Home Literary Criticism ৰত্মকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’–এক আলোচনা | Ratnakanta Barkakati Bishwa Haran

ৰত্মকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’–এক আলোচনা | Ratnakanta Barkakati Bishwa Haran

0

ৰত্মকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’–এক আলোচনা

ৰাব্বি মছৰুৰ
ৰত্মকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’--এক আলোচনা  Ratnakanta Barkakati Bishwa Haran

ৰত্মকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’

ৰত্মকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’–এক আলোচনা | Ratnakanta Barkakati Bishwa Haran

ৰত্নকান্ত বৰকাকতি প্ৰেম আৰু প্ৰকৃতিৰ কবি। তেওঁৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্যৰ গুণ-গান আছে। তেওঁৰ ভাষা সহজ-সৰল আৰু সংগীতময়।

‘বিশ্ব-হৰণ’ কবিতাটি কবি ৰত্নকান্ত বৰতকাকতীৰ এক আৰ্হিমূলক কবিতা। এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ মোহময়ী সৌন্দৰ্য আৰু উদাৰতাৰ আবেগিক বৰ্ণনা দাঙি ধৰিছে।  কবিৰ বাবে প্ৰকৃতি অনাবিল সৌন্দৰ্যৰ আধাৰ। জোন, বেলি তৰাই কবিক দুখৰ সময়ত অমল সৌন্দৰ্য দান কৰি তাপিত হৃদয় জুৰ  পেলায়। বতাহে কবিক কোলাত লৈ চুমা খায়। নদীৰ কুল কুল সুৰত কবিয়ে সংগীত শুনিবলৈ পায়। কবিৰ বাবে নিশাৰ তৰাবোৰে চকুলো টুকে। এইবোৰ বৰ্ণনা নিশ্চয় আবেগিক আৰু আবেদনময়। কবিয়ে কৈছে–

“আছিল আকাশ মুকলি হৈ

মোকেই সদায়

কোলাত লৈ

বতাহে দিছিল চুমা,

গাইছিল নৈয়ে 

কুল কুল গান

মোৰেই লগত ধৰি সমতান,

নাছিল সুখৰ সীমা।

হাঁহিছিল কত 

প্ৰভাতৰ ফুল

নিশা কান্দিছিল তৰা।

যেইপিনে চাওঁ

সেইপিনে দেখোঁ,

মোৰেই সকলো

মোৰেই মাথো

মোৰেই বসুন্ধৰা।”

কবিতাটিত গীতি কবিতাৰ বৈশিষ্ট্যও বিদ্যমান। কবিতাটিৰ  মাজেদি কবিয়ে প্ৰেমিকৰ বাবে যে প্ৰেয়সী অসীম সৌন্দৰ্যৰ আধাৰ এই  ভাৱটি প্ৰকাশ কৰিবলৈ প্ৰকৃতিৰ নানা কল্পচিত্ৰৰ অৱতাৰণা কৰিছে।  ইয়াত আকাশৰ জোন, বেলি, তৰা, বতাহ, নৈ, ফুল আদি  কল্পচিত্ৰৰ স্পৰ্শকাতৰ সমাহাৰ ঘটিছে।

কবিতাটিত ছন্দৰ মিলো লক্ষণীয়। উদাহৰণস্বৰূপে কবিতাটোৰ পৰা কেইশাৰীমান পংক্তি তলত উদ্ধৃত কৰা হ’ল–

তিল্‌ তিল্‌কৈ

হৰিলা বিশ্ব,

তিলোত্তমা হৈ

কৰিলা নিঃস্ব

কাঢ়িলা জোনৰ মুখ;

আকাশৰ কোলা 

কৰিলা উদং,

বতাহত নিলা 

মনৰ ৰং

নৈৰ নথ’লা সুখ।

ফুলৰ হৃদয় 

কৰিলা হৰণ

লুটিলা তাৰ 

লাৱণ্য বৰণ

তৰাক পেলালা জঁয়;

হৰিলা বেলিৰ 

হিৰণ কিৰণ,

কৰিলা বিৰাট

বিশ্ব-হৰণ

আৰু কি প্ৰাণত সয়।”

মুঠতে বৰকাকতীৰ ‘বিশ্ব-হৰণ’ নামৰ কবিতাটি  কল্পচিত্ৰৰ আবেগময়ীতা, শব্দৰ সৰলতা, ছন্দৰীতিৰ গীতিধৰ্মীতাত এক অনন্য ৰমন্যাসবাদী কবিতা। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here