Home Quiz হজৰত ইব্রাহিম কুইজ

হজৰত ইব্রাহিম কুইজ

0

হজৰত ইব্রাহিম কুইজ

হজৰত ইব্রাহিম কুইজ

 

হজৰত ইব্রাহিম কুইজ

হজৰত ইব্রাহিম কুইজ

প্ৰঃ হজৰত ইব্রাহিম (আঃ) কিমান বছৰ আগতে ক’ত জন্ম গ্ৰহণ কৰিছিল?

উঃ হজৰত ইব্রাহিম (আঃ) খ্ৰীষ্টপূৰ্ব 2100-2200 চনৰ ভিতৰত বেবিলনৰ ফাদ্দানে-আৰাম নামৰ উৰ নামে এক গাওঁত নূহ (আঃ)ৰ পুত্ৰ শামৰ আঠ পুৰুষ পিছত জন্ম গ্ৰহণ কৰিছিল।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ পিতাৰ নাম কি আছিল?

উঃ পিতাৰ নাম তাৰেখ আজৰ আৰু মাকৰ নাম আছিল আদনা।

প্ৰঃ  তাৰেখ আজৰৰ বৃত্তি কি আছিল?

উঃ মূৰ্তি নিৰ্মাণ কৰা।

প্ৰঃ নমৰুদৰ ভয়ত আজৰৰ স্ত্ৰী ক’ত কিমান বছৰ লুকাই আছিল?

উঃ এক পৰ্বতৰ গুহাত, 7 বছৰ।

প্ৰঃ ইব্রাহিম (আঃ)ৰ দিনত কোনজন ৰজাই নিজকে খোদা দাবী কৰিছিল?

উঃ বেবিলনৰ ৰজা নমৰুদ।

প্ৰঃ কিমান বছৰ বয়সত হজৰত ইব্রাহিম (আঃ)ক  নমৰুদৰ নিৰ্দেশত প্ৰকাণ্ড অগ্নিকাণ্ডত পেলাই দিয়া হৈছিল?

উঃ 16  বা  26 বছৰ বয়সত।

প্ৰঃ অগ্নিকাণ্ডত হজৰত ইব্রাহিম কিমান দিন আছিল?

উঃ 40 দিন।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) অগ্নিকুণ্ডৰ পৰা বাহিৰ হৈ কাৰ লগত ক’লৈ হিজৰত কৰিছিল?

উঃ  স্ত্ৰী ছাৰা আৰু লুত নামেৰে ভাতৃপুত্ৰক লগত লৈ ফিলিষ্টাইনলৈ হিজৰত কৰিছিল।

প্ৰঃ নমৰুদ কিমান বছৰ ৰাজত্ব কৰিছিল?

উঃ 1000 বছৰ।

প্ৰঃ নমৰুদৰ মৃত্যু কেনেদৰে হৈছিল?

উঃ ম’হৰ কামোৰ আৰু জুতাৰ কোৱা খাই।

প্ৰঃ  হজৰত ইব্রাহিম (আঃ)ৰ কেইজন স্ত্ৰী আছিল?

উঃ 3 জনী।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কেইজন সন্তান আছিল?

উঃ 3 জন। যথা– ইছহাক, ইছমাইল আৰু মিদয়ান।

প্ৰঃ কিয়ামতৰ পিছত পুনৰুত্থানৰ দিনা আল্লাহই পোন প্ৰথমতে কাক কাপোৰ পিন্ধাব?

উঃ হজৰত ইব্রাহিম (আঃ)ক।

প্ৰঃ সৰ্বপ্ৰথম কোনে খাতনা (পুৰুষাঙ্গৰ ছালৰ অগ্ৰভাগ ছেদন) কৰিছিল?

উঃ হজৰত ইব্রাহিম আল্লাইহে ছাল্লাম।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) নবুয়ত পাই পোন প্ৰথমতে কাক ইছলামলৈ আহ্বান জনাইছিল?

উঃ নিজৰ পিতা তাৰেখ আজৰক।

প্ৰঃ হজৰত ইব্রাহিম (আঃ) ক’ত ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল?

উঃ ইৰাক, মিছৰ, ছিৰিয়া, ফিলিষ্টাইন আৰু বহুতো ঠাইত।

প্ৰঃ হজৰত ইব্রাহিম (আঃ)ৰ কিমান বছৰ বয়সত ইছমাইল (আঃ) জন্ম গ্ৰহণ কৰে?

উঃ 86 বছৰ বয়সত। হজৰত ইব্রাহিম কুইজ

প্ৰঃ হজৰত ইব্রাহিম আৰু তেখেতৰ স্ত্ৰী হজৰত ছাৰাৰ কিমান বছৰ বয়সত ইছহাক (আঃ)ৰ জন্ম হয়?

উঃ যথাক্ৰমে 100 বছৰ আৰু 90 বছৰ।

প্ৰঃ কাবা গৃহ পুনঃ নিৰ্মাণৰ সময়ত ইব্রাহিম (আঃ) আৰু ইছমাইল (আঃ)ৰ বয়স কিমান আছিল।

উঃ ইব্রাহিম আঃ) ৰ বয়স আছিল 106 বছৰ আৰু ইছমাইল (আঃ)ৰ বয়স আছিল 20।

প্ৰঃ হজৰত ইব্রাহিম  (আঃ) কিমান বছৰ জীয়াই আছিল?

উঃ 176 বছৰ। 

প্ৰঃ হজৰত ইব্রাহিম  (আঃ) ৰ কবৰ ক’ত আছে?

উঃ বৰ্তমান পেলেষ্টাইনৰ খলিলিয়া চহৰত। 0 0 0

হজৰত ইব্রাহিম কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

হজৰত ইব্রাহিম কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here