Home Essay পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan

পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan

0

আপুনি যদি ‘পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan সম্পর্কে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে সহজতে আয়ত্ব কৰিব পৰাকৈ অতি সৰল আৰু উজু ভাষাত লিখা হৈছে।

পৰিবেশ প্ৰদূষণ ৰচনা Paribesh Produkhan

তলত ‘পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan’ শিৰোনামেৰে দুটি ৰচনা দিয়া হ’ল । দুটাৰ পৰা আপোনাৰ বেছি ভাললগাটো বাচি লওক।

পৰিবেশ প্ৰদূষণ ৰচনা

(ৰচনা ১)

আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী আদি মিলি যি অৱস্থাৰ সৃষ্টি হয়, সেয়াই পৰিবেশ। অৰ্থাৎ প্ৰকৃতিৰ মুকলিমূৰীয়া অৱস্থা বা স্বভাৱৰ লগত আমাৰ অৱস্থা মিলি পৰিবেশৰ সৃষ্টি হয়। আকৌ ‘প্ৰদূষণ’ মানে স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা অৱস্থা। এতেকে “পৰিবেশ প্ৰদূষণ” মানে আমাৰ চাৰিওফালৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষণ হোৱা পৰিস্থিতি। বৰ্তমান জন-অৰণ্যময় বিশ্বত কিছুমান মানুহে জীয়াই থকাৰ তাগিদাত আৰু কিছুমান মানুহে আৰাম আৰু বিলাসিতাৰ জীৱন-যাপন কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কৃত্ৰিম বা ৰাসায়নিক আৰু অতিৰঞ্জিত বস্তু-সামগ্ৰী ব্যৱহাৰ কৰি অথবা প্ৰকৃতিত পোৱা বস্তু-সামগ্ৰী  বিবেচনাহীন আৰু অপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি প্ৰতিদিনে পৃথিৱীৰ স্বাভাৱিক পৰিবেশ বা অৱস্থা বিনষ্ট কৰি আছে। বৰ্তমান ই কোনো এটি নিৰ্দিষ্ট অঞ্চল বা দেশৰ সমস্যা হিচাপে দেখা নিদি গোটেই বিশ্বৰ উমৈহতীয়া সমস্যা হিচাপে দেখা দিছে আৰু ই মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বরূপ  হৈ পৰিছে।  

পৰিবেশ  প্ৰদূষণক মোটামুটিভাৱে চাৰিটা দিশত আলোচনা কৰিব পাৰি, যথা- বায়ু প্ৰদূষণ, ভূমি প্ৰদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ।

প্ৰধানকৈ পাঁচোটা গেছ মিলি আমাৰ বায়ুমণ্ডল গঠিত হৈছে। সিহঁতৰ অনুপাত প্ৰকৃতিয়ে বিশ্বৰ জীৱ-জন্তুৰ অনুকূলে নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত অক্সিজেন গেছ মানুহৰ স্বাস্থ্য তথা শ্বাস-প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য্য। অক্সিজেনৰ পৰিমাণ কম হ’লে আমাৰ জীৱনৰ বাবে প্ৰতিকূল হৈ পৰে। কিন্তু বৰ্তমান আমাৰ বায়ুমণ্ডল প্ৰতিদিনে কলুষিত হৈ আছে। ইয়াৰ কাৰণ বহুতো, যথা- মানুহৰ সুবিধা সৃষ্টিৰ নামত গছ-গছনি কাটি পেলোৱা হৈ আছে, তাৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ অনুপাত হ্ৰাস পাই আছে। ইয়াৰ উপৰিও প্ৰতিদিনে গাড়ী-মটৰ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পাৰমাণৱিক বোমা  বিষ্ফোৰণ আদিৰ ফলত বায়ুমণ্ডলত   কাৰ্বন-ডাই অক্সাইড, ছালফাৰ-ডাই অক্সাইড, অ’জন আদি গেছৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষণ অবিৰত গতিত চলি আছে।

ভূমি হ’ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস। ভূমিৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ খাদ্য-সামগ্ৰী উৎপাদন কৰো। কিন্তু আজি এই ভূমিকো মানুহে নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকান কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পালে যে সেইবোৰৰ  অৱশেষ আশ্ৰয় হৈছে ভূমি–যিয়ে ভূমিৰ সাৰুৱা গুণ নিঃশেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।

পৰিবেশ  প্ৰদূষণৰ আন এক দিশ হৈছে জল প্ৰদূষণ। সাধাৰণতে জল বা পানীক ‘জীৱন’ৰ অন্য নাম বুলি স্বীকাৰ কৰা হয় যদিও আজি বিশ্বত বিশুদ্ধ জল পোৱা প্ৰায় অসম্ভৱ হৈ পৰিছে। সাধাৰণতে, প্ৰতিদিনে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা গেলা-পচা আবৰ্জনা, খেতিত প্ৰয়োগ কৰা কীট নাশক দ্ৰৱ্য, জীৱ জন্তুৰ মল-মূত্ৰ আদি নৈ, বিল, খাল, সাগৰ, মহাসাগৰ আদিৰ পানীৰ লগত মিহলি হৈ জল প্ৰদূষণৰ সৃষ্টি কৰিছে।

‘শব্দ প্ৰদূষণ’ আমাৰ পৰিবেশ প্ৰদূষণৰ আন এটি দিশ। আজিকালি বিশ্বত বিজ্ঞানৰ গৌৰৱ ধবজা উৰি আছে। বিজ্ঞানে মানুহক হাজাৰ-বিজাৰ নতুন নতুন সা-সামগ্ৰী, যান-বাহন আদি উপহাৰ হিচাপে  আগবঢ়াইছে যদিও সেই সেইবোৰে  উপকাৰৰ লগতে আমাৰ যে মাৰাত্মক অপকাৰো সাধন কৰি আছে – সেয়া আমি জানিও নজনাৰ ভাও জুৰি আছোঁ। যান-বাহনে যি শব্দ নিৰ্গত কৰে, সেয়া আমাৰ কৰ্ণ কুহৰত সোমাই আমাৰ মস্তিষ্কক আঘাত কৰি আমাৰ মস্তিষ্কৰ স্বাভাৱিক শক্তি বা ক্ষমতাক ঘূণীয়া কৰিছে। আজিকালি অতি বেগী প্লেন, যুদ্ধ জাহাজ, পাৰমানৱিক বোমা বিষ্ফোৰণ আদিয়ে শব্দ প্ৰদূষণ ক্ৰমাৎ বৃদ্ধি কৰি মানৱ পৰিেবশ প্ৰদূষিত কৰি আছে।

প্ৰতিটো কাৰ্য্যৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো ফল আছে। পৰিবেশ প্ৰদূষণৰ ফলত আমাৰ বিশ্বখনৰ স্বাভাৱিক অৱস্থাক প্ৰতিকূল কৰাৰ লগতে আজি মানুহ তথা অন্যান্য জীৱ-জন্তুই মাৰাত্মক বেমাৰ-আজাৰত ভূগি থকা দেখা গৈছে। বায়ু আৰু জল প্ৰদূষিত হোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যথা- গ্ৰহণী, হাইজা, টাইফয়েড, মেলেৰীয়া আদি বেমাৰ দ্ৰুত গতিত বৃদ্ধি পাই আছে। জল প্ৰদূষণৰ ফলত জলজ উদ্ভিদ তথা মাছ-কাছৰ জীৱন আৰু অস্তিত্বলৈ ভাবুকি নামি আহিছে। আজি কৰ্কট ৰোগ, বিকৃত সন্তানৰ জন্ম, জন্ম- বৈকল্যা , অপৰিণত বয়সত মৃত্যু আদিৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাব লাগিছে।

প্ৰতিটো সমস্যাৰ সমাধান তথা প্ৰতিকাৰ থকা দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো প্ৰতিকাৰৰ ব্যৱস্থা বা উপায় নথকা নহয়, যেনে ঃ

আমাৰ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে প্ৰথমে মনোযোগ দিব লগা দিশটো হ’ল আমি গোটেই মানৱ জাতিয়ে পৰিবেশৰ প্ৰতি সচেতন থাকিব লাগিব আৰু এই পৰিবেশ স্বাভাৱিক কৰি ৰাখিবলৈ দৃঢ়  মানসিকতা গঠন কৰিব লাগিব। প্ৰত্যেকেই পৰিবেশক ক্ষতি কৰিব পৰা বস্তু-সামগ্ৰী ব্যৱহাৰ আৰু পৰিবেশৰ ক্ষতি কৰিব পৰা কাম-কাজৰ পৰা বিৰত থাকিব লাগিব। কল- কাৰখানা, উদ্যোগ-প্রতিষ্ঠান  আদিৰ পৰা ওলোৱা ধোঁৱা, আৱৰ্জনা আদি নিয়ন্ত্ৰিত অৱস্থাত ৰাখি সহজে যাতে বায়ু আৰু পানীত মিহলি হৈ প্ৰদূষণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। খেতি-পথাৰত ৰাসায়নিক সাৰ তথা কীট নাশক দ্ৰৱ্য যিমান পাৰি সিমান কম প্ৰয়োগ কৰি জৈৱিক সাৰ প্ৰয়োগ আৰু প্ৰাকৃতিক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰমাণৱিক বোমা বিষ্ফোৰণ সম্পূৰ্ণরূপে  বন্ধ কৰিব লাগিব। নিম্নমানৰ প্লাষ্টিক, ৰবৰ আদিৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গছ-গছনি অধিক হাৰত ৰোপন কৰিব লাগিব।

পৰিশেষত ক’ব পাৰি যে আমি বিশ্ববাসীয়ে আজি পৰিবেশৰ প্ৰতি সচেতন হৈ যিকোনো ত্যাগৰ বিনিময়ত পৰিবেশৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সচেষ্ট হ’ব লাগিব। অন্যথা চলিত শতাব্দীৰ ভিতৰতে মানৱ সভ্যতাৰ অস্তিত্বলৈ চৰম দুৰ্যোগ নামি আহিব। 0 0 0

আপুনি ভাল পাব পাৰে:

পৰিবেশ প্ৰদূষণ ৰচনা

(ৰচনা ২)

ভূমিকা

আমাৰ চাৰিওফালৰ অৱস্থাই  পৰিৱেশ। ইয়াত আমাৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী অন্তৰ্ভুক্ত। পৰিবেশ মানে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থা। কিন্তু যেতিয়া এই অৱস্থা নষ্ট হয়, তেতিয়া সেয়া প্ৰদূষণ হয়। বৰ্তমান সময়ত, মানুহে বিভিন্ন কৃত্ৰিম আৰু ৰাসায়নিক বস্তু ব্যৱহাৰ কৰি পৰিবেশৰ স্বাভাৱিক অৱস্থা নষ্ট কৰিছে। এই সমস্যা আজিকালি গোটেই বিশ্বত দেখা যায়। ই মানৱ সভ্যতাৰ বাবে এক বড়ো সমস্যাৰ সৃষ্টি কৰিছে।

বায়ু প্ৰদূষণ

আমাৰ বায়ুমণ্ডল প্ৰধানকৈ পাঁচটা গেছৰ পৰা গঠিত। এই গেছবোৰ প্ৰকৃতিৰ দ্বাৰা নিৰ্দ্ধাৰিত অনুপাতে থাকে। অক্সিজেন গেছ মানুহৰ জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। অক্সিজেনৰ পৰিমাণ কম হ’লে স্বাস্থ্যৰ সমস্যা হয়। বৰ্তমান বায়ু প্ৰদূষণৰ পৰিসৰ বৃদ্ধি পাইছে। গছ-গছনি কাটি পেলোৱা আৰু কল-কাৰখানা আৰু গাড়ী-মটৰৰ ধোঁৱা বায়ু প্ৰদূষণৰ মূল কাৰণ।

ভূমি প্ৰদূষণ

ভূমি হৈছে খাদ্য উৎপাদনৰ উৎস। কিন্তু আজিকালি ভূমি প্ৰদূষণ বৃদ্ধি পাইছে। ভূমিত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে। প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰও ভূমি প্ৰদূষণৰ কাৰণ। প্লাষ্টিকৰ অৱশেষ ভূমিত সঞ্চিত হৈ ভূমিৰ গুণ নষ্ট কৰি আছে।

জল প্ৰদূষণ

জলক ‘জীৱন’ বুলি ধৰা হয়। কিন্তু আজিকালি বিশুদ্ধ জল পোৱা কঠিন। কল-কাৰখানা আৰু খেতিত প্ৰয়োগ কৰা কীটনাশক, মল-মূত্ৰৰ ফলত জল প্ৰদূষণ হৈছে। নদী, বিল, খাল আৰু সাগৰেও জল প্ৰদূষিত হৈছে।

শব্দ প্ৰদূষণ

বিজ্ঞানৰ উন্নতিৰ সৈতে শব্দ প্ৰদূষণ বৃদ্ধি পাইছে। যান-বাহন, প্লেন, যুদ্ধ জাহাজ, পাৰমাণৱিক বোমাৰ বিষ্ফোৰণ শব্দ প্ৰদূষণ বৃদ্ধি কৰিছে। এই শব্দ আমাৰ স্বাভাৱিক ক্ষমতাত প্ৰতিকূল প্ৰভাৱ ৰাখে।

প্ৰতিকাৰ আৰু সমাধান

পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে প্ৰত্যেকজনে পৰিবেশৰ প্ৰতি সচেতন থাকিব লাগিব। কল-কাৰখানা আৰু যান-বাহনৰ ধোঁৱা নিয়ন্ত্ৰিত কৰিব লাগিব। খেতিত ৰাসায়নিক সাৰ আৰু কীটনাশক কম ব্যৱহাৰ কৰিব লাগিব। প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। গছ-গছনি অধিক ৰোপণ কৰা উচিত।

উপসংহাৰ

বিশ্ববাসীয়ে পৰিবেশৰ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ সচেষ্ট হ’ব লাগিব। অন্যথা, মানৱ সভ্যতাৰ অস্তিত্বৰ সংকট আসন্ন। ০ ০ ০

বি. দ্র. উক্ত ‘পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan | Pollution Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

পৰিবেশ প্ৰদূষণ ৰচনা: প্রশ্নোত্তৰ

1. পৰিবেশ কি?

পৰিবেশ হৈছে আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদীৰ অৱস্থা। ই প্ৰকৃতিৰ স্বাভাৱিক অৱস্থা।

2. পৰিবেশ প্ৰদূষণ মানে কি?

পৰিবেশ প্ৰদূষণ মানে পৰিবেশৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষিত হোৱা অৱস্থা।

3. বায়ু প্ৰদূষণ কি কারণে ঘটে?

বায়ু প্ৰদূষণ হয় গছ-গছনি কাটি পেলোৱাৰ, গাড়ী-মটৰৰ ধোঁৱা, কল-কাৰখানা আৰু পাৰমাণৱিক বোমাৰ বিষ্ফোৰণৰ ফলত।

4. ভূমি প্ৰদূষণ কেনেকৈ হয়?

ভূমি প্ৰদূষণ হয় ৰাসায়নিক সাৰ, কীটনাশক আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰৰ ফলত।

5. জল প্ৰদূষণ কি কাৰণে ঘটে?

জল প্ৰদূষণ ঘটে কল-কাৰখানা, খেতিত কীটনাশক আৰু মল-মূত্ৰৰ ফলত। নদী, বিল আৰু সাগৰৰ পানীও প্ৰদূষিত হয়।

6. শব্দ প্ৰদূষণ কি কাৰণে হয়?

শব্দ প্ৰদূষণ হয় যান-বাহন, প্লেন, যুদ্ধ জাহাজ আৰু পাৰমাণৱিক বোমাৰ বিষ্ফোৰণৰ ফলত।

7. পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে কি কৰিব লাগিব?

পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে, পৰিবেশৰ প্ৰতি সচেতন হওক। কল-কাৰখানা আৰু যান-বাহনৰ ধোঁৱা নিয়ন্ত্ৰিত কৰক। খেতিত ৰাসায়নিক সাৰ কম ব্যৱহাৰ কৰক। প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰক।

8. গছ-গছনি কেনেকৈ পৰিবেশৰ সুৰক্ষা কৰে?

গছ-গছনি বায়ুৰ অক্সিজেনৰ পৰিমাণ বজাই ৰাখে আৰু ভূমি প্ৰদূষণ কমাই। গছ-গছনি অধিক ৰোপণ কৰা উচিত।

নোট: যদি আপুনি উক্ত পৰিবেশ প্ৰদূষণ ৰচনা | Paribesh Produkhan পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here