ইউৰি গাগাৰিন | Uri Gagarin

0

ইউৰি গাগাৰিন | Uri Gagarin

ইউৰি গাগাৰিন Uri Gagarin

 

ইউৰি গাগাৰিন | Uri Gagarin

ইউৰি গাগাৰিন (Yuri Gagarin) আছিল ছোভিয়েট বায়ু সেনা বাহিনীৰ বিমান চালক আৰু বিশ্বৰ প্ৰথমজন মহাকাশচাৰী। ১৯৩৪ চনৰ ৯ মাৰ্চত ছোভিয়েট ৰাছিয়াৰ কুছিনো নামে ঠাইত তেওঁৰ  জন্ম হয়। সম্পূৰ্ণ নাম ইউৰি আলেক্সিভিছ গাগাৰিন। বিদ্যালয়ৰ সাধাৰণ শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত কাৰিকৰী বিদ্যালয়ত ধাতু ঢালাই আৰু সংশ্লিষ্ট অন্যান্য বৃত্তিৰ শিক্ষা গ্ৰহণ কৰে। পিছত বিমান চালনৰ  প্ৰশিক্ষণ লৈ ১৯৫৭ চনত ছোভিয়েট বিমান বাহিনীৰ বিমান চালক হিচাপে কাৰ্মজীৱন আৰম্ভ কৰে। ১৯৬০ চনত গাগাৰিন মহাকাশ যাত্ৰাৰ শিক্ষানবীচ হিচাপে নিৰ্বাচিত হয়। ১৯৬১ চনৰ ১২ এপ্ৰিলত ‘ভস্তক’ নামৰ মহাকাশযানত তেওঁ মহাকাশলৈ যাত্ৰা কৰে। মহাকাশত তেওঁ ১ ঘণ্টা ৪০ মিনিটৰ সময় কটাই পৃথিৱীৰ প্ৰথমজন মহাকাশচাৰীৰ সন্মান অৰ্জন কৰে। এই সময়ছোৱাত ‘ভস্তক’ যানখনেৰে তেওঁ পৃথিৱীক সম্পূৰ্ণ এবাৰ প্ৰদক্ষিণ কৰিছিল। ইয়াৰ বাবে তেওঁক ছোভিয়েক ৰাচিয়াৰ ‘অৰ্ডাৰ অব্‌ লেনিন’ সন্মান প্ৰদান কৰা হয়।

মহাকাশ বিজয়ৰ পাছত গাগাৰিন মহাকাশযাত্ৰাৰ ছোভিয়েট পৰিকল্পনাসমূহৰ পৰামৰ্শদাতা আৰু প্ৰশিক্ষকৰ দায়িত্বত নিযুক্ত হয়। ১৯৬৮ চনৰ ২৭ মাৰ্চত এক বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

.

বি. দ্র. উক্ত ‘ইউৰি গাগাৰিন | Uri Gagarin ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here