আপুনি যদি ‘শৰীয়ত কুইজ Shariah Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘শৰীয়ত কুইজ Shariah Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
শৰীয়ত কুইজ
প্ৰঃ শৰীয়ত কি?
উঃ ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ আল কোৰান আৰু হাদীছত মানৱ জাতিক উদ্দেশ্যি প্ৰণয়ন কৰা বিধি-বিধানমতে যাপন কৰিবলগা এক জীৱন ব্যৱস্থা। শৰীয়ত কুইজ
প্ৰঃ শৰীয়তৰ বিধান মুঠ কেইটা আৰু কি কি?
উঃ ইছলাম ধৰ্মমতে শৰীয়তৰ বিধান মুঠ আঠটা, যেনে– ফৰজ, ওৱাজিব, সুন্নত, মুস্তহাব, নফল, হাৰাম, হালাল আৰু মকৰুহ। শৰীয়ত কুইজ
প্ৰঃ ফৰজ কাক বোলে?
উঃ যিবোৰ কাম কোৰান আৰু হাদিছ মতে প্ৰতিজন মুছলমানে অৱশ্য পালন কৰিবলগীয়া (বাধ্যতামূলক) তাকে ফৰজ বোলে। ফৰজ কাম ত্যাগ কৰিলে গোনাহ (পাপী) হয় আৰু ফৰজক অস্বীকাৰ কৰোতাসকল কাফিৰ (অবিশ্বাসী) হয়।
প্ৰঃ ফৰজ কেই প্ৰকাৰৰ আৰু কি কি?
উঃ ফৰজ দুই প্ৰকাৰৰ, যেনে– ফৰজে আইন আৰু ফৰজে কেফায়া। শৰীয়ত কুইজ
প্ৰঃ ফৰজে আইন মানে কি?
উঃ ইছলামৰ যিবোৰ বিধি-বিধান প্ৰত্যেকজন প্ৰাপ্তবয়স্ক নৰ-নাৰীয়ে অৱশ্য পালন কৰিবলগীয়া (বাধ্যতামূলক) তাকে ফৰজে আইন বোলে। যেনে– পাঁচ ওৱাক্ত নামাজ, ৰমজান মাহৰ ৰোজা পালন ইত্যাদি। শৰীয়ত কুইজ
প্ৰঃ ফৰজে কেফায়া কাক বোলে?
উঃ ইছলাম ধৰ্মৰ যিবোৰ নীতি-নিয়ম, কাম-কাজ প্ৰতিজন মুছলমানে অৱশ্য কৰিবলগীয়া কিন্তু সকললোৰে হৈ কেইজনমান ব্যক্তিয়ে কৰিলেও আদায় হৈ যায় তাকে ফৰজে কেফায়া বোলে। যেনে– জানাজাৰ নামাজ, ইছলাম ধৰ্ম প্ৰচাৰ।
প্ৰঃ ওৱাজিব কাক বোলে?
উঃ ইছলামৰ যিবোৰ আদেশ পালন কৰিবলগীয়া কিন্তু হাদিছ আৰু কোৰাণত ফৰজ কাম বুলি সুস্পষ্টভাৱে উল্লেখ নাই, তেনে কামক ওৱাজিব বোলে। ওৱাজিব ফৰজৰ ওচৰা-ওচৰি। ইয়াক অস্বীকাৰ কৰিলে ফাচেক হয়।
প্ৰঃ সুন্নত কাক বোলে?
উঃ যিবোৰ কাম হজৰত মহম্মদ (ছাঃ) য়ে নিজে কৰিছে, চাহাবাসকলক কৰিবলৈ তাগিদ কৰিছে বা সমৰ্থন কৰিছে তেনে কামেবাৰক সুন্নত বোলে।
প্ৰঃ সুন্নত কেই প্ৰকাৰৰ আৰু কি কি?
উঃ সুন্নত দুই প্ৰকাৰৰ, যেনে– সুন্নতে মুৱাককাদ্দাহ আৰু সুন্নতে গায়িৰ মুৱাককাদ্দাহ।
প্ৰঃ সুন্নতে মুৱাককাদ্দাহ কাক কয়?
উঃ যিবোৰ কাম হুজুৰ (ছাঃ) য়ে প্ৰতিনিয়ত পালন কৰিছে আৰু তেখেতৰ অনুগামী চাহাবাসকলেও কৰিছে আৰু কেতিয়াও বিনা কাৰণত ত্যাগ কৰা নাই সেইবোৰ কাম-কাজকে সুন্নতে মুয়াকাকদ্দাহ বোলে। যেনে– ফজৰৰ দুই ৰাকাত সুন্নত নামাজ। শৰীয়ত কুইজ
প্ৰঃ সুন্নতে গায়েৰ মুৱাক্কাদাহ কাক বোলে?
উঃ যিবোৰ কাম হুজুৰ (ছাঃ) অধিকাংশ সময় কৰিছে আৰু কেতিয়াবা কেতিয়াবা বিনা কাৰণত ত্যাগ কৰিছে, সেইবোৰ কাম-কাজকে সুন্নতে গায়েৰ মুৱাক্কাদাহ বোলে। যেনে– আচৰৰ চাৰি ৰাকাত সুন্নত নামাজ।
প্ৰঃ মুস্তাহাব কাক বোলে?
উঃ যিবোৰ কাৰ্য কৰিলে পুণ্য হয়, কিন্তু নকৰিলে পাপা নহয় সেইবোৰ কামকে মুস্তাহাব বোলে।
প্ৰঃ নফল কাক বোলে?
উঃ নফল বুলিলে অতিৰিক্তি ইচ্ছাকৃত পুণ্যৰ কামক বুজায়। যেনে– চাছত আৰু ইছৰাকৰ নামাজ।
প্ৰঃ হাৰাম কাক বোলে?
উঃ যিবোৰ কাম কাজ ইছলামী বিধি-বিধান বিৰোধী আৰু অবৈধ বুলি স্পষ্টভাৱে নিষেধ কৰা আছে, তেনে কামক হাৰাম বোলে। যেনে– মদ পান কৰা, চুৰি কৰা, গিবত কৰা ইত্যাদি। শৰীয়ত কুইজ
প্ৰঃ হালাল কি?
উঃ যিবোৰ কাম বা খাদ্য, পানীয় আদি গ্ৰহণ কোৰান আৰু হাদিছৰ দ্বাৰা স্পষ্টভাৱে অনুমোদিত বা বৈধ তাকে হালাল বোলে। যেনে– গাখীৰ পান কৰা, মধুপান কৰা, ব্যৱসায় কৰা ইত্যাদি।
প্ৰঃ মকৰূহ কাক বোলে?
উঃ যিবোৰ কাম ত্ৰুটিপূৰ্ণ আৰু অপছন্দনীয় আৰু হাৰামৰ নিম্নস্তৰত নিষিদ্ধৰূপে গণ্য তাকে মকৰূহ বোলে।
প্ৰঃ মকৰূহ কেই প্ৰকাৰৰ আৰু কি কি?
উঃ মকৰূহ দুই প্ৰকাৰৰ যথা– (ক) মকৰূহ তানজিহী আৰু (খ) মকৰূহ তাহৰিমী। মকৰূহ তাহজিহী হালালৰ ওচৰা-ওচৰি, কৰিলে গুনাহ বা পাপ নহয়, কিন্তু নকৰা ভাল। আনহাতে মকৰূহ তাহৰিমী হাৰামৰ ওচৰা-ওচৰি, কৰিলে পাপ হয়।
প্ৰঃ গুনাহ কেই প্ৰকাৰৰ আৰু কি কি?
উঃ গুনাহ দুই প্ৰকাৰৰ। যথা– সগীৰা গুনাহ (সৰু গুনাহ) আৰু কবীৰা গুনাহ (ডাঙৰ গুনাহ)। সগীৰা গুনাহ কৰি ভাল কাম কৰিলে মাফ হয়, কিন্তু কবীৰা গুনাহ তওবাহ নকৰিলে মাফ নহয়। শৰীয়ত কুইজ
প্ৰঃ ফিকাহ কাক বোলে?
উঃ ইছলামী জীৱন ব্যৱস্থা সম্পৰ্কে কোৰাণ আৰু হাদিছৰ পৰা নিঃসৃত সিদ্ধান্তসমূহক ফিকাহ বোলে।
প্ৰঃ আকায়েদ কাক বোলে?
উঃ ধৰ্ম বিশ্বাস সম্পৰ্কে কোৰাণ আৰু হাদিছৰ পৰা যি নিঃসৃত হৈছে তাকে আকাদেয় বা ইলমে কালাম বোলে।
প্ৰঃ নাজাছাতে গলিজা বা হাদাসে আকবাৰ (ডাঙৰ নাপাক) কি?
উঃ যিবোৰ বস্তু বেয়া, অগ্ৰহণীয় বা গ্ৰহণ কৰা ক্ষতিকাৰক আৰু পাপ সেইবোৰকে নাজাছাতে গলিজা বা হাদাসে আকবাৰ (ডাঙৰ নাপাক) বোলে। যেনে– মানুহৰ মল-মূত্ৰ, বীৰ্য, হায়েজ নেফাছেৰ তেজ, প্ৰবাহমান তেজ, জন্তুৰ মল-মূত্ৰ, মদ প্ৰভৃতি নাজাছাতে গলিয়া।
প্ৰঃ নাজাছাতে খফিফা বা হাদাসে আছগাৰ (সৰু নাপাক) কি?
উঃ হালাল (বৈধ) জন্তুৰ প্ৰচাব আৰু সকলো প্ৰকাৰৰ চৰাইৰ বিষ্ঠা নাজাছাতে খফিফা বা হাদাসে আছগাৰ।
শৰীয়ত কুইজ
প্ৰঃ তালাক কাক বোলে?
উঃ ‘তালাক’ শব্দৰ সাধাৰণ অৰ্থ হ’ল ত্যাগ কৰা বা মুক্ত কৰি দিয়া। ইছলাম ধৰ্মত শব্দটি স্বামীয়ে স্ত্ৰীক ত্যাগ কৰা ক্ষেত্ৰত প্ৰয়োগ হয়। ইছলামী বিধান মতে স্বামী যদি ধেমালীত বা খঙবশতঃ তেওঁৰ স্ত্ৰীক কয় যে “তুমি মুক্ত বা তোমাক ত্যাগ কৰিলো” তেতিয়া তালাক হোৱা বুজায়। কথাষাৰ আনে শুনাকৈ কওঁক বা নিম্ন সুৰত কওঁক, স্ত্ৰীৰ উপস্থিতিত কওঁক বা অনুপস্থিতিত কওঁক সকলো অৱস্থাতে তালাক হৈ যাব।
প্ৰঃ তালাক কেই প্ৰকাৰৰ আৰু কি কি?
উঃ তালাক তিনি প্ৰকাৰৰ, যথা– (ক) তালাকে ৰেজয়ী, (খ) তালাকে বায়েন আৰু (গ) তালাকে মোগাল্লাযা।
প্ৰঃ তালাকে ৰাজয়ী কাক বোলে?
উঃ স্বামীয়ে যদি স্ত্ৰীক একেলগে স্পষ্টভাৱে বা পৃথক দুই শব্দত স্ত্ৰীক উদ্দেশ্যি ‘তালাক’ শব্দটি দুইবাৰ উচ্চাৰণ কৰে, তেনে তালাকক তালাকে ‘ৰেজয়ী’ বোলে। তালাকে ৰেজয়ীত বৈবাহিক সম্পৰ্ক ছিন্ন নহয়। ইচ্ছা কৰিলে স্বামী সেই স্ত্ৰীকে বিবাহ নদোহৰায়ো স্ত্ৰী হিচাপে ৰাখিব পাৰে।
প্ৰঃ তালাকে বায়েন কাক বোলে?
উঃ ‘তালাকে বায়েন’ তালাকে ৰাজয়ীৰ ওপৰত। এনে তালাকত বৈবাহিক সম্পৰ্ক সম্পূৰ্ণভাৱে ছিন্ন হৈ যায়। এনে তালাক দিয়া স্ত্ৰীক স্বামীয়ে পুনৰাই গ্ৰহণ কৰিব বিচাৰিলে বিবাহ দোহৰাব লাগিব। অন্যথা সেই নাৰী তেওঁৰ বাবে বৈধ নহয়।
প্ৰঃ তালাকে মোগাল্লাযা কাক বোলে?
উঃ তিন তালাকক তালাকে মোগাল্লাযা বোলে। এনে তালাকত বৈবাহিক সম্পৰ্ক সম্পূৰ্ণৰূপে ছিন্ন হৈ যায়। এনে তালাকত বিয়া দোহৰালেও সেই স্ত্ৰীক ৰখা জায়েজ নহয়। 0 0 0
Shariah Quiz
Q. What is Shariah?
A. It is a way of life to be followed by the rules and regulations prescribed for mankind in the holy books of Islam, the Qur’an and Hadith.
Q. What are the other provisions of Shari’ah?
A. According to Islam, there are eight provisions of Shari’ah, namely, Farz, Owajib, Sunnah, Mustahab, Nafal, Haram, Halal and Makruh. Shariah Quiz
Q. What is obligatory?
A: Those things which are obligatory for every Muslim according to the Qur’an and Hadith are called obligatory. Forsaking the obligatory deeds is a sin and those who deny the obligatory deeds are disbelievers.
Q. How many types of obligations are there and what are they?
A. There are two types of obligations, such as obligatory law and obligatory expiation. Shariah Quiz
Q. What does Farje Law mean?
A. The laws of Islam which are compulsory for every adult man and woman are called obligatory laws. For example, five times prayer, fasting in the month of Ramadan, etc. Shariah Quiz
Q. What is the obligatory kefaya?
A. The rules and regulations of Islam which are obligatory for every Muslim but are performed by a few persons on behalf of all are called obligatory kefaya. For example, funeral prayers, preaching Islam.
Q. What is an obligation?
A. Obligatory are those acts which are to be performed by the commandments of Islam but are not explicitly mentioned as obligatory in the Hadith and the Qur’an. The obligatory is close to the obligatory. Denial of it is fasheq.
Q. What is the Sunnah?
A: The Sunnah is the things that the Prophet Muhammad (peace and blessings of Allaah be upon him) himself did, urged or supported the Companions to do.
Q. How many types of Sunnah are there and what are they?
A. There are two types of Sunnah, namely, Sunnah Muwaqqaddah and Sunnah Muwaqqaddah of Ghayr.
Q. Who is called Muaqqaddah in the Sunnah?
A: The Sunnah calls the deeds that the Prophet (peace and blessings of Allaah be upon him) and his followers have done daily and never abandoned them without any reason. For example, the Sunnah prayer in two rak’ahs of Fajr. Shariah Quiz
Q. What is the Muwakkadah of the cow according to the Sunnah?
A: The Sunnah calls the deeds that the Prophet (peace and blessings of Allaah be upon him) did most of the time and sometimes abandoned without any reason. For example, the Sunnah prayer in four rak’ahs of ‘Asr.
Q. What is mustahabb?
A: Those actions that are virtuous but not sinful are called mustahabb.
Q. What is Nafal?
A. Nafal refers to additional deliberate acts of merit. For example, the prayers of Chas and Israk.
Q. What is haraam?
A. Activities that are clearly forbidden and contrary to Islamic law are called haram. For example, drinking alcohol, stealing, gibbering, and so on. Shariah Quiz
Q. What is halal?
A. Halal is an act or consumption of food, drink, etc. that is clearly permitted or lawful by the Qur’an and Hadith. For example, drinking milk, drinking honey, doing business, and so on.
Q. What is Makrooh?
A. Makrooh is what is defective and undesirable and considered to be forbidden at the lowest level of haraam.
Q. How many types of makrooh and what are they?
A. There are two types of makrooh: (a) Makrooh Tanjihi and (b) Makrooh Tahrimi. Makrooh Tahjihi is close to halal, it is not a sin to do it, but it is better not to do it. On the other hand, makrooh tahrimi is close to haraam, and it is a sin to do so.
Q. How many types of sins and what are they?
A. There are two kinds of sins. These are the Sagira Gunah (minor sin) and the Kabira Gunah (major sin). Sagira sins are forgiven if you do good deeds, but Kabira sins are not forgiven if you do not repent. Shariah Quiz
Q. What is Fiqh?
A. Fiqh is the conclusions derived from the Qur’an and Hadith about the Islamic way of life.
Q. What is Akaed?
A. What has emerged from the Qur’an and Hadith about religion and belief is called ‘Aqada’ or ‘Ilme Kalam’
Q. What is Najasat Galijah or Hadassah Akbar (Great Uncleanness)?
A. Things that are bad, unacceptable or harmful and sinful to eat are called najasat-e-galiza or hadas-e-akbar (great impurity). For example, human feces, semen, menstrual blood, flowing blood, animal feces, alcohol, etc.
Q. What is Najasat Khafifa or Hadas Asgar (small impurity)?
A. The urine of halal (lawful) animals and the droppings of all kinds of birds are najasat khafifa or hadas asgar.
Shariah Quiz
Q. What is divorce?
A. The word ‘divorce’ generally means to abandon or set free. In Islam, the term is used to refer to the divorce of a husband by his wife. According to Islamic law, if a husband jokingly or angrily says to his wife, “You are free or I have abandoned you,” it means divorce. Whether the words are said in the hearing of others or in a low tone, in the presence of the wife or in her absence, divorce will be obtained under all circumstances.
Q. How many types of divorce and what are they?
A. There are three types of talaq, namely (a) talake rejoy, (b) talake bayen and (c) talake mogallaya.
Q. What is a divorcee?
A. If the husband utters the word ‘divorce’ twice to the wife, either clearly or in two separate words, such a divorce is called ‘rejoy’ Divorce does not terminate the marital relationship. If the husband wishes, he can keep the woman as his wife without remarrying her.
Q. What is a divorced sister-in-law?
A. ‘Talake Bayen’ is on the divorce of the wife. In such a divorce, the marital relationship is completely severed. If the husband wishes to remarry such a divorced woman, the marriage must be repeated. Otherwise, the woman is not valid for him.
নোট: যদি আপুনি উক্ত ‘শৰীয়ত কুইজ Shariah Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
শৰীয়ত কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






