Home Amplification সোণৰ জেউতি অমান্য কৰিলে নকমে–ভাব সম্প্ৰসাৰণ

সোণৰ জেউতি অমান্য কৰিলে নকমে–ভাব সম্প্ৰসাৰণ

সোণৰ জেউতি অমান্য কৰিলে নকমে

0
সোণৰ জেউতি অমান্য কৰিলে নকমে — ভাব সম্প্ৰসাৰণ
সোণৰ জেউতি অমান্য কৰিলে নকমে

সোণৰ জেউতি অমান্য কৰিলে নকমে

সোণৰ জেউতি অমান্য কৰিলে নকমে — ভাব সম্প্ৰসাৰণ

মূল্যৱান বস্তুক উলাই কৰিলেই যে তাৰ গুণ বা মূল্য নকমে তাকে ব্যক্ত কৰিবলৈ উক্ত কথাফাকি  উদ্ধৃত কৰা হয়।

সোণ এবিধ বহুমূলীয়া ধাতু। ইয়াৰ  উজ্জ্বলতা আৰু  দুষ্প্রাপ্যতাৰ  বাবে  মানুহে ইয়াক বৰ মূল্যৱান ধাতু বুলি বিবেচনা কৰে। সোণক মূল্যৱান স্থাবৰ সম্পদ বুলিও ধৰা হয়। সোণৰ দ্বাৰা মানুহে মূল্যৱান আ-অলংকাৰ তৈয়াৰ কৰে। দেশ এখনৰ অৰ্থনৈতিক দিশটোও সোণৰ জৰিয়তে মূল্যায়ন কৰা হয়। আন্তৰ্জাতিক বিনিময়ৰ ক্ষেত্ৰতো সোণ ব্যৱহাৰ কৰা হয়। সেয়ে সোণৰ চাহিদা যথেষ্ট। এনেকুৱা মূল্যৱান ধাতু এবিধক কোনোবাই অমান্য কৰিলেও বা ইয়াৰ গুণক অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য নকমে। ঠিক সেইদৰে  গুণবান মানুহৰ কোনো গুণক কোনোবাই অমান্য কৰিলেও বা অস্বীকাৰ কৰিলেও ব্যক্তিজনৰ গুণৰ কোনো ক্ষতি নহয় বা হ্র্রাস  নাপায়। 

সেয়ে গুণৱান বস্তুৰ গুণক স্বীকাৰ কৰি লোৱাই  জ্ঞানীৰ পৰিচায়ক। 0 0 0

সোণৰ জেউতি অমান্য কৰিলে নকমে — ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here