Home Biographies হৰিপ্ৰসাদ গোৰ্খা ৰাই | Hariprasad Gorkha Rai

হৰিপ্ৰসাদ গোৰ্খা ৰাই | Hariprasad Gorkha Rai

0

হৰিপ্ৰসাদ গোৰ্খা ৰাই | Hariprasad Gorkha Rai

হৰিপ্ৰসাদ গোৰ্খা ৰাই  Hariprasad Gorkha Rai

হৰিপ্ৰসাদ গোৰ্খা ৰাই | Hariprasad Gorkha Rai

হৰিপ্ৰসাদ গোৰ্খা ৰাই (Hariprasad Gorkha Rai) এজন নেপালীভাষী অসমীয়া আৰু গোৰ্খা সাহিত্যিক আৰু অভিধান লেখক আছিল। 

তেওঁ নাগালেণ্ডৰ ৰাজধানী ক’হিমাত ধনৰাজ ৰাইৰ ঔৰষত আৰু যশোদা ৰাইৰ গৰ্ভত ১৯১৫ চনৰ ১৫ মাৰ্চত জন্মগ্ৰহণ কৰিছিল।হৰিপ্ৰসাদ ৰাইয়ে পিছত নিজকে ‘হৰিপ্ৰসাদ গোৰ্খা ৰাই’ হিচাপে চিনাকি দিছিল। আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোৰ্খা ৰাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি সাহিত্য চৰ্চাত আত্মনিয়োগ কৰে। এই ত্ৰিমূৰ্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খোজ পেলোৱা  ‘গোৰ্খা’ ৰাইয়ে ধনবাহাদুৰ সোনাৰ তথা¸ গোবিন্দ চন্দ্ৰ পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে। পৰাধীন ভাৰতত  জাতীয় চেতনা আৰু জাগৰণৰ বাবে  সাহিত্য চৰ্চাক মাধ্যম হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত  গোৰ্খা  ৰাই আছিল অন্যতম।  অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা গোৰ্খা ৰাই সঁচা অৰ্থতে সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক আছিল। তেওঁৰ গল্পবোৰত পাহাৰৰ জনজাতীয় আৰু অজন-জাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্ৰ ফুটি  উঠা দেখা যায়। শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰা গোৰ্খা ৰাইয়ে পিছলৈ আকাশবাণীত সেৱা আগবঢ়াই নেপালী আৰু অসমীয়া সাহিত্যৰ সেৱা কৰি গৈছে। 

ৰাইয়ে কেইবাখনো অভিধান ৰচনা কৰিছিল, যেনে –

(ক) মিকিৰ শব্দকোষ (১৯৭৪-৭৬)

(খ) পুমেইতাঙখুল  শব্দকোষ (১৯৭৪-৭৬)

(গ) মাৰাম শব্দকোষ (১৯৭৪-৭৬)

(ঘ) মেইৰিঙ শব্দকোষ (১৯৭৪-৭৬)

(ঙ) অসমীয়া শব্দকোষ (১৯৭৪-৭৬)

(চ) নেপালী শব্দকোষ (১৯৭৪-৭৬) 

তদুপৰি,তেওঁ নেপালী ভাষাত সৃষ্টি কৰা পুথিসমূহ হ’ল— 

১) বাবৰী (কবিতা-সংকলন, ১৯৭৪) 

২) মনচৰিকোবোলী ( কবিতা-সংকলন, ১৯৭৭)

৩) য়হা বদনাম হুঞ্চ (গল্প-সংকলন, ১৯৭৪) ইত্যাদি। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘হৰিপ্ৰসাদ গোৰ্খা ৰাই | Hariprasad Gorkha Rai’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here