Home Literary Criticism আমৰ বিন কুলছুম | Amar bin Kulthum

আমৰ বিন কুলছুম | Amar bin Kulthum

0

আমৰ বিন কুলছুম  | Amar bin Kulthum

আমৰ বিন কুলছুম  Amar bin Kulthum

আমৰ বিন কুলছুম | Amar bin Kulthum

আমৰ বিন কুলছুম: চমু পৰিচয়:

প্ৰাক-ইছলামী যুগৰ প্ৰধান মুৱাল্লাকা কবিসকলৰ মাজৰ এজন আছিল আমৰ বিন কুলছুম। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবু আব্বাছ আমৰ বিন কুলছুম। তেওঁ আৰবৰ বিখ্যাত তাঘলিব গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্মকাল সম্পৰ্কে সঠিককৈ জনা নাযায় যদিও তেওঁ ষষ্ঠ শতিকাৰ প্ৰথম দহকত বা পঞ্চম শতিকাৰ শেষ দহকত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল কুলছুম বিন মালিক। তেওঁ আছিল মেচোপটেমিয়াৰ এজন অশ্বাৰোহী সৈনিক। তেওঁৰ মাকৰ নাম আছিল লায়লা। তাই আছিল বিখ্যাত বাছুচ যুদ্ধৰ নায়ক বিখ্যাত মুহালহালৰ কন্যা। এই মুহালহাল আছিল এজন প্ৰখ্যাত বীৰ আৰু কবি। তেওঁক আৰবী কাছিদাৰ জন্মদাতা বুলি কোৱা হয়।  কথিত আছে যে আল মুহালহালৰ কাছিদাক কেন্দ্ৰ কৰিয়েই বিখ্যাত বাছুচ যুদ্ধৰ সূচনা হৈছিল। 
 
আমৰ বিন কুলছুম সৰুৰে পৰা যুদ্ধ আৰু গোত্ৰীয় বিবাদময় পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিল। সেয়ে তেওঁ সৰুকালৰ পৰাই  যুদ্ধ বিদ্যাত পাৰ্গত হৈ উঠে আৰু তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ বাবে নিজ গোত্ৰই মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁক দলনেতা নিৰ্বাচন কৰে। মাক-বাপেকৰ পৰা তেওঁ আত্মমৰ্যদাবোধ আৰু স্বাধীনচেতীয়া গুণ লাভ কৰিছিল। কথিত আছে যে তাঘলিব গোত্ৰৰ লোকসকল ইমানেই আত্মমৰ্যদাশালী আছিল যে সিহঁতে অসন্মানজনক যিকোনো ব্যৱহাৰৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিছিল। এই কথা জানিব পাৰি এবাৰ হীৰাৰ ৰজা আমৰ বিন হিন্দে আমৰ বিন কুলছুমৰ মাতৃ লায়লাক ৰাজসভালৈ মাতি পঠায় আৰু ৰাণীক আলপৈচান ধৰিবলৈ লগাই দিয়ে। কিন্তু আত্মমৰ্যদাবোধ থকা লায়লাই সেয়া অস্বীকাৰ কৰে আৰু মৰ্যাদা ৰক্ষাৰ বাবে আমৰ বিন কুলছুমক চিঞৰি মাতে। ইয়াতে আমৰ বিন কুলছুমে খোলা তৰোৱাল হাতত লৈ নিজৰ মাতৃক তাৰ পৰা উদ্ধাৰ কৰি উভতি আহে। এই ঘটনাৰ পিছত আমৰ বিন কুলছুমৰ বীৰত্ব চাৰিওদিশে বিয়পি পৰে।
 
তেওঁ এশ বছৰৰো অধিক কাল জীয়াই থাকি ৬৬১ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰে।

 

আমৰ বিন কুলছুম: কাব্যিক প্ৰতিভা

আমৰ বিন কুলছুম আছিল বিখ্যাত মুৱাল্লাকা কবিসকলৰ মাজৰ এজন। তেওঁ কিমান কবিতা ৰচনা কৰিছিল জনা নাযায়। কিন্তু এয়া সত্য যে তেওঁ কোনো বৃত্তিধাৰী কবি নাছিল। তেওঁ কদাচিতহে কবিতা ৰচনা কৰিছিল। তেওঁৰ ৰচনাৰ মাত্ৰ সামান্য অংশহে সংৰক্ষিত আছে।  প্ৰেম, বংশ গৌৰৱ, যুদ্ধ আদি তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল। তেওঁৰ কবিতাসমূহৰ ভিতৰত মুৱাল্লাকা কবিতাটো বিখ্যাত। কবিতাটোত এহেজাৰতকৈও অধিক শাৰী আছিল বুলি ধাৰণা কৰা হয়। এই কবিতাটোৰ জৰিয়তেই কবি হিচাপে তেওঁৰ নাম ৰৈ বৈ গৈছিল। তেওঁৰ গোত্ৰৰ লোকসকলে কবিতাটো অতি শ্ৰদ্ধাৰ সৈতে জাতীয় বীৰত্বৰ প্ৰতীক হিচাপে বিবেচনা কৰি মুখস্থ কৰি ৰাখিছিল।
 
আমৰ বিন কুলছুমে তেওঁৰ বিখ্যাত মুৱাল্লাকা কবিতাটো পৰম্পৰাগত নীতিমতে প্ৰেমৰ কাহিনীৰে আৰম্ভ কৰিছে। ইয়াত প্ৰেয়সীৰ সতে কবিৰ বিচ্ছেদ-বেদনা মূৰ্ত হৈ উঠিছে। কবিতাটি আৰম্ভ হৈছে এইদৰে, “হে মোৰ প্ৰেয়সী বিদায়ৰ সময়ত তুমি মোক উত্তম সুৰা পান কৰাই যোৱা যাতে পাহৰিব পাৰো তোমাৰ সতে মোৰ বিৰহৰ বেদনা।” ইয়াৰ পিছত কবিয়ে প্ৰেয়সীৰ শাৰীৰিক সৌন্দৰ্য বৰ্ণনা দিছে। এই বৰ্ণনা অতিকৈ কাব্যিক আৰু আবেদনময়ী। তেওঁ প্ৰেয়সীৰ বিভিন্ন অংগৰ বৰ্ণনা দিছে এনেদৰে-
 
“বাহু দুটা বাঁজী উটনীৰ দৰে পূৰঠ,
স্তনযুগল উন্নত, স্পৰ্শহীন আৰু সুকোমল
নূপুৰ পিন্ধা ভৰি, হাতীৰ দাঁতেৰে নিৰ্মিত নালৰ দৰে উজ্জ্বল
বিচ্ছেদ-বেদনাত তেওঁ হৈ পৰিছে পোৱালী হেৰুৱা উটনী 
আৰু সন্তান হেৰুৱা মাতৃৰ দৰে।”
 
ইয়াৰ পিছত কবিয়ে হীৰাৰ ৰজা আমৰ বিন হিন্দৰ বীৰত্ব, শৌৰ্য-বীৰ্যৰ বৰ্ণনা দাঙি ধৰি নিজ গোত্ৰৰ বল-বিক্ৰম  আৰু  বীৰ যোদ্ধাসকলৰ প্ৰশংসা কীৰ্তন কৰিছে।
 
কবিতাটিৰ শেষাংশত তেওঁৰ গোত্ৰই যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাৰ বিৱৰণ দিছে আৰু কৈছে যে সিহঁতে কম নোম থকা ঘোঁৰাহে পছন্দ কৰে যিবোৰে যুদ্ধ জয় কৰি শত্রূ পক্ষৰ ঘোঁৰা, তৰোৱাল আৰু বন্দীসকলকলৈ উভতি আহে। সিহঁতৰ বীৰ যোদ্ধাসকল ইমানেই শক্তিশালী যে সিহঁতে সকলো শক্তিকে প্ৰতিহত কৰিব পাৰে আৰু য’তেই ইচ্ছা ত’তেই প্ৰভূত্ব বিস্তাৰ কৰিব পাৰে।
 
এনদৰে কবি আমৰ বিন কুলছুমে তেওঁৰ মুৱাল্লাকা কবিতাত প্ৰেম প্ৰণয়ৰ বিৰহ-বেদনা, হীৰাৰ ৰজাৰ গুণ-গান, নিজ বংশৰ শৌৰ্য-বীৰ্য আদিৰ বিস্তাৰিত বৰ্ণনা  অতি নিপুনতাৰ সৈতে ফুটাই তুলিছে।
 
তেওঁৰ মুৱাল্লাকাৰ ভাষা অতিকৈ মনোগ্ৰাহী, সুৱলা, অৰ্থব্যঞ্জক আৰু বৈচিত্ৰময় কল্পচিত্ৰৰে সজ্জিত।
 
সামৰিণত ক’ব পাৰি যে কবি হিচাপে আমৰ বিন কুলছুম আছিল এক শক্তিশালী কাব্যিক শক্তিৰ অধিকাৰী যি শক্তি তেওঁৰ মুৱাল্লাকা কবিতাত মূৰ্ত (স্পষ্ট) হৈ উঠিছে। এই কবিতাটোৰ বাবেই তেওঁ যুগ যুগ ধৰি কাব্যপ্ৰেমী পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি আছে। ০ ০ ০.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..
 
 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here