Home Amplification পক্ষী মৰে ৰৈ মানুহ মৰে কৈ — ভাব সম্প্রসাৰণ | Pokhi More...

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ — ভাব সম্প্রসাৰণ | Pokhi More Roi

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ --- ভাব সম্প্রসাৰণ

0
পক্ষী মৰে ৰৈ মানুহ মৰে কৈ
পক্ষী মৰে ৰৈ মানুহ মৰে কৈ

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ – ভাব সম্প্রসাৰণ

‘পক্ষী মৰে ৰৈ মানুহ মৰে কৈ’ — কথাষাৰ অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এটি প্ৰৱচন। আগ-গুৰি নভবাকৈ কাম কৰা বা কথা কোৱাৰ পৰা যে মানুহৰ বিপদ হ’ব পাৰে তাকে বুজাবলৈ উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়।

পক্ষী অৰ্থাৎ চৰাইৰ মাংস বৰ সোৱাদলগা। সেয়ে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে। কিন্তু গছৰ ডালত বহি থকা চৰাই আমি সহজে চিকাৰ কৰিব পাৰো। অৰ্থাৎ চৰাই এটিয়ে বহি থকা বা জিৰণি লৈ থকা অৱস্থাতহে চিকাৰীৰ কাঁড়ৰ আঘাতত মৰা পৰে। কিন্তু চৰাই যদি নিজৰ শত্ৰুৰ প্ৰতি সচেতন থাকে, তেন্তে কোনো চিকাৰীয়ে সহজে ইয়াক চিকাৰ কৰিব নোৱাৰে। সেইদৰে মানুহে নিজৰ বা আনৰ গোপনীয় বিষয় কথাৰ চলেৰে ব্যক্ত কৰি ভাল পায়। পিছত গোপনীয়তা ভংগ কৰাৰ বাবে তেওঁ বিপদতো পৰে বা শত্ৰুয়ে সহজে অঘটন ঘটায়। বহু সময়ত গোপনীয় কথা ব্যক্ত কৰাৰ বাবে  জীৱনো নাশ হ’ব পাৰে। সেয়ে কোৱা হয় যে চৰাইয়ে যিদৰে গছৰ ডালত ৰৈ থকাৰ  সময়ত বিপদত পৰে, সেইদৰে মানুহে নিজৰ গুপুত কথা ব্যক্ত কৰি বিপদত পৰে। ০ ০ ০

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here