰৰ পোহৰ ভাঙি’, ‘নিৰ্জন ৰাতিৰ ক্লীৱতা’ ইত্যাদি।

অনুপ্ৰাস অলংকাৰো তেওঁতৰ কবিতাত বিদ্যমান। উদাহৰণ- ‘দীনতাৰ দাহনত’, পূৰ্ণতাৰে পৰিপূৰ্ণ পৃথিৱীৰ অপৰূপ ৰূপ’, নদীৰ দৰে নিৰ্মল’ ইত্যাদি।

সামৰণিত ক’ব পাৰি, কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা ভাৱ আৰু ভাষাৰ ক্ষেত্ৰত বিংশ শতাব্দীৰ অসমীয়া কাব্যাকাশত এটি পৰিপূৰ্ণ বাগিছা যাৰ কাষত থিয় দি বিংশ শতাব্দীৰ অসমীয়া সমাজখনৰ পোহৰ আৰু এন্ধাৰ, চাৰুতা আৰু কুৎসা – এই আটাইবোৰ ৰূপেই উপভোগ কৰিব পাৰি। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here